September 3, 2024 5:46 PM

সদৌ অসম আন্তঃজিলা দবা চেম্পিয়নশ্বিপত গুৱাহাটীৰ চিটী দবা সন্থাৰ খেলুৱৈসকলৰ দর্শনীয় প্রদর্শন

গুৱাহাটীত যোৱা ৩০ আগষ্টৰ পৰা ১ ছেপ্তেম্বৰলৈ অনুষ্ঠিত ১৯ বছৰ অনুৰ্ধৰ সদৌ অসম আন্তঃজিলা দবা চেম্পিয়নশ্বিপত গুৱাহাটীৰ চিটী দবা সন্থাৰ খেলুৱৈসকলে দর্শনীয় প্রদর্শন আগবঢ়ায়। ল'ৰা আৰু ছোৱালীৰ শাখাত অভিৰূপ শ‍ইকীয়া আৰু চাৰবী চৌধুৰীয়ে বিজয়ীৰ সন্মান লাভ কৰে। ইপিনে, জুনিয়ৰ ল'ৰাৰ শাখাত প্ৰাণ গোবিন্দ পৰাশৰ কাশ্যপে দ্বিতীয়, জগজিৎ সিন্হাই তৃতীয় আৰু নিহাদ ইছলাম হাজৰিকাই চতুৰ্থ স্থান দখল কৰে। ছোৱালীৰ জুনিয়ৰ শাখাত আফচিন আফচা জামান আৰু হৃদিকা দাসে ক্ৰমে আৰু দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে। দৰং মহাবিদ্যা...

September 3, 2024 5:44 PM

খিলঞ্জীয়া মুছলমানৰ অধিকাৰৰ হকে সংগ্রাম অব্যাহত ৰখা দেশী জনগোষ্ঠীয় মঞ্চ, অসমৰ সঁজাতি দলৰ শিৱসাগৰ ভ্ৰমণ

খিলঞ্জীয়া মুছলমানৰ অধিকাৰৰ হকে সংগ্রাম অব্যাহত ৰখা দেশী জনগোষ্ঠীয় মঞ্চ, অসমৰ এটা সঁজাতি দলে আজি শিৱসাগৰ ভ্ৰমণ কৰে। সংগঠনটোৰ সভাপতি ইছলামুল হক মণ্ডলৰ নেতৃত্বত অহা ৪ জনীয়া দলটোৱে আজি এখন সংবাদমেল সম্বোধন কৰি দেশী, গৰিয়া-মৰিয়া, চৈয়দ আৰু জলহা খিলঞ্জীয়া মুছলমানসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী উত্থাপন কৰে। সজাতি দলটোৱে উজনিলৈ কাম কৰিবলৈ যোৱা দেশী শ্রমিকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ উদ্দেশ্যে বীৰ লাচিত সেনা, সদৌ অসম টাই-আহোম ছাত্ৰ সন্থাৰ লগতে অন্যান্য সংগঠনৰ নেতৃবৰ্গৰ সৈতে আলোচনাত মিলিত হয়। স...

September 3, 2024 5:42 PM

স্নেহ স্পৰ্শ আঁচনিৰ অধীনত বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত শিশুৰ হৃদযন্ত্ৰ আৰু ৰাজহাড়ৰ ৰোগ চিনাক্তকৰণ শিবিৰ

ৰাজ্য চৰকাৰৰ স্নেহ স্পৰ্শ আঁচনিৰ অধীনত আজি বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত শিশুৰ হৃদযন্ত্ৰ আৰু ৰাজহাড়ৰ ৰোগ চিনাক্তকৰণ শিবিৰ অনুষ্ঠিত হয়। বৰপেটা, বজালী আৰু বঙাইগাঁৱত অনুষ্ঠিত কৰা এই শিবিৰত উপস্থিত থকা বিশেষজ্ঞ চিকিৎসক সকলে জিলা তিনিখনৰ দুই শতাধিক শিশুৰ স্বাস্থ্য পৰীক্ষা কৰে। এই সন্দৰ্ভত চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালখনৰ অধ্যক্ষ ডা০ ৰমেন তালুকদাৰে জনাই যে স্বাস্থ্য পৰীক্ষাৰ অন্তত ৰোগ ধৰা পৰা শিশুসকলৰ অসুস্থতাৰ দিশবোৰ পৰ্যালোচনা কৰি তেওঁলোকৰ মাজৰ পৰা জটিল ৰোগীসকল...

