September 6, 2024 7:13 PM

কংগ্ৰেছৰ অন্যান্য তাৰকা প্ৰচাৰকৰ জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান

কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খাৰ্গে, দলৰ প্ৰাক্তন মুৰব্বী ছোনীয়া গান্ধী আৰু ৰাহুল গান্ধী আৰু এ আই চি চিৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভদ্ৰাৰ লগতে কংগ্ৰেছৰ অন্যান্য তাৰকা প্ৰচাৰকসকলে জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ বাবে দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযানত নামি পৰিছে। আমাৰ সংবাদদাতাই জনোৱা মতে জয়ৰাম ৰমেশ, কে চি বেনুগোপাল, শচীন পাইলট, গুলাম আহমদ মীৰ, হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং আৰু উপ-মুখ্যমন্ত্ৰী মুকেশ অগ্নিহোত্ৰীয়েও দলৰ হৈ প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰিছে।

September 6, 2024 6:01 PM

ৰাজ্যৰ ১৯ খন জিলাৰ আয়ুক্তৰ সালসলনি ঘটোৱা হৈছে

ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগৰ প্ৰধান সচিবে জাৰি কৰা এটা নিৰ্দেশনা অনুসৰি ৰাজ্যৰ ১৯ খন জিলাৰ আয়ুক্তৰ সালসলনি ঘটোৱা হৈছে। কামৰূপৰ আয়ুক্ত কীৰ্তি জলীক পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ আয়ুক্ত হিচাপে বদলি কৰা হৈছে। বিপৰীতে শিৱসাগৰৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰক কামৰূপৰ আয়ুক্ত হিচাপে বদলি কৰা হৈছে। কাছাৰৰ আয়ুক্ত ৰোহন কুমাৰ ঝাক বৰপেটালৈ বদলি কৰাৰ বিপৰীতে বৰ্তমানৰ বৰপেটাৰ আয়ুক্ত আয়ুষ গাৰ্গক শিৱসাগৰলৈ বদলি কৰা হৈছে। আনহাতে কৰিমগঞ্জৰ আয়ুক্ত মৃদুল যাদৱক কাছাৰৰ আয়ুক্ত হিচাপে বদলি কৰা হৈছে। গোলাঘাটৰ আয়ুক্ত ড০ পি...

September 5, 2024 9:08 PM

মাজুলী জিলা আইন সেৱা প্ৰাধিকৰণৰ সৌজন্যত গড়মূৰত ৰাষ্ট্ৰীয় লোক আদালতৰ প্ৰাক প্রস্তুতিমূলক সভা অনুষ্ঠিত

মাজুলী জিলা আইন সেৱা প্ৰাধিকৰণৰ সৌজন্যত গড়মূৰত অনাগত ৰাষ্ট্ৰীয় লোক আদালতৰ প্ৰাক প্রস্তুতিমূলক এখন সভা অনুষ্ঠিত হয়। সভাত লোক আদালতৰ জৰিয়তে নিষ্পত্তি হোৱা নোহোৱা গোচৰসমূহৰ ক্ষেত্ৰত বাদী-বিবাদীসকলে সন্মুখীন হোৱা অসুবিধাসমূহৰ বিষয়ে আলোচনা কৰা হয়। উল্লেখযোগ্য যে অহা ১৪ ছেপ্তেম্বৰত জিলাখনত ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ'ব।

September 5, 2024 9:07 PM

আই আই টি গুৱাহাটী চৌহদত কাইলৈ আই আই টি গুৱাহাটী আৰু এয়াৰ বাছ ইণ্ডিয়া প্রাইভেট লিমিটেডৰ মাজত চুক্তি স্বাক্ষৰ অনুষ্ঠানৰ আয়োজন

আই আই টি গুৱাহাটী চৌহদত কাইলৈ আই আই টি গুৱাহাটী আৰু এয়াৰ বাছ ইণ্ডিয়া প্রাইভেট লিমিটেডৰ মাজত চুক্তি স্বাক্ষৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা আৰু আই আই টি গুৱাহাটীৰ সঞ্চালক অধ্যাপক দেৱেন্দ্ৰ জেলিহালৰ উপস্থিতিত বিয়লি চাৰে ৩ বজাৰ পৰা চুক্তি স্বাক্ষৰ অনুষ্ঠানটি অনুষ্ঠিত হ'ব।

