August 31, 2024 12:40 PM

চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ শিক্ষানুষ্ঠান আৰু কেন্দ্ৰীয় আঁচনি পৰিদর্শন সংসদীয় পৰিক্ৰমা ৰাজ্যমন্ত্রী ড° এল মুৰুগানৰ

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ তথা সংসদীয় পৰিক্ৰমা ৰাজ্যমন্ত্রী ড° এল মুৰুগানে কালি সন্ধিয়া চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ শিক্ষানুষ্ঠান আৰু কেন্দ্ৰীয় চৰকাৰৰ কেতবোৰ আঁচনি পৰিদর্শন কৰে। তেওঁ ছেৰফাংগুৰিত ৰাষ্ট্ৰীয় খোৱাতেল অভিযান অইল পাম প্ৰকল্পৰ হিতাধিকাৰী আৰু কৃষকসকলৰ সৈতে মত বিনিময় কৰে। মন্ত্রীগৰাকী...

August 31, 2024 12:38 PM

অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ পঞ্চমদিনা কেইবাখনো বিধেয়ক উত্থাপন

অসম বিধানসভাৰ শৰৎকালীন অধিবেশনৰ কালি পঞ্চমদিনা কেইবাখনো বিধেয়ক উত্থাপন কৰা হয় ৷ ইয়াৰ ভিতৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দি আছাম ৰাইট টু পাব্লিক ছাৰ্ভিছেছ এমেণ্ডমেণ্ট বিল-২০২৪, পৰিবহণ মন্ত্ৰী কেশৱ মহন্তই দি আছাম মটৰ ভেহিক'ল টেক্সেছন এমেওমেণ্ট বিল-২০২৪, ৰাজহ মন্ত্ৰী যোগেন মহনে দি আছাম ফিক্সেছন ...

August 31, 2024 12:34 PM

কোকৰাঝাৰত সামাজিক আৰু ছপা মাধ্যমৰ বাবে বিভাগীয় একক যোগাযোগ বিন্দুৰ উদ্বোধনী কার্যসূচী

বড়োলেণ্ড টেৰিট’ৰিয়েল কাউন্সিলৰ তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত কালি সামাজিক আৰু ছপা মাধ্যমৰ বাবে বিভাগীয় একক যোগাযোগ বিন্দু, চমুকৈ এছ পি অ’ চিৰ বাবে উদ্বোধনী কার্যসূচী অনুষ্ঠান অনুষ্ঠিত হয়। কোকৰাঝাৰৰ বি টি চি সচিবালয়ৰ কনফাৰেন্স হলত অনুষ্ঠিত এই কাৰ্যসূচীত এছ পি অ চিসমূহক নিজৰ বিভাগৰ সংবাদ মাধ্যম...

August 31, 2024 12:36 PM

পবা সংৰক্ষিত বনাঞ্চলক শীঘ্ৰে বন্যপ্রাণী অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়া হ’বঃ চন্দ্ৰমোহন পাটোৱাৰী

পবা সংৰক্ষিত বনাঞ্চলক শীঘ্ৰে বন্যপ্রাণী অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়া হ'ব। পৰিৱেশ আৰু বনমন্ত্রী চন্দ্ৰমোহন পাটোৱাৰীয়ে কালি বিধানসভাৰ শূন্যকালত বিধায়ক ভুৱন পেগুৱে উত্থাপন কৰা এখন জাননীৰ প্ৰতি সঁহাৰি জনাই এই বিষয়ে ঘোষণা কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰীয়ে সদায় ৰাজ্যখনৰ প্ৰাকৃতিক সম্পদ আৰ...

August 31, 2024 12:30 PM

মাজুলীত শিশু সুৰক্ষা বিষয়ত সভা

অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ সদস্য অজয় কুমাৰ দত্ত আৰু মাজুলী জিলাৰ আয়ুক্ত ড০ কাবেৰী বি শৰ্মাৰ অধ্যক্ষতাত কালি জিলাখনৰ শিশু সুৰক্ষা বিষয়ত এখন সভা অনুষ্ঠিত হয়। জিলা আয়ুক্তৰ কার্যালয়ত অনুষ্ঠিত সভাখনত অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ সদস্যদ্বয় অজয় কুমাৰ দত্ত আৰু ৰিলাঞ্জনা তালুকদা...

