August 31, 2024 8:35 PM

ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে ৩ খন বন্দে ভাৰত ৰে’লগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ প্রধানমন্ত্ৰী মোদীৰ

♦ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে ৩ খন বন্দে ভাৰত ৰে'লগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। মেক ইন ইণ্ডিয়া আৰু আত্মনিৰ্ভৰ ভাৰতৰ পৰিকল্পনাক বাস্তবায়িত কৰাৰ অংশ স্বৰূপে শুভাৰম্ভ কৰা এই অত্যাধুনিক বন্দে ভাৰত এক্সপ্ৰেছ ৰে'লগাড়ী কেইখন মিৰাট-লক্ষ্ণৌ, মাডুৰাই- বেংগালুৰু আৰু চেন্ন...

August 31, 2024 8:30 PM

মৰিগাঁৱৰ চাৰণ বিলত পৰম্পৰাগত নাওখেল প্ৰতিযোগিতা অনুষ্ঠিত

মৰিগাঁও জিলাৰ চাৰণ বিলত আজি ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে ৰাষ্ট্ৰীয় ক্রীড়া দিৱসৰ লগত সংগতি ৰাখি আজি পৰম্পৰাগত নাওখেল প্ৰতিযোগিতা অনুষ্ঠিত কৰে। চাৰণ বিল কেন'য়িং আৰু কায়াকিং জলক্রীড়া ক্ষেত্ৰত অনুষ্ঠিত প্রতিযোগিতাখন মন্ত্রী নন্দিতা গালোচাই উদ্বোধন কৰে। অনুষ্ঠানত ক্রীড়া বিভাগৰ উচ্চ পদ...

August 31, 2024 8:26 PM

নগাঁৱৰ জিলা পুথিভঁড়াল প্রেক্ষাগৃহত ৩ দিনীয়া কাৰ্যসূচীৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় মধ্যকালিন অধিবেশন

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় মধ্যকালিন অধিবেশন কালিৰে পৰা নগাঁৱৰ জিলা পুথিভঁড়াল প্রেক্ষাগৃহত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। কালি পুৱা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাইয়ে পতাকা উত্তোলন আৰু সাধাৰণ সম্পাদক ৰাতুল বৰগোহাইয়ে শহিদ তৰ্পন কাৰ্যসূচীৰে অনুষ্ঠানৰ শুভাৰম...

August 31, 2024 8:24 PM

ভাৰতীয় তেল নিগমৰ ৬৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে বঙাইগাঁও শোধনাগাৰৰ চিকিৎসালয়ত ৰক্তদান শিবিৰ

ভাৰতীয় তেল নিগমৰ ৬৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে চিৰাঙৰ ঢালিগাঁৱত থকা বঙাইগাঁও শোধনাগাৰৰ চিকিৎসালয়ত আজি ৰক্তদান শিবিৰ অনুষ্ঠিত হয়। বঙাইগাঁও শোধনাগাৰৰ চিকিৎ‍সালয়ৰ উদ্যোগত আৰু বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ সহযোগত অনুষ্ঠিত এই শিবিৰত শোধনাগাৰৰ বিষয়া- কৰ্মচাৰী, কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ বি...

August 31, 2024 8:21 PM

চৰাইদেউ জিলাৰ সোণাৰি পৌৰসভা এলেকাত অসমীয়াত নামফলক ব্যৱহাৰ কৰিবলৈ সোণাৰি পৌৰসভাৰ নিৰ্দেশনা

চৰাইদেউ জিলাৰ সোণাৰি পৌৰসভা এলেকাত অৱস্থিত সকলো দোকান, ব্যৱসায়িক প্ৰতিষ্ঠানত অসমীয়াত নামফলক ব্যৱহাৰ কৰিবলৈ সোণাৰি পৌৰসভাই নিৰ্দেশনা জাৰি কৰিছে। চৰাইদেউ জিলা ঐক্যমঞ্চই দিয়া স্মাৰক পত্ৰৰ প্ৰতি সন্মান জনাই সোণাৰি পৌৰসভাৰ কাৰ্যবাহী বিষয়াই অসমীয়াত নামফলক ব্যৱহাৰ কৰাতো বাধ্যতামূলক কৰিছে। জাৰি কৰা নির...

