August 31, 2024 7:56 PM

অহা ৫ বছৰত ১০ খন নতুন আয়ুষ প্রতিষ্ঠান মুকলি কৰা হ’বঃ আয়ুষ মন্ত্ৰী প্ৰতাপ ৰাও যাধৱ

♦ আয়ুষ মন্ত্ৰী প্ৰতাপ ৰাও যাধৱে কৈছে যে, অহা ৫ বছৰত ১০ খন নতুন আয়ুষ প্রতিষ্ঠান মুকলি কৰা হ'ব। তেওঁ আজি নতুন দিল্লীত অখিল ভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠানৰ এটা অনুষ্ঠানত ভাষণ দি এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে, আয়ুৰ্বেদক প্ৰত্যেক ঘৰলৈ লৈ যোৱাৰ প্ৰধানমন্ত্ৰীৰ প্ৰয়াস পূৰণ কৰিবলৈ মন্ত্ৰ্যালয় বদ্ধপৰিকৰ। ...

August 31, 2024 7:48 PM

পেৰিছ পেৰালিম্পিকত মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টলৰ এছ এইচ ৱান শিতানত ভাৰতৰ ৰুবিনা ফ্ৰান্সিছৰ ব্ৰঞ্জৰ পদক অৰ্জন

ভাৰতৰ ৰুবিনা ফ্ৰান্সিছে পেৰিছ পেৰালিম্পিকৰ মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টলৰ এছ এইচ ৱান শিতানত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। খেলুৱৈগৰাকীয়ে আজি ফাইনেলত ২১১ দশমিক ১ পইণ্টেৰে ব্ৰঞ্জৰ পদক হস্তগত কৰে। ইৰাণৰ এছ জৱানমদিয়ে এই শিতানত সোণৰ আৰু তুৰস্কৰ এ ওজগানে ৰূপৰ পদক লাভ কৰে। ভাৰতে প্ৰতিযোগিতাত বৰ্তমানলৈকে এটা সোণ...

August 31, 2024 6:25 PM

গোলাঘাটত দুর্যোগ প্রশমন বিভাগৰ অন্তৰ্গত এটা জিলা জৰুৰীকালীন সেৱাকেন্দ্ৰ মুকলি

গোলাঘাট জিলাত দুর্যোগ প্রশমন বিভাগৰ অন্তৰ্গত এটা জিলা জৰুৰীকালীন সেৱাকেন্দ্ৰ মুকলি কৰা হয়। গোলাঘাটৰ জিলা আয়ুক্ত ডা০ পি উদয় প্রবীণে কেন্দ্ৰটো মুকলি কৰে। অনাগত দিনত জিলাখনত দুর্যোগ প্রশমন, ক্ষীপ্র যোগাযোগ তথা তাৎক্ষণিক সঁহাৰিৰ ক্ষেত্ৰত এই কেন্দ্ৰটোৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি জিলা আয়ুক্তগ...

August 31, 2024 6:24 PM

গোৱালপাৰাৰ বালিজানা শিক্ষাখণ্ডত খণ্ড সমল কেন্দ্রৰ উদ্বোধন

গোৱালপাৰা জিলাৰ বালিজানা শিক্ষাখণ্ডত খণ্ড সমল কেন্দ্র এটা আজি উদ্বোধন কৰা হয়। চেণ্টাৰ ফৰ মাইক্ৰ'ফাইনেন্স এণ্ড লাইভলিহুডৰ সহযোগত আৰু টাটা ট্ৰাষ্টৰ সহযোগত নিৰ্মাণ কৰা এই কেন্দ্ৰটো আতি জিলাখনৰ অতিৰিক্ত আয়ুক্ত অৰুণ কুমাৰ ব্ৰহ্মই উদ্বোধন কৰে। আজিৰ এই উদ্বোধনী অনুষ্ঠানত জিলা প্রাথমিক শিক্ষা বিষয়া, জিলা...

August 31, 2024 6:22 PM

তিনিচুকীয়াৰ পেঙেৰীত আপাৰ দিহিং সংৰক্ষিত বনাঞ্চলত বিস্ফোৰকসহ ভালেমান সামগ্রী জব্দ

তিনিচুকীয়াৰ পেঙেৰীত আপাৰ দিহিং সংৰক্ষিত বনাঞ্চলত সেনা বাহিনী আৰু অসম আৰক্ষীৰ যুটীয়া অভিযানত এটা ৰাইফল, দুটা মেগজিন, গুলী আৰু বিস্ফোৰকসহ ভালেমান সামগ্রী জব্দ কৰা হৈছে। অস্ত্ৰ- শস্ত্রসমূহ উগ্রপন্থী আলফা স্বাধীনৰ বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে। তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মৃন্ময় দাসৰ নেতৃ...