August 31, 2024 12:28 PM

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ২,৫২,১৮,০০০তকৈ অধিক হিতাধিকাৰী অন্তৰ্ভুক্তিৰ লক্ষ্য

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত খাদ্য, গ্রাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ নেতৃত্বত ২ কোটি ৫২ লাখ ১৮ হাজাৰতকৈ অধিক লোকক হিতাধিকাৰীৰ অন্তৰ্ভুক্ত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ইতিমধ্যে বিভাগে ২ কোটি ৩১ লাখ ৯৭ হাজাৰ ৬০৮ গৰাকী হিতাধিকাৰী অন্তৰ্ভুক্তি সম্পন্ন কৰিছে। আনহাতে, ২০ লাখ ২০ হা...

August 31, 2024 12:26 PM

বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত প্ৰতিটো ৰাজহ চক্ৰত নাগৰিক সভা

বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত কালি জিলাখনৰ প্ৰতিটো ৰাজহ চক্ৰত নাগৰিক সভা অনুষ্ঠিত হয়। সমাজৰ সকলো শ্ৰেণীৰ লোকৰ মাজত শান্তি-সম্প্রীতি, সদ্ভাব বৰ্তাই ৰখাৰ উদ্দেশ্যে এই সভা আয়োজন কৰা হয়। সভাত নাগৰিক সমিতি, ছাত্র সংগঠন, ব্যৱসায়িক সংগঠন তথা বিভিন্ন সামাজিক সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্রহণ কৰে। সমাজত অস্থিৰ...

August 31, 2024 12:24 PM

ৰাজ্যৰ বান-খহনীয়া সমস্যাক ৰাষ্ট্রীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীত শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী

শোণিতপুৰ জিলা ছাত্ৰ সন্থাই কালি ৰাজ্যৰ দীৰ্ঘদিনীয়া বান আৰু গঢ়া খহনীয়া সমস্যাক ৰাষ্ট্রীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰক বিশেষ অনুদান আগবঢ়াবলৈও দাবী জনাই সংগঠনটোৱে তেজপুৰ চহৰৰ মাজেৰে কালি প্রতিদাবী শোভাযাত্ৰা উলিয়ায়। উল্লেখযোগ্য যে, স...

August 31, 2024 12:23 PM

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশমর্মে চলচ্চিত্ৰত সাৰ্বজনীন অংশগ্রহণ সুনিশ্চিতৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশাৱলী গ্ৰহণ

কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মর্মে চলচ্চিত্ৰত সাৰ্বজনীন অংশগ্রহণ সুনিশ্চিত কৰাৰ লক্ষ্যৰে নিৰ্দেশাৱলী গ্ৰহণ কৰিছে। চলচ্চিত্ৰত বিশেষকৈ শ্ৰৱণ আৰু দৃষ্টিশক্তি বাধাগ্রস্ত লোকৰ অংশগ্রহণ নিশ্চিত কৰাটোৱেই ইয়াৰ মূল উদ্দেশ্য। দিছপুৰৰ লোক নিৰ্মাণ বিভাগৰ সভাগৃহত এই সন্দৰ্ভত এখন কর্মশালা অনুষ্ঠি...

August 31, 2024 12:19 PM

ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ ফাইনেলত আজি নৰ্থ ইষ্ট ইউনাইটেড বনাম মোহন বাগান

নর্থ ইষ্ট ইউনাইটেড এফ চি আজি সন্ধিয়া কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্রীড়াঙ্গনত হ'বলগীয়া ১৩৩ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ ফাইনেলত মোহন বাগানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ১৭ বাৰকৈ ডুৰাণ্ড কাপৰ খিতাপ অৰ্জন কৰা মোহন বাগানে এইবাৰ ১৮ বাৰৰ বাবে চেম্পিয়নশ্বিপ দখল কৰাৰ বাবে প্ৰয়াস চলাব। উল্লেখযোগ্য যে...