August 31, 2024 12:18 PM

পেৰিছ পেৰালিম্পিকত আজি ভাৰতীয় শ্বাটলাৰ আৰু আৰ্চাৰসকল খেলত অৱতীৰ্ণ হ’ব

পেৰিছ পেৰালিম্পিক প্রতিযোগিতাৰ আজি তৃতীয় দিনা ভাৰতীয় শ্বুটাৰসকলৰ ওপৰত দৃষ্টি নিবদ্ধ থাকিব। শ্বাটলাৰ আৰু আৰ্চাৰসকলেও আজি নিজৰ খেলত অৱতীৰ্ণ হ'ব। শ্বুটিঙত মহাবীৰ কুনহলকাৰে পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফল ষ্টেণ্ডিং এছ এইচ ৱানত অৱতীৰ্ণ হোৱাৰ লগতে লুবিনা ফ্ৰান্সিছে মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টল এছ এইচ ৱানত প...

August 30, 2024 9:08 PM

ভাৰতৰ ফিনটেক খণ্ডই বিশ্বজুৰি মানুহৰ জীৱন সহজ কৰি তুলিছে : প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে, ভাৰতৰ ফিনটেক খণ্ডই বিশ্বজুৰি মানুহৰ জীৱন সহজ কৰি তুলিছে । মুম্বাইত অনুষ্ঠিত হোৱা বিশেষ গ্ল’বেল ফিনটেক ফেষ্ট ২০২৪ ত ভাষণ দি প্রধানমন্ত্রী মোদীয়ে কয় যে, ভাৰতত ফিনটেক গ্ৰহণৰ গতি আৰু পৰিসৰৰ তুলনা কৰিব নোৱাৰি। বিশ্বৰ ডিজিটেল আদান প্ৰদানৰ প্ৰায় ৫০ শতাংশ ভাৰততে...

August 30, 2024 9:06 PM

কাইলৈ ৩ খন বন্দে ভাৰত ৰেলগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ প্রধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ বিয়লি পতাকা জোকাৰি ৩ খন বন্দে ভাৰত ৰেলগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব। মেক ইন ইণ্ডিয়া আৰু আত্মনিৰ্ভৰ ভাৰতক প্ৰতিফলিত কৰি সম্পূৰ্ণ দেশত নির্মিত বন্দে ভাৰত ৰেলগাড়ীকেইখন মিৰাট-লক্ষ্ণৌ, মাদুৰাই-বেংগালুৰু আৰু চেন্নাই-নাগৰকইলৰ মাজত চলাচল কৰিব। উত্তৰ প্রদেশ, তামিলনাডু আ...

August 30, 2024 9:04 PM

দেশৰ মহিলাসকলৰ অংশগ্রহণ অবিহনে ভাৰত কেতিয়াও এখন উন্নত ৰাষ্ট্ৰ হব নোৱাৰে বুলি জগদীপ ধনখড়ৰ মন্তব্য

উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কৈছে যে, দেশৰ মহিলাসকলৰ অংশগ্রহণ অবিহনে ভাৰত কেতিয়াও এখন উন্নত ৰাষ্ট্ৰ হব নোৱাৰে। নতুন দিল্লীত আজি দিল্লী বিশ্ববিদ্যালয়ৰ ভাৰতী মহাবিদ্যালয়ত বিকশিত ভাৰতত মহিলাসকলৰ ভূমিকা সন্দৰ্ভত এটা আলোচনাত অংশগ্রহণ কৰি এই কথা প্ৰকাশ কৰে। শ্ৰীধনখড়ে কয় যে, বিকশিত ভাৰতৰ লক্ষ্য সাধনৰ ক্ষ...

August 30, 2024 8:49 PM

মন্ত্ৰীসভাৰ নতুন সচিব হিচাপে ডº টি ভি সোমনাথনৰ কাৰ্যভাৰ গ্ৰহণ

ভাৰতীয় প্ৰশাসনিক সেৱাৰ জ্যেষ্ঠ বিষয়া ডº টি ভি সোমনাথনে আজি মন্ত্ৰীসভাৰ নতুন সচিব হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছে । ডº সোমনাথন ৰাজীৱ গৌবাৰ স্থলাভিষিক্ত হৈছে। ১৯৮৭ চনৰ তামিলনাড়ু কেডাৰৰ ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়া সোমনাথনে প্রধানমন্ত্ৰী কাৰ্যালয়ৰ যুটীয়া সচিব আৰু অতিৰিক্ত সচিবৰ দায়িত্বৰ লগতে কেন্দ্ৰ...