September 3, 2024 5:38 PM

ৰাজ্যজুৰি ৪১ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস উদযাপন

ৰাজ্যজুৰি আজি ৪১ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰা হয়। অর্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে প্ৰতি বছৰে ৩ ছেপ্তেম্বৰ দিনটোত অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰা হয়। গুৱাহাটীৰ জজ খেলপথাৰত কেন্দ্ৰীয়ভাৱে অভিৰুচি ক্ৰীড়া দিৱসৰ আয়োজন কৰা হয়। জজ খেলপথাৰৰ পৰা নেহৰু ষ্টেডিয়ামলৈ উলিওৱা সমূহীয়া দৌৰৰ নেতৃত্ব দিয়ে অলিম্পিকত পদক বিজয়ী লাভলীনা বৰগোহাঁই আৰু প্ৰৱীণ খেলুৱৈ তৈয়বুন্নেছাই। খেলুৱৈ দুগৰাকীৰ লগতে ক্রীড়া মন্ত্ৰী নন্দিতা গাৰ্লোছাই সমূহীয়া দৌৰৰ ফ্লেগ অফ কৰে। সমূহীয়া দৌৰত স্কুলীয়া ছাত্ৰ-ছাত...

September 2, 2024 3:48 PM

পশ্চিম ইম্ফলত কুকি উগ্রপন্থীৰ আক্ৰমণত এগৰাকী ৩১ বছৰীয়া মহিলাসহ দুগৰাকী লোক নিহত

মণিপুৰৰ পশ্চিম ইম্ফলত কালি কুকি উগ্রপন্থীয়ে ড্রোন, বোমা আৰু অত্যাধুনিক অস্ত্ৰৰে কৌটুক গাঁৱৰ লোকসকলক আক্ৰমণ কৰাৰ ফলত এগৰাকী ৩১ বছৰীয়া মহিলাসহ দুগৰাকী লোক নিহত হয়। আৰক্ষীয়ে জনোৱা মতে, আক্ৰমণত গুলীৰ আঘাতত গাংবাম চুৰবালা নামৰ মহিলাগৰাকীৰ মৃত্যু হয়। আহত হোৱা লোকসকলৰ ভিতৰত মহিলাগৰাকীৰ ৮ বছৰীয়া কন্যা আৰু দুগৰাকী আৰক্ষী জোৱানো আছে। গৃহ বিভাগে জনোৱা মতে কুকি উগ্ৰপন্থীয়ে নিৰস্ত্ৰ গাঁওবাসীৰ মাজত ব্যাপক ধ্বংসৰ সৃষ্টি কৰা এনে কাৰ্যক ৰাজ্য চৰকাৰে শান্তি প্রতিষ্ঠা কৰিবলৈ লোৱা প্ৰচেষ্টাক ৰে'লপথৰ পৰা নমাই...

September 2, 2024 8:54 AM

আজি নিশা ৯.৩০ বজাত আকাশবাণীৰ পাব্লিক স্পীক অনুষ্ঠান

■ আকাশবাণী বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা ৯.৩০ বজাত বাহকজনিত ৰোগৰ লক্ষণ, প্ৰতিকাৰ আৰু চিকিৎসা সন্দৰ্ভত সৰ্বভাৰতীয় আয়ুর্বিজ্ঞান প্ৰতিষ্ঠানৰ কমিউনিটি মেডিচিন বিভাগৰ অধ্যাপক ডাঃ পুণিত মিশ্ৰ আৰু বাহকজনিত ৰোগ নিয়ন্ত্ৰণৰ ৰাষ্ট্ৰীয় কেন্দ্ৰৰ সঞ্চালক ডাঃ তনু জৈনৰ সৈতে হোৱা এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আগ্রহী শ্রোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত ০১১-২৩৪২ ১০৫০ আৰু ০১১ ২৩৩১ ৪৪৪৪ নম্বৰত ফোন কৰি এই সন্দৰ্ভত বিশেষজ্ঞ কেইগৰাকীক প্ৰশ্ন সুধিব পাৰিব। তেওঁলোকে ৱাটছএপ যোগে ৯২৮৯০ ...

