August 29, 2024 11:42 AM

ভাৰতীয় আৰক্ষী বিষয়া ৰাজৱিন্দ্ৰ সিং ভাটিক চি আই এছ এফৰ সঞ্চালক প্রধান হিচাপে নিযুক্তি

ভাৰতীয় আৰক্ষী বিষয়া ৰাজৱিন্দ্ৰ সিং ভাটিক কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী চি আই এছ এফৰ সঞ্চালক প্রধান হিচাপে নিযুক্তি দিয়া হৈছে। আনহাতে উত্তৰ প্ৰদেশ কেডাৰৰ ১৯৯০ চনৰ ভাৰতীয় আৰক্ষী বিষয়া দলজিৎ সিং চৌধুৰীক সীমান্ত সুৰক্ষা বাহিনী বি এছ এফৰ সঞ্চালক প্রধান হিচাপে নিযুক্তি দিয়া হৈছে। শ্ৰীচৌধুৰী বৰ্...

August 29, 2024 11:33 AM

ঝাৰখণ্ড মুক্তি মৰ্চাৰ পৰা প্ৰাক্তন মুখ্যমন্ত্রী চম্পাই চোৰেণৰ সকলো পদ ত্যাগ

ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্রী চম্পাই চোৰেণে হেমন্ত চোৰেন মন্ত্ৰীসভাৰ পৰা আৰু ঝাৰখণ্ড মুক্তি মৰ্চাৰ সকলো পদ ত্যাগ কৰিছে। ঝাৰখণ্ড মুক্তি মৰ্চাৰ সভাপতি শিবু চোৰেণলৈ লিখা এখন পত্ৰত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, কর্মশৈলী আৰু নীতিয়ে তেওঁৰ দল ত্যাগ কৰিবলৈ বাধ্য কৰাইছে।

August 29, 2024 11:21 AM

ধৰ্ষণ আৰু হত্যাৰ ঘটনাক সহ্য কৰা নহ’ব : ৰাষ্ট্ৰপতি

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মৱে কৈছে যে, কলকাতাৰ এগৰাকী চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ ঘটনাই সমগ্ৰ ৰাষ্ট্ৰকে জোকাৰি গৈছে আৰু সকলো লোকে আৰু সহ্য কৰা নহ'ব বুলি একেলগে কোৱাৰ সময় আহি পৰিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে কালি সামাজিক মাধ্যমযোগে এটা বিবৃতি শ্বেয়াৰ কৰি এইদৰে প্ৰকাশ কৰিছে। তেওঁ কয় যে, শেহতীয়াকৈ মহিল...

August 28, 2024 10:23 AM

বান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে কেন্দ্ৰীয় আন্তঃমন্ত্ৰালয়ৰ দল ত্ৰিপুৰালৈ ৰাওনা

গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিব বি চি যোশীৰ নেতৃত্বত এটা কেন্দ্ৰীয় আন্তঃমন্ত্ৰালয়ৰ দলে আজি ত্ৰিপুৰাৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে ৰাজ্যখন পৰিদৰ্শন কৰিব। এই দলটোত কৃষি, বিত্ত, জলশক্তি, গ্রামোন্নয়ন আৰু পথ পৰিবহন তথা ঘাইপথ মন্ত্ৰালয়ৰ মন্ত্ৰীসকল আছে। ত্ৰিপুৰাৰ ৰাজহ সচিব ব্রিজেছ পাণ্ডেই জনোৱা মতে ...

August 28, 2024 10:20 AM

পেৰিছত আজি ২০২৪ চনৰ পেৰালিম্পিক আনুষ্ঠানিকভাৱে আৰম্ভ

পেৰিছত আজি ২০২৪ চনৰ পেৰালিম্পিক আনুষ্ঠানিকভাৱে আৰম্ভ হ'ব। ৮ ছেপ্তম্বৰত এই প্রতিযোগিতাৰ সামৰণি পৰিব। ফ্রান্সে এইবাৰ প্ৰথমবাৰৰ বাবে গ্ৰীষ্মকালীন পেসৰালিম্পিকৰ আয়োজন কৰিছে। ইয়াৰ পূৰ্বে ১৯৯২ চনত দেশখনৰ শীতকালীন পেৰালিম্পিক অনুষ্ঠিত হৈছিল। এইবাৰৰ পেৰালিম্পিকত ভাৰতৰ ৮৪জনীয়া খেলুৱৈ দলে ভাগ ল'ব। এয়া হ'ব...

