August 30, 2024 8:12 PM

অহা ১১ নৱেম্বৰৰ পৰা বিহাৰত চলিত বৰ্ষৰ মহিলাৰ এছিয়ান চেম্পিয়ন ট্রফী প্রতিযোগিতা

বিহাৰৰ ৰাজগীৰত অহা ১১ নৱেম্বৰৰ পৰা চলিত বৰ্ষৰ মহিলাৰ এছিয়ান চেম্পিয়ন ট্রফী প্রতিযোগিতা আৰম্ভ হ'ব। হকী ইণ্ডিয়াই এই কথা ঘোষণা কৰি কৈছে যে, হকী ইণ্ডিয়া আৰু বিহাৰ চৰকাৰৰ যুটীয়া প্ৰয়াসত ৰাজগীৰ হকী ষ্টেডিয়ামত ১১ নৱেম্বৰৰ পৰা ২০ নৱেম্বৰলৈ এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। এছিয়ান হকী ফেডাৰেছনৰ সভাপতি দাত...

August 30, 2024 8:09 PM

ঝাৰখণ্ডৰ মন্ত্রীসভাত চম্পাই চোৰেণৰ সলনি ৰামদাস চোৰেণক মন্ত্ৰীত্ব প্ৰদান

ঝাৰখণ্ডৰ হেমন্ত চোৰেণ মন্ত্রীসভাত চম্পাই চোৰেণৰ সলনি ঘটচিলাৰ ঝাৰখণ্ডৰ মুক্তি মৰ্চাৰ বিধায়ক ৰামদাস চোৰেণক মন্ত্ৰীত্ব প্ৰদান কৰা হৈছে। ৰাঁচীৰ ৰাজভৱনত এটা অনুষ্ঠানত ৰাজ্যপাল সন্তোষ কুমাৰ গংৱাৰে ৰামদাস চোৰেণক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায়। অনুষ্ঠানত ৰাজখনৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেণৰ লগতে অন্য...

August 30, 2024 8:07 PM

ৱাকফ সংশোধনী বিধেয়ক-২০২৪ সন্দৰ্ভত যুটীয়া সমিতিৰ বৈঠক অনুষ্ঠিত

ৱাকফ সংশোধনী বিধেয়ক-২০২৪ সন্দৰ্ভত বিভিন্ন অংশীদাৰীসকলৰ মতামত আৰু পৰামৰ্শ বিচাৰি নতুন দিল্লীত আজি যুটীয়া সমিতিৰ বৈঠক অনুষ্ঠিত হৈছে। লোকসভা সচিবালয়ে প্ৰকাশ কৰা অনুসৰি মুম্বাইৰ সৰ্বভাৰতীয় চুন্নী জামিয়াটুল ওলামা আৰু নতুন দিল্লীৰ ইণ্ডিয়ান মুছলিমছ ফৰ ছিভিল ৰাইটছে আজি সমিতিৰ আগত নিজৰ নিজৰ মতসমূহ প্ৰক...

August 30, 2024 8:00 PM

সীমান্ত অঞ্চলত শান্তি বৰ্তাই ৰখাৰ সিদ্ধান্ত গ্ৰহণ ভাৰত আৰু চীনৰ

ভাৰত আৰু চীনে সীমান্ত অঞ্চলত শান্তি বৰ্তাই ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। দুয়োখন দেশে দ্বিপাক্ষিক সম্পর্ক স্বাভাৱিক হোৱাৰ বাবে শান্তি প্রতিষ্ঠা তথা বাস্তৱিক নিয়ন্ত্ৰণ ৰেখা অর্থাৎ এল এ চিৰ গুৰুত্ব দিয়াটো প্রাথমিক প্রয়োজন বুলি দোহাৰে। উল্লেখযোগ্য যে বেইজিঙত অনুষ্ঠিত ভাৰত-চীন সীমান্ত পৰিক্ৰমা সন্দৰ্ভত...

August 30, 2024 7:47 PM

যোৰহাট জিলাত নিৰীক্ষণ ভ্ৰমণ কাৰ্যসূচী ৰূপায়ণ অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ

অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ এটা দলে আজি যোৰহাট জিলাত নিৰীক্ষণ ভ্ৰমণ কাৰ্যসূচী ৰূপায়ণ কৰে। ভ্ৰমণৰ সময়ত দলটোৱে যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়খনৰ নৱজাতকৰ যত্ন কেন্দ্ৰ, শিশু যত্ন কেন্দ্র, শিশু বিভাগ আৰু স্ত্ৰী ৰোগ বিভাগকে ধৰি তাৎপৰ্যপূৰ্ণ স্বাস্থ্য সেৱাৰ সুবিধাসমূহ পৰিদৰ্শন কৰে।...

