September 7, 2024 12:54 PM

উত্তৰ পূৰ্বাঞ্চলত পৰৱৰ্তী ৭ দিনত ধাৰাসাৰ বৰষুণৰ আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত পৰৱৰ্তী ৭ দিনত ধাৰাসাৰ বৰষুণ হ’ব পাৰে বুলি আগলি বতৰা দিছে। বিভাগটোৱে লগতে গুজৰাট, মহাৰাষ্ট্ৰ আৰু পূব ৰাজস্থানত অহা দুদিনত নেৰানেপেৰা বৰষুণ হ'ব পাৰে বুলি প্ৰকাশ কৰিছে।

September 7, 2024 12:52 PM

দুদিনীয়া কাৰ্যসূচীৰে চিৰাঙত তৃতীয় কমতা মিউজিক ফেষ্টিভেল আৰম্ভ

কমতাপুৰ কোচ ৰাজবংশী আৰ্টিষ্ট ছ'ছাইটিৰ উদ্যোগত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে চিৰাঙৰ বাসুগাঁও হেকৈপাৰাত তৃতীয় কমতা মিউজিক ফেষ্টিভেল আৰম্ভ হ'ব। বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰীয়ে পুৱা পতাকা উত্তোলনেৰে এই মহোৎসৱ মুকলি কৰিব। ইয়াৰ পাছতে কোচ ৰাজবংশী লোকনৃত্য, প্রতিনিধি সভা আদি অনুষ্ঠিত হ'ব। ...

September 7, 2024 12:51 PM

আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত আজি উত্তৰ পূৰ্বাঞ্চলত ৰেলৱেৰ আধুনিকীকৰণ সন্দৰ্ভত আলোচনা প্ৰচাৰ

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে আজি নিশা ৮ বাজি ২ মিনিটৰ ফোন ইন দৃষ্টিপাত অনুষ্ঠানত উত্তৰ পূৰ্বাঞ্চলত ৰেলৱেৰ আধুনিকীকৰণ সন্দৰ্ভত আলোচনা প্ৰচাৰ কৰিব। এই অনুষ্ঠানত উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মা সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। আগ্রহী শ্রোতাই...

September 7, 2024 12:49 PM

ঢকুৱাখানা মহাবিদ্যালয়লৈ বিশ্ববিদ্যালয় অনুদান আয়োগৰ অটন’মাছ কলেজৰ স্বীকৃতি প্ৰদান

বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা ঢকুৱাখানা মহাবিদ্যালয়ে শৈক্ষিক ক্ষেত্ৰখনৰ উত্তৰণত নৱ সংযোজন হিচাপে অটন'মাছ কলেজৰ স্বীকৃতি লাভ কৰিছে। ইফালে মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ উদ্যোগত কালি লখিমপুৰৰ নৰ্থ বেংক কলেজৰ ৬৪ সংখ্যক নৱাগত আদৰণি সভা অনুষ্ঠিত হয়। সভাত মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড...

September 7, 2024 12:47 PM

ব্যক্তিগত তথ্য বিচৰা প্ৰবঞ্চনামূলক ৱেবছাইটৰ বিৰুদ্ধে প্ৰেছ ইনফৰমেচন ব্যুৰোৰ সকিয়নি

প্ৰেছ ইনফৰমেচন ব্যুৰোৰ তথ্য পৰীক্ষা গোটে অফিচিয়েল ৱেবছাইটৰ ৰূপত ব্যক্তিগত তথ্য বিচৰা প্ৰবঞ্চনামূলক ৱেবছাইটৰ বিৰুদ্ধে সকিয়নি দিছে। তথ্য পৰীক্ষা গোটে কৈছে যে, প্রবঞ্চনামূলক ৱেবছাইট "bsnltowerindia.com" এ প্ৰতাৰনামূলকভাৱে ফাইভ-জি টাৱাৰ স্থাপনৰ বাবে আবেদনৰ আমন্ত্ৰণ জনাইছে। প্ৰেছ ইনফৰমেচন ব্যুৰোৱে কৈছে...