August 31, 2024 8:26 PM

নগাঁৱৰ জিলা পুথিভঁড়াল প্রেক্ষাগৃহত ৩ দিনীয়া কাৰ্যসূচীৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় মধ্যকালিন অধিবেশন

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় মধ্যকালিন অধিবেশন কালিৰে পৰা নগাঁৱৰ জিলা পুথিভঁড়াল প্রেক্ষাগৃহত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। কালি পুৱা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাইয়ে পতাকা উত্তোলন আৰু সাধাৰণ সম্পাদক ৰাতুল বৰগোহাইয়ে শহিদ তৰ্পন কাৰ্যসূচীৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে। আজি পুৱা সাংস্কৃতিক শোভাযাত্ৰাৰে দ্বিতীয় দিনৰ কাৰ্যসূচী আৰম্ভ হয়। নগাওঁ জিলাৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই মুকলি কৰা এই শোভাযাত্ৰাত ৩ সহস্রাধিক লোকে অংশগ্রহণ কৰে।

August 31, 2024 8:24 PM

ভাৰতীয় তেল নিগমৰ ৬৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে বঙাইগাঁও শোধনাগাৰৰ চিকিৎসালয়ত ৰক্তদান শিবিৰ

ভাৰতীয় তেল নিগমৰ ৬৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে চিৰাঙৰ ঢালিগাঁৱত থকা বঙাইগাঁও শোধনাগাৰৰ চিকিৎসালয়ত আজি ৰক্তদান শিবিৰ অনুষ্ঠিত হয়। বঙাইগাঁও শোধনাগাৰৰ চিকিৎ‍সালয়ৰ উদ্যোগত আৰু বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ সহযোগত অনুষ্ঠিত এই শিবিৰত শোধনাগাৰৰ বিষয়া- কৰ্মচাৰী, কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ বিষয়া-জোৱানসকলে ৰক্তদান কৰে। বঙাইগাঁও শোধনাগাৰৰ মুখ্য প্ৰবন্ধক ৰূপম কুমাৰ তালুকদাৰে ৰক্তদান শিবিৰ মুকলি কৰে। এই শিবিৰত ৩০ জনৰো অধিক বিষয়া- কৰ্মচাৰীয়ে ৰক্তদান কৰে৷

August 31, 2024 8:21 PM

চৰাইদেউ জিলাৰ সোণাৰি পৌৰসভা এলেকাত অসমীয়াত নামফলক ব্যৱহাৰ কৰিবলৈ সোণাৰি পৌৰসভাৰ নিৰ্দেশনা

চৰাইদেউ জিলাৰ সোণাৰি পৌৰসভা এলেকাত অৱস্থিত সকলো দোকান, ব্যৱসায়িক প্ৰতিষ্ঠানত অসমীয়াত নামফলক ব্যৱহাৰ কৰিবলৈ সোণাৰি পৌৰসভাই নিৰ্দেশনা জাৰি কৰিছে। চৰাইদেউ জিলা ঐক্যমঞ্চই দিয়া স্মাৰক পত্ৰৰ প্ৰতি সন্মান জনাই সোণাৰি পৌৰসভাৰ কাৰ্যবাহী বিষয়াই অসমীয়াত নামফলক ব্যৱহাৰ কৰাতো বাধ্যতামূলক কৰিছে। জাৰি কৰা নির্দেশ অনুযায়ী অহা ১০ ছেপ্তেম্বৰৰ ভিতৰত সকলো দোকান আৰু ব্যৱসায়িক প্ৰতিষ্ঠানৰ সন্মুখত অঁৰা নামফলকসমূহ অসমীয়াত লিখিবলৈ নিৰ্দেশ দিয়া হৈছে।

August 31, 2024 8:17 PM

যোৰহাট আৰক্ষী ছাউনীত জিলাখনত আইন শৃংখলা পৰিস্থিতি আৰু অপৰাধ তদন্ত বিষয়ক পর্যালোচনা বৈঠক অনুষ্ঠিত

যোৰহাট জিলাত আইন শৃংখলা পৰিস্থিতি আৰু অপৰাধ তদন্ত বিষয়ক এখন পর্যালোচনা বৈঠক আজি যোৰহাট আৰক্ষী ছাউনীত অনুষ্ঠিত হয়। যোৰহাট আৰক্ষী অধীক্ষকৰ পৌৰহিত্যত অনুষ্ঠিত এই বৈঠকত আৰক্ষীসকলে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ বিষয়েও আলোচনা কৰা হয়। যোৱা মাহত পাৰদৰ্শিতা দেখুওৱা আৰক্ষীক এই বৈঠকত পুৰস্কাৰ আৰু মানপত্ৰ প্ৰদান কৰা হয়।