August 28, 2024 9:53 AM

ৰাজ্যসভাৰ উপনির্বাচনত বিজেপিৰ ৯, এন ডি এ মিত্ৰজোঁটৰ ২, কংগ্ৰেছৰ এগৰাকী প্রার্থী বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত

ৰাজ্যসভাৰ উপনির্বাচনত বিজেপিৰ ৯গৰাকী এন ডি এ মিত্ৰজোঁটৰ দুগৰাকী আৰু কংগ্ৰেছৰ এগৰাকী প্রার্থী বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱা বিজেপিৰ প্ৰাৰ্থীসকলৰ ভিতৰত অসমৰ মিছন ৰঞ্জন দাস আৰু ৰামেশ্বৰ তেলী, বিহাৰৰ পৰা মনন কুমাৰ মিশ্র, হাৰিয়ানাৰ পৰা কিৰণ চৌধুৰী, মধ্যপ্...

August 27, 2024 8:18 PM

ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ সংঘৰ্ষক লৈ নৰেন্দ্ৰ মোদী আৰু ভ্লাদিমীৰ পুটিনৰ মত বিনিময়

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমীৰ পুটিনৰ সৈতে টেলিফোনযোগে কথা পাতে আৰু ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ সংঘৰ্ষক লৈ মত বিনিময় কৰে। শ্ৰীমোদীয়ে সামাজিক মাধ্যমযোগে কয় যে, তেওঁ শ্ৰীপুটিনৰ সৈতে বিশেষ দ্বিপাক্ষিক সম্পর্ক সুদৃঢ় কৰাৰ বিষয়ে কথা পাতে। প্রধানমন্ত্রীয়ে লগতে শেহতীয়...

August 27, 2024 8:16 PM

দিল্লীত আজি ভাৰত-ব্রাজিল যুটীয়া আয়োগৰ নৱম বৈঠকত উদ্বোধন

বিদেশ মন্ত্ৰী ডº এছ জয়শংকৰে ব্ৰাজিলৰ জি টুৱেণ্টি অধ্যক্ষতাৰ প্ৰতি ভাৰতৰ পূৰ্ণ সমর্থনৰ কথা দোহাৰিছে। দিল্লীত আজি অনুষ্ঠিত ভাৰত-ব্রাজিল যুটীয়া আয়োগৰ নৱম বৈঠকত উদ্বোধনী ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে ন্যায়পূৰ্ণ বিশ্ব আৰু পৃথিৱীৰ বহনক্ষম বিকাশৰ বাবে ব্ৰাজিলৰ অনন্য উদ্যমৰ ভূয়সী প্ৰশংসা কৰে। তেওঁ কয...

August 27, 2024 8:15 PM

নতুন দিল্লীত কাইলৈ আৰক্ষী গৱেষণা আৰু উন্নয়ন ব্যুৰ’ৰ ৫৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে কাইলৈ নতুন দিল্লীত আৰক্ষী গৱেষণা আৰু উন্নয়ন ব্যুৰ'ৰ ৫৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন সমাৰোহত অংশগ্ৰহণ কৰিব। এই উপলক্ষে গৃহ মন্ত্ৰীগৰাকীয়ে নতুন ফৌজদাৰী আইন-জনসাধাৰণকেন্দ্ৰিক সংস্কাৰ সন্দৰ্ভত ড০ আনন্দ স্বৰূপ গুপ্তা স্মাৰক বক্তৃতা প্ৰদান কৰিব। তেওঁ লগতে ২০২৩ আৰু ২০২৪...

August 27, 2024 8:07 PM

ভাৰত ৰাষ্ট্ৰ সমিতি বি আৰ এছৰ নেত্ৰী কে কবিতাক জামিন প্ৰদান উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে আজি দুৰ্নীতি আৰু দিল্লী সুৰা নীতি কেলেংকাৰী সম্পৰ্কীয় কলাধন বৈধকৰণৰ গোচৰত ভাৰত ৰাষ্ট্ৰ সমিতি বি আৰ এছৰ নেত্ৰী কে কবিতাক জামিন প্ৰদান কৰে। ন্যায়াধীশ বি আৰ গৱাই আৰু কে ভি বিশ্বনাথক লৈ গঠিত এখন বিচাৰপীঠে কয় যে, কবিতা প্ৰায় ৫ মাহ ধৰি কাৰাগাৰত আছে আৰু কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি...

August 27, 2024 8:05 PM

আগন্তুক হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ বাবে মিত্ৰজোটৰ কথা ঘোষণা জে জে পি আৰু এ এছ পি দলৰ

জননায়ক জনতা পাৰ্টী আৰু আজাদ সমাজ পাৰ্টী আগন্তুক হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ বাবে মিত্ৰজোটৰ কথা ঘোষণা কৰিছে। যুটীয়াভাৱে দিল্লীত আয়োজন কৰা এখন সংবাদমেল সম্বোধন কৰি জে জে পি দলৰ নেতা দুশন্ত সিং চৌতালা আৰু এ এছ পিৰ সভাপতি চন্দ্ৰশেখৰ আজাদে আজি এই কথা ঘোষণা কৰে। এই মিত্ৰজোটে হাৰিয়ানাত মুঠ ৯০ টা বিধান...

August 27, 2024 7:47 PM

অহা ৮ আৰু ৯ ছেপ্তেম্বৰত ভূপেন হাজৰিকা ৯৮ সংখ্যক জন্মদিনটো সমন্বয় দিৱস উদযাপন

ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সহযোগত বৰেণ্য শিল্পীগৰাকীৰ ৯৮ সংখ্যক জন্মদিনটোত অহা ৮ আৰু ৯ ছেপ্তেম্বৰত সমন্বয় দিৱস হিচাপে উদযাপন কৰিব। আজি গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদ মেলত ন্যাসে এই বিষয়ে প্ৰকাশ কৰে। দিৱসৰ সৈতে সংগতি ৰাখি ১ ছেপ্তেম্বৰত কলাক্ষেত্ৰৰ ডº বাণীকান্...

August 27, 2024 7:45 PM

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত বৰপেটা মহাবিদ্যালয়ত গ্ৰন্থমেলা অনুষ্ঠিত

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত বৰপেটা মহাবিদ্যালয়ত আজিৰ পৰা গ্ৰন্থমেলা অনুষ্ঠিত হয়। বৰপেটা মহাবিদ্যালয়ৰ প্ৰকাশ সাহিত্য গোটৰ সহযোগত তিনিদিনীয়াকৈ আয়োজিত গ্রন্থমেলাখন শিক্ষাবিদ তথা বৰপেটা মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি বাৰিন্দ্ৰ ভূঞাই উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমো...

August 27, 2024 7:44 PM

কেবিনেট সচিবৰ অধ্যক্ষতাত ৰাষ্ট্ৰীয় কাৰ্য বাহিনীৰ প্ৰথমখন বৈঠক আজি অনুষ্ঠিত

চিকিৎসা বৃত্তিত জড়িত লোকসকলৰ নিৰাপত্তা, সুৰক্ষা আৰু কাম কৰাৰ পৰিৱেশ সন্দৰ্ভত পৰামৰ্শ প্ৰদানৰ বাবে উচ্চতম ন্যায়ালয়ৰ বাবে গঠন কৰা ৰাষ্ট্ৰীয় কাৰ্য বাহিনী অর্থাৎ এন টি এফৰ প্ৰথমখন বৈঠক আজি কেবিনেট সচিবৰ অধ্যক্ষতাত অনুষ্ঠিত হয়। এই বৈঠকত কেন্দ্ৰীয় গৃহ সচিব আৰু স্বাস্থ্য সচিবকে ধৰি আটাইকেইগৰাকী সদস্য...

August 27, 2024 7:42 PM

নতুন দিল্লীৰ বিজ্ঞান ভৱনত কাইলৈ চলিত বছৰৰ অনুভৱ বঁটাসমূহ প্ৰদান

কেন্দ্ৰীয় কৰ্মচাৰী, ৰাজহুৱা ওজৰ-আপত্তি আৰু পেন্সন মন্ত্রী ডº জিতেন্দ্র সিঙে কাইলৈ নতুন দিল্লীৰ বিজ্ঞান ভৱনত চলিত বছৰৰ অনুভৱ বঁটাসমূহ প্ৰদান কৰিব। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এইবাৰ ২২টা মন্ত্ৰালয় আৰু বিভাগে প্ৰকাশ কৰা লেখাৰ মাজৰ পৰা পাঁচটা অনুভৱ বঁটাৰ বাবে নিৰ্বাচিত হোৱাৰ লগতে ১০টাই বিচাৰকৰ প্ৰমাণপত...