September 7, 2024 12:43 PM

ৰাজ্যৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য

ৰাজ্যৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত মন্তব্য কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে কেন্দ্ৰই পূৰ্বৰেপৰা জনজাতীয় মর্যাদা লাভ কৰা জনজাতিসমূহৰ অসুবিধা নোহোৱাকৈ পূৰ্বৰ চৰকাৰে বিধানসভাত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰস্তাৱত সালসলনি কৰি নতুনকৈ প্ৰস্তাৱ প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিছে। বৰ্তমান ৰাজ্য চৰকাৰে...

September 7, 2024 12:41 PM

ৰাজ্যৰ ১৯ খন জিলাৰ আয়ুক্তৰ সালসলনি

ৰাজ্যৰ ১৯ খন জিলাৰ আয়ুক্তৰ সালসলনি ঘটোৱা হৈছে। ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগৰ প্ৰধান সচিবে জাৰি কৰা এটা নিৰ্দেশনা অনুসৰি কামৰূপৰ আয়ুক্ত কীৰ্তি জলীক পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ আয়ুক্ত হিচাপে বদলি কৰা হৈছে। শোণিতপুৰৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰক কামৰূপৰ আয়ুক্ত হিচাপে বদলি কৰা হৈছে। কাছাৰৰ আয়ুক্ত হিচাপে ক...

September 7, 2024 12:38 PM

ধিঙৰ ধৰ্ষণকাণ্ডৰ পলাতক ২ অভিযুক্তৰ আত্মসমৰ্পন

ধিঙৰ ধৰ্ষণকাণ্ডৰ পলাতক ২ অভিযুক্ত গোলাবুদ্দিন আৰু ফৰিদুল ইছলামে কালি নগাওঁ জিলা আৰক্ষী অধীক্ষকৰ ওচৰত আত্মসমৰ্পন কৰে। ঘটনা সংঘটিত হোৱাৰ পাছতে পলায়ন কৰা দুই অভিযুক্তৰ এজনে চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ ডিমাপুৰত আৰু আনজনে মৰিগাওঁত আত্মগোপন কৰি আছিল। অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কাৰ্যকৰী সভাপতি আবুবক্কৰ ছ...

September 7, 2024 12:36 PM

বিশ্ব মল্লযুদ্ধ প্রতিযোগিতাৰ মহিলাৰ ৬২ কিলোগ্রাম ওজন শাখাৰ ফ্ৰী ষ্টাইল শিতানত নিটিকাইৰ ৰূপৰ পদক অৰ্জন

ভাৰতৰ নিটিকাই কালি স্পেইনৰ প'ণ্টেৱেড্ৰাত অনুষ্ঠিত ২০ বছৰৰ অনুৰ্ধৰ বিশ্ব মল্লযুদ্ধ প্রতিযোগিতাৰ মহিলাৰ ৬২ কিলোগ্রাম ওজন শাখাৰ ফ্ৰী ষ্টাইল শিতানত ৰূপৰ পদক অৰ্জন কৰে। নিটিকাই ফাইনেলত ইউক্রেইনৰ মল্লযোদ্ধা ইৰিনা বোন্দাৰাৰ হাতত ১-৪ ফলাফলত পৰাজিত হয়। খেলুৱৈগৰাকীয়ে যোৱা বছৰ ২০ বছৰৰ অনুৰ্ধৰ এছিয়ান চেম্পিয...

September 7, 2024 12:33 PM

ড’নাল্ড ট্রাম্পৰ মানহেট্টান গুপ্ত ধন অপৰাধ সম্পৰ্কীয় গোচৰৰ শাস্তি ঘোষণাৰ সময় স্থগিত

আমেৰিকাত ৰিপাব্লিকান দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ড'নাল্ড ট্রাম্পৰ মানহেট্টান গুপ্ত ধন অপৰাধ সম্পৰ্কীয় গোচৰৰ শাস্তি ঘোষণাৰ সময় নৱেম্বৰত হ'বলগীয়া নিৰ্বাচনলৈকে স্থগিত ৰখা হৈছে। ন্যায়াধীশ জুয়ান মাৰ্চানে ৫ নৱেম্বৰত হবলগীয়া নিৰ্বাচনৰ ৩ সপ্তাহৰ পাছলৈ শাস্তি ঘোষণাৰ সময় পিছুৱাই দিছে। আদালতে ১৮ ছেপ্টেম...