September 5, 2024 6:32 PM

কাইলৈ ডিব্ৰুগড়ত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ক্ষুদ্র সচিবালয় মুকলি কৰিব

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কাইলৈ ডিব্ৰুগড়ত ক্ষুদ্র সচিবালয় মুকলি কৰিব। উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যৰ জলসম্পদ মন্ত্রী পীযূষ হাজৰিকা আৰু ডিব্ৰুগড়ৰ বিধায়ক প্রশান্ত ফুকনো উপস্থিত থাকিব। এই সচিবালয়ে উজনি অসমৰ ডিব্ৰুগড়, তিনিচুকীয়া, লখিমপুৰ, ধেমাজি, শিৱসাগৰ, চৰাইদেউ, মাজুলী, যোৰহাট আৰু গোলাঘাট জিলাৰ প্ৰায় ৭৯ লাখ জনসাধাৰণৰ সৈতে প্ৰশাসনৰ সংযোগ বৃদ্ধি কৰিব আৰু ৰাজ্যিক আৰু কেন্দ্ৰীয় আঁচনি তথা প্ৰকল্প ধাৰাবাহিক পর্যবেক্ষণ আৰু স্থা...

September 5, 2024 6:10 PM

অসম চুক্তিৰ ৬ নম্বৰ দফা কাৰ্যকৰী সন্দৰ্ভত ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগে আগবঢ়োৱা পৰামৰ্শাৱলীৰ ৮০ শতাংশ ৰূপায়ণৰ সিদ্ধান্ত অসম মন্ত্রীসভাৰ

অসম মন্ত্রীসভাই ৰাজ্যখনৰ ভূমি, থলুৱা জনগোষ্ঠীসমূহৰ ভাষা আৰু সংস্কৃতি ৰক্ষাৰ বাবে অসম চুক্তিৰ ছয় নম্বৰ দফা কাৰ্যকৰী কৰা সন্দৰ্ভত ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগে আগবঢ়োৱা পৰামৰ্শাৱলীৰ ৮০ শতাংশ ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি বিপ্লৱ শৰ্মা আয়োগে আগবঢ়োৱা ৬৭ টা পৰামৰ্শৰ ভিতৰত ৫৭ টা পৰামৰ্শ অহা বছৰৰ ১৫ এপ্ৰিলৰ ভিতৰত ৰূপায়ণ কৰা হ'ব। ইফালে, কেবিনেটৰ আন এটা সিদ্ধান্ত অনুসৰি কৰ্তব্যৰত অৱস্থাত মৃত্যু অথবা সম্পূৰ্ণৰূপে বিকলাংগ হোৱা ৰা...

September 3, 2024 7:58 PM

প্ৰতিৰক্ষা প্ৰস্তুতি সুদৃঢ় কৰাৰ উদ্দেশ্যে ১ লাখ ৪৫ হাজাৰ কোটি টকাৰ প্ৰস্তাৱত কেন্দ্ৰৰ অনুমোদন

চৰকাৰে দেশৰ প্ৰতিৰক্ষা প্ৰস্তুতি সুদৃঢ় কৰাৰ উদ্দেশ্যে ১ লাখ ৪৫ হাজাৰ কোটি টকাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাৰ প্ৰতিৰক্ষা ক্ৰয় পৰিষদে ১০ টা মূলধনী ক্রয় প্ৰস্তাৱত অনুমোদন দিছে। পৰিষদে ভৱিষ্যতৰ যুদ্ধবাহন, বায়ু প্ৰতিৰক্ষা জুই নিয়ন্ত্ৰণ ৰাডাৰ, ডৰ্ণিয়াৰ-228 শ্ৰেণীৰ বিমান, ভৱিষ্যত প্ৰজন্মৰ ক্ষীপ্ৰ তহলদাৰী আৰু উপকূলীয় তহলদাৰী জাহাজ ক্ৰয়ৰ প্ৰস্তাৱত অনুমোদন জনাইছে।