August 30, 2024 8:47 PM

পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত গ্ৰহণ কৰা আঁচনিসমূহ ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ

পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত গ্ৰহণ কৰা আঁচনিসমূহ অনুমোদিত পৰিকল্পনা আৰু অনুমান অনুসৰি ৰূপায়ণ কৰাটো নিশ্চিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই উদ্দেশ্যে আয়োগৰ অধীনৰ সকলো আঁচনি সংশ্লিষ্ট জিলা আয়ুক্তসকলৰ জৰিয়তে পৰীক্ষা কৰা হ'ব। পৰীক্ষণৰ অন্তত জিলা আয়ুক্তই বিশদ প্রতিবেদন অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰা...

August 30, 2024 8:45 PM

পেৰিছ পেৰালিম্পিকত চাৰিটা পদকৰে পদক তালিকাত ভাৰতৰ নাম অন্তৰ্ভুক্ত

পেৰিছ পেৰালিম্পিকৰ আজি দ্বিতীয় দিনা ভাৰতে এটা সোণ আৰু দুটা ব্ৰঞ্জৰ পদকেৰে তিনিটা পদক লাভ কৰি পদক তালিকাত নাম অন্তৰ্ভুক্ত কৰিছে। টকিঅ' পেৰালিম্পিকত সোণৰ পদক লাভ কৰা অৱনি লেখাৰাই পেৰিছতো এছ এইচ ৱান শাখাৰ ১০ মিটাৰ এয়াৰ ৰাইফল প্ৰতিযোগিতাত ২৪৯ দশমিক ৭ পইণ্টেৰে অভিলেখ গঢ়ি পুনৰ সোণৰ পদক লাভ কৰিবলৈ সমৰ্থ...

August 30, 2024 8:37 PM

বজালী জিলা যুৱ-সাংবাদিক সন্থাৰ উদ্যোগত ‘সংবাদ সান্নিধ্য’ শীর্ষক সাংবাদিকতা কর্মশালা

বজালী জিলা যুৱ-সাংবাদিক সন্থাৰ উদ্যোগত আৰু ভট্টদেৱ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ সহযোগত বিশ্ববিদ্যালয়খনৰ সভাগৃহত তিনিদিনীয়াকৈ ‘সংবাদ সান্নিধ্য' শীর্ষক সাংবাদিকতা কর্মশালা অনুষ্ঠিত হৈছে। কৰ্মশালাৰ সামৰণিৰ দিনটোত আজি বিশ্ববিদ্যালয়খনৰ অতিথি অধ্যাপক ডº জয়জিৎ ডেকাই সমল ব্যক্তি হিচাপে ...

August 30, 2024 8:35 PM

অসম বিধানসভাত আজি কেইবাখনো বিধেয়ক উত্থাপন

অসম বিধানসভাৰ শৰৎকালীন অধিবেশনৰ আজি পঞ্চমদিনা কেইবাখনো বিধেয়ক উত্থাপন কৰা হয়। ইয়াৰ ভিতৰত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই দি আছাম ৰাইট টু পাব্লিক ছাৰ্ভিছেছ এমেণ্ডমেণ্ট বিল-২০২৪, পৰিবহন মন্ত্ৰী কেশৱ মহন্তই দি আছাম মটৰ ভেহিক'ল টেক্সেছন এমেণ্ডমেণ্ট বিল-২০২৪, ৰাজহ মন্ত্ৰী যোগেন মহনে দি আছাম ফিক্সেছন ...

August 30, 2024 8:31 PM

প’বা সংৰক্ষিত বনাঞ্চলক শীঘ্ৰেই বন্যপ্রাণী অভয়াৰণ্য হিচাপে স্বীকৃতি

প’বা সংৰক্ষিত বনাঞ্চলক শীঘ্ৰেই বন্যপ্রাণী অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়া হ'ব। পৰিবেশ আৰু বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি বিধানসভাৰ শূণ্যকালত বিধায়ক ভূৱন পেগুৱে উত্থাপন কৰা এখন জাননীৰ প্ৰতি সঁহাৰি জনাই এই বিষয়ে ঘোষণা কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰীয়ে সদায় ৰাজ্যখনৰ প্ৰাকৃতিক সম্পদ আ...