August 30, 2024 7:40 PM

নুমলীগড় তেল শোধনাগাৰ লিমিটেডৰ ৩১ সংখ্যক বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত

নুমলীগড় তেল শোধনাগাৰ লিমিটেডৰ ৩১ সংখ্যক বাৰ্ষিক সাধাৰণ সভাখন আজি প্ৰতিষ্ঠানটোৰ গুৱাহাটীত থকা কৰ্প'ৰেট কাৰ্যালয়ত অনুষ্ঠিত হয়। এন আৰ এল আৰু চি এম ডি অইলৰ অধ্যক্ষ ডº আৰ ৰাথৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত শোধনাগাৰৰ পৰিচালন সঞ্চালক বি জে ফুকন আৰু শোধনাগাৰ পৰিষদৰ অন্যান্য সদস্য আৰু অংশীদাৰীসকল উপস্থিত থাক...

August 30, 2024 7:35 PM

চলচ্চিত্ৰত সাৰ্বজনীন অংশগ্রহণ সুনিশ্চিত কৰাৰ লক্ষ্যৰে নিৰ্দেশাৱলী গ্ৰহণ

কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে চলচ্চিত্ৰত সাৰ্বজনীন অংশগ্রহণ সুনিশ্চিত কৰাৰ লক্ষ্যৰে নিৰ্দেশাৱলী গ্ৰহণ কৰিছে। চলচ্চিত্ৰত বিশেষকৈ শ্ৰৱণ আৰু দৃষ্টি বাধাগ্রস্ত লোকৰ অংশগ্রহণ নিশ্চিত কৰাটোৱেই ইয়াৰ মূল উদ্দেশ্য। ইয়াৰ পৰিপ্ৰেক্ষিতত চলচ্চিত্ৰ একোখনত শ্ৰৱণ বাধাগ্ৰস্তসকলৰ বাবে সাংকেতিক ...

August 30, 2024 7:09 PM

ৱাধৱন বন্দৰে দেশৰ উন্নয়নত অৰিহণা যোগাব বুলি প্ৰধানমন্ত্ৰীৰ মন্ত্যব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে মহাৰাষ্ট্ৰৰ পালঘৰত নিৰ্মাণ হ'বলগীয়া ৱাধৱন বন্দৰ হৈছে এটা অতি গুৰুত্বপূৰ্ণ প্ৰকল্প। এই বন্দৰে দেশৰ উন্নয়নত অৰিহণা যোগাব বুলিও প্রধানমন্ত্ৰীয়ে লগতে উল্লেখ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত বন্দৰৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰি শ্ৰীমোদীয়ে কয় যে আজি উদ্বোধন হোৱা ...

August 30, 2024 7:06 PM

চিৰাং জিলাৰ পশ্চিম শিলপাতা আদর্শ অংগনবাড়ী কেন্দ্ৰ পৰিদৰ্শন ডº এল মুৰুগানৰ

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ তথা সংসদীয় পৰিক্ৰমা ৰাজ্য মন্ত্ৰী ডº এল মুৰুগানে আজি চিৰাং জিলাৰ পশ্চিম শিলপাতা আদর্শ অংগনবাড়ী কেন্দ্ৰ পৰিদৰ্শন কৰাৰ লগতে কেন্দ্ৰটোৰ শিশুসকলৰ মাতৃসকলৰ সৈতে বাৰ্তালাপ কৰে। ডº মুৰুগানে কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতেও মত বিনিময় কৰে। মন্ত্ৰীগৰাকীয়ে কাজলগাঁ...

August 30, 2024 7:03 PM

মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু সমগ্ৰ শিক্ষা অভিযানৰ সহযোগত ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে অন্তৰংগ আলাপৰ আয়োজন

মুখ্যমন্ত্ৰীৰ আৰোহণ আঁচনিৰ অধীনত আজি মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু সমগ্ৰ শিক্ষা অভিযানৰ সহযোগত আজি জিলাখনৰ নৱম শ্ৰেণীত পঢ়ি থকা মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে এটা অন্তৰংগ আলাপ অনুষ্ঠানৰ আয়োজন কৰা হয়। জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানটো মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই উদ্বোধন ...