September 3, 2024 7:02 PM

১৪ ছেপ্তেম্বৰত শোণিতপুৰ জিলা আদালৰ প্রাংগনত ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ’ব

শোণিতপুৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত অহা ১৪ ছেপ্তেম্বৰত শোণিতপুৰ জিলা আদালত প্রাংগনত ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ'ব। এই বিশেষ লোক আদালতত মটৰ দুৰ্ঘটনা গোচৰ, দেৱানী গোচৰ, যান-বাহন তথা আবকাৰী গোচৰ আৰু ফৌজদাৰী গোচৰসমূহ নিষ্পত্তি কৰা হ'ব। লোক আদালতৰ বিশেষত্ব হৈছে খৰতকীয়াকৈ গোচৰ নিষ্পত্তি কৰা। দেৱানী গোচৰৰ বাবে আদালতত পৰিশোধ কৰা মাচুল উভতাই দিয়া হয় আৰু আপিলৰ ব্যৱস্থা নাথাকে। সেয়েহে সংশ্লিষ্ট ব্যক্তিসকলে আগতীয়াকৈ আলোচনাৰ মাধ্যমেৰে সমস্যা সমাধান কৰাৰ লগতে লোক আদালতৰ দিনা সমাধান কৰিব পাৰিব।

September 3, 2024 6:57 PM

গোলাঘাটৰ জিলা আয়ুক্ত ডা০ উদয় প্রবীণৰ সভাপতিত্বত জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত প্রধানমন্ত্রী আদর্শ গ্রাম যোজনাৰ সভা

গোলাঘাটৰ জিলা আয়ুক্ত ডা০ উদয় প্রবীণৰ সভাপতিত্বত আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত প্রধানমন্ত্রী আদর্শ গ্রাম যোজনা এখন সভা অনুষ্ঠিত হয়। সভাখনত এই আঁচনিখনৰ কাম-কাজ আৰু অগ্ৰগতিৰ খতিয়ান লোৱা হয়। জিলা আয়ুক্তগৰাকীয়ে এই যোজনাৰ বাবে নিৰ্বাচিত হিতাধিকাৰীসকলক প্ৰদান কৰিবলগীয়া সুবিধাসমূহ ৭ ছেপ্তেম্বৰৰ ভিতৰত প্ৰদান কৰিব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট সকলোকে আহ্বান জনায়। সভাত জিলা উন্নয়ন আয়ুক্ত, জিলা চক্র বিষয়া, বিভিন্ন বিভাগৰ মূৰব্বী বিষয়াসকল আৰু খণ্ড উন্নয়ন বিষয়াসকল উপস্থিত থাকে।

September 3, 2024 6:45 PM

অসমৰ প্ৰাক্তন ৰাজ্যপাল তথা বর্তমান পাঞ্জাবৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াক আজি অসম চৰকাৰৰ তৰফৰ পৰা সম্বৰ্ধনা

অসমৰ প্ৰাক্তন ৰাজ্যপাল তথা বর্তমান পাঞ্জাবৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াক আজি অসম চৰকাৰৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। পঞ্চায়ত তথা গ্রামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু পৰিৱেশ আৰু বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে পাঞ্জাবৰ ৰাজভৱনত শ্ৰী কাটাৰিয়াক সাক্ষাৎ কৰি এখন ফুলাম গামোচা আৰু শৰাইৰ লগতে মুখ্যমন্ত্ৰীয়ে প্ৰেৰণ কৰা ধন্যবাদসূচক প্ৰস্তাৱ অৰ্পণ কৰে। মন্ত্ৰী দুগৰাকীয়ে অসম আৰু পাঞ্জাবৰ মাজত সাংস্কৃতিক বিনিময়ৰ ক্ষেত্ৰত উদ্যোগ ল'বলৈও পাঞ্জাবৰ ৰাজ্যপালগৰাকীক আহ্বান জনায়। উল্লেখযোগ্য যে অসমৰ প...