September 7, 2024 7:24 PM

অসম চুক্তিৰ ৬ নম্বৰ দফা ৰূপায়ণৰ বাবে গঠিত সমিতিৰ পৰামৰ্শৰ ৫২ টা পৰামৰ্শ অহাবছৰৰ ১৫ এপ্ৰিলৰ ভিতৰত কাৰ্যকৰীকৰণৰ বাবে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত গ্ৰহণ

অসম চুক্তিৰ ৬ নম্বৰ দফা ৰূপায়ণৰ বাবে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ নেতৃত্বত গঠিত সমিতিয়ে দিয়া পৰামৰ্শৰ ভিতৰত ৫২ টা পৰামৰ্শ অহাবছৰৰ ১৫ এপ্ৰিলৰ ভিতৰত কাৰ্যকৰী কৰাৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি এখন সংবাদমেলত এই বিষয়ে প্রকাশ কৰে। তেওঁ কয় যে সম...

September 7, 2024 6:38 PM

উত্তৰ-পূৰ্বাঞ্চলৰ ৭ ৰাজ্যত পৰৱৰ্তী ৭ দিনত ধাৰাসাৰ বৰষুণৰ আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত পৰৱৰ্তী ৭ দিনত ধাৰাসাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বিভাগটোৱে লগতে গুজৰাট, মহাৰাষ্ট্ৰ আৰু পূৱ ৰাজস্থানত অহা দুদিনত মুষলধাৰ বৰষুণ হ'ব পাৰে বুলি প্ৰকাশ কৰিছে।

September 7, 2024 6:34 PM

ওদালগুৰিত আয়ুষ্মান ভাৰত ডিজিটেল মিছনৰ অধীনত আজি