August 31, 2024 8:17 PM

যোৰহাট আৰক্ষী ছাউনীত জিলাখনত আইন শৃংখলা পৰিস্থিতি আৰু অপৰাধ তদন্ত বিষয়ক পর্যালোচনা বৈঠক অনুষ্ঠিত

যোৰহাট জিলাত আইন শৃংখলা পৰিস্থিতি আৰু অপৰাধ তদন্ত বিষয়ক এখন পর্যালোচনা বৈঠক আজি যোৰহাট আৰক্ষী ছাউনীত অনুষ্ঠিত হয়। যোৰহাট আৰক্ষী অধীক্ষকৰ পৌৰহিত্যত অনুষ্ঠিত এই বৈঠকত আৰক্ষীসকলে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ বিষয়েও আলোচনা কৰা হয়। যোৱা মাহত পাৰদৰ্শিতা দেখুওৱা আৰক্ষীক এই বৈঠকত পুৰস্কাৰ আৰু মানপত্ৰ প...

August 31, 2024 8:14 PM

গুৱাহাটী আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী অনুসৰি ২৪ ঘণ্টাৰ ভিতৰত গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চলত ধাৰাষাৰ বৰষুণৰ সম্ভাৱনা

কেন্দ্ৰীয় চৰকাৰৰ ভূ-বিজ্ঞান মন্ত্ৰ্যালয়, ভাৰতীয় বতৰ বিজ্ঞান বিভাগ আৰু গুৱাহাটী আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগজাননী অনুসৰি ২৪ ঘণ্টাৰ ভিতৰত গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চলত ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। যৌথভাৱে জাৰি কৰা সতর্কতামূলক জাননী উল্লেখ কৰা অনুসৰি প্ৰবল বৃষ্টিপাতৰ পৰিপ্ৰেক্ষিতত ব...

August 31, 2024 8:12 PM

প্রধানমন্ত্ৰী মোদীয়ে অহা ৯ চেপ্তেম্বৰত ২১ সংখ্যক পশুধনৰ পিয়ল কাৰ্যসূচী শুভাৰম্ভ কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৯ চেপ্তেম্বৰত ২১ সংখ্যক পশুধনৰ পিয়ল কাৰ্যসূচী শুভাৰম্ভ কৰিব। এই উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো প্রস্তুতি অব্যাহত আছে। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত আজি এই পিয়লৰ বাবে জিলা পৰ্যায়ৰ গণনাকাৰী বিষয়াসকলক প্ৰশিক্ষণ প্ৰদান কৰা হয়। অসম পশুপালন...

August 31, 2024 8:10 PM

গুজৰাটৰ গান্ধীনগৰত সপ্তম ৰাষ্ট্ৰীয় পোষণ মাহৰ ৰাষ্ট্ৰজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ

কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ মন্ত্রী অন্নপূর্ণা দেৱীয়ে আজি গুজৰাটৰ গান্ধীনগৰত সপ্তম ৰাষ্ট্ৰীয় পোষণ মাহৰ ৰাষ্ট্ৰজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। এইবাৰ এই কাৰ্যসূচীৰ অধীনত ৰক্তহীনতা দূৰীকৰণৰ বাবে ব্যাপক সজাগতা সৃষ্টিৰ লগতে পৰিপুষ্টি আৰু অধ্যয়ন, প্রযুক্তি নিৰ্ভৰ উদ্যমৰ সহায়ত তথা পৰিপূৰক আহাৰৰ দ্বাৰ...

August 31, 2024 8:02 PM

অসম বিধানসভাৰ এইবাৰৰ শৰৎকালীন অধিবেশন কেইবাটাও দিশৰ পৰা গুৰুত্বপূৰ্ণ বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে

♦ অসম বিধানসভাৰ এইবাৰৰ শৰৎকালীন অধিবেশন কেইবাটাও দিশৰ পৰা গুৰুত্বপূৰ্ণ বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে কয় যে, এইবাৰৰ অধিবেশনত গৃহীত বিধেয়কসমূহ ৰাজ্যবাসীৰ কল্যাণৰ দিশত অত্যন্ত গুৰুত্বপূৰ্ণ বুলি বিবেচিত হ'ব। এইবাৰৰ অধিবেশনত গৃহীত প্ৰতিখন বিধেয়কৰ সুকীয়া মৰ্যাদা থ...