August 31, 2024 6:18 PM

views 1

পাটাছাৰকুছিত ১ কোটি ৩৯ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ৬টাকৈ উন্নয়নমূলক কামৰ উদ্বোধন মন্ত্ৰী ৰণজিত কুমাৰ দাসৰ

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিত কুমাৰ দাসে আজি বজালী জিলাৰ পাটাছাৰকুছিত এক কোটি ৩৯ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ৬টাকৈ উন্নয়নমূলক কামৰ উদ্বোধন কৰে। মন্ত্ৰীগৰাকীয়ে নৰ্থ কামৰূপ মহাবিদ্যালয়ৰ আৱাসিক গৃহ, পাঠশালা হাইস্কুলৰ শ্ৰেণীকোঠা, ডিজিটেল পুথিভঁৰাল উদ্বোধন কৰে। মন্ত্ৰী শ্ৰী দাস...

August 31, 2024 6:10 PM

গুৱাহাটীক প্ৰদূষণমুক্ত কৰি ৰখাৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে মেয়ৰ মৃগেন শৰণীয়াৰ ৫ খন বাহনৰ শুভাৰম্ভ

গুৱাহাটী পৌৰ নিগমে মহানগৰীখনক প্ৰদূষণমুক্ত কৰি ৰখাৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে আজি মেয়ৰ মৃগেন শৰণীয়াই ৫ খন বাহনৰ শুভাৰম্ভ কৰে। গুৱাহাটী পৌৰ নিগমে প্ৰদূষণমুক্ত ভাৰত অভিযানৰ অধীনত পূর্বে ৩ খন পানী ছটিওৱা বাহন ক্ৰয় কৰিছিল। এই বাহনকেইখনে চহৰৰ বিভিন্ন পথত ধূলি নিয়ন্ত্ৰণ কৰিবলৈ সহায় কৰিব। ইয়...

August 31, 2024 6:07 PM

মহিলাৰ সুৰক্ষাৰ বাবে দেশত বহুতো কঠোৰ আইন প্ৰণয়ন কৰা হৈছে, কিন্তু সম্প্ৰতি এই আইনসমূহ অধিক সক্ৰিয় কৰি তোলাৰ প্ৰয়োজনঃ প্রধানমন্ত্ৰী

♦ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, সমাজত মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধ আৰু শিশুৰ সুৰক্ষা চিন্তানীয় বিষয় হৈ পৰিছে। তেওঁ কয় যে, মহিলাৰ সুৰক্ষাৰ বাবে দেশত বহুতো কঠোৰ আইন প্ৰণয়ন কৰা হৈছে, কিন্তু সম্প্ৰতি এই আইনসমূহ অধিক সক্ৰিয় কৰি তোলাৰ প্ৰয়োজন হৈছে। শ্ৰী মোদীয়ে নাৰী নিৰ্যাতনৰ গোচৰৰ বিচাৰ প্ৰ...

August 31, 2024 6:02 PM

১৩৩ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ ফাইনেলত নর্থ ইষ্ট ইউনাইটেড এফ চি মোহন বাগানৰ বিৰুদ্ধে অৱতীৰ্ণ

নর্থ ইষ্ট ইউনাইটেড এফ চি আজি সন্ধিয়া কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্রীড়াঙ্গনত হ'বলগীয়া ১৩৩ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ ফাইনেলত মোহন বাগানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ১৭ বাৰকৈ ডুৰাণ্ড কাপৰ খিতাপ অৰ্জন কৰা মোহন বাগানে এইবাৰ ১৮ বাৰৰ বাবে ছেম্পিয়নশ্বিপ দখল কৰাৰ বাবে প্ৰয়াস চলাব। উল্লেখযোগ্য যে...

August 31, 2024 5:56 PM

দিল্লীত খাদী মহোৎসৱ ২০২৪ আয়োজনৰ সন্দৰ্ভত মন্ত্ৰী জিতন ৰাম মাঝিৰ পর্যালোচনা বৈঠক

কেন্দ্ৰীয় অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ দপ্তৰৰ মন্ত্ৰী জিতন ৰাম মাঝিয়ে আজি নতুন দিল্লীত খাদী মহোৎসৱ ২০২৪ আয়োজনৰ সন্দৰ্ভত এখন পর্যালোচনা বৈঠকত অংশ লয়। দেশত খাদী সামগ্ৰীৰ প্ৰচলনৰ বাবে চলিত বৰ্ষৰ অক্টোবৰ মাহত খাদী আৰু গ্ৰমোদ্যোগ আয়োগে এই মহোৎসৱৰ আয়োজন কৰিছে। বৈঠকত শ্রী মাঝিয়ে খাদী আৰু ...