August 28, 2024 10:15 AM

ভাৰত শীঘ্ৰেই বিশ্বৰ তৃতীয় সর্ববৃহৎ দেশৰূপে পৰিগণিত হ’ব : কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱ

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কৈছে যে ভাৰত শীঘ্ৰেই বিশ্বৰ তৃতীয় সর্ববৃহৎ দেশৰূপে পৰিগণিত হ'ব। আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি আই এম এফৰ ৱৰ্ল্ড আউটলুক প্ৰতিবেদনত সংকলিত বিকাশ হাৰৰ ভিত্তিত মন্ত্ৰীগৰাকীয়ে কালি কয় যে ভাৰত ৭ শতাংশ বিকাশ হাৰেৰে ২০২৪ বৰ্ষত বিশ্বত সবাতোকৈ দ্রুত বিকাশশীল অর্থব্যৱস...

August 28, 2024 10:11 AM

আৰক্ষীৰ ব্যৱস্থাক লৈ পশ্চিম বংগ চৰকাৰক বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা তীব্র সমালোচনা

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই কলকাতাত প্ৰতিবাদৰ সময়ত আৰক্ষীয়ে লোৱা ব্যৱস্থাক লৈ পশ্চিম বংগ চৰকাৰক তীব্র সমালোচনা কৰিছে। শ্ৰীনাড্ডাই কালি সামাজিক মাধ্যমযোগে কয় যে কলকাতাত আৰক্ষীয়ে বলপূর্বকভাৱে ক্ষমতা প্রদর্শন কৰাৰ ছবিয়ে গণতান্ত্ৰিক প্ৰমূল্যৰাজিক সন্মান কৰা প্ৰতিগৰাকী ব্যক্তিক ক্ষোভিত ক...

August 28, 2024 10:10 AM

ৰাজ্যত খিলঞ্জীয়া লোকসকল সুৰক্ষিত হ’লেই অসম সুৰক্ষিত হ’ব- মুখ্যমন্ত্ৰী

● ৰাজ্যত খিলঞ্জীয়া লোকসকল সুৰক্ষিত হ'লেই অসম সুৰক্ষিত হ'ব বুলি কালি বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই মন্তব্য কৰে। ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত বিৰোধী বিধায়কৰ সমালোচনাৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই হত্যা, ধর্ষণ আদিক ...

August 28, 2024 10:08 AM

নতুন দিল্লীত চলিত বছৰৰ অনুভৱ বঁটা প্ৰদান কৰিব মন্ত্ৰী ড০ জিতেন্দ্র সিঙে

কেন্দ্ৰীয় কৰ্মচাৰী, ৰাজহুৱা ওজৰ-আপত্তি আৰু পেন্সন ৰাজ্য মন্ত্ৰী ড০ জিতেন্দ্র সিঙে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত চলিত বছৰৰ অনুভৱ বঁটাসমূহ প্ৰদান কৰিব। মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে এইবাৰ ২২টা মন্ত্ৰ্যালয় আৰু বিভাগে প্ৰকাশ কৰা লেখাৰ মাজৰ পৰা পাঁচটা অনুভৱ বঁটাৰ বাবে নিৰ্বাচিত হোৱাৰ লগতে ১০টাই বিচাৰকৰ ...

August 28, 2024 10:03 AM

ৱাকফ সংশোধনী বিধেয়ক ২০২৪ সম্পৰ্কীয় যুটীয়া সংসদীয় কমিটীৰ বিভিন্ন পক্ষলৈ দিহা পৰামৰ্শৰ আহ্বান

ৱাকফ সংশোধনী বিধেয়ক ২০২৪ সম্পৰ্কীয় যুটীয়া সংসদীয় কমিটীয়ে জনসাধাৰণ, বেচৰকাৰী সংস্থা, বিশেষজ্ঞ, বিভিন্ন পক্ষ আৰু প্ৰতিষ্ঠানৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে। লোকসভা সচিবালয়ে এই সন্দৰ্ভত প্ৰেছ বিজ্ঞপ্তি জাৰি কৰিছে। বিজ্ঞপ্তিত এইবুলি কোৱা হৈছে যে কমিটীলৈ লিখিত পৰামৰ্শ আগবঢ়াব বিচৰা ব্যক্তিসকলে হিন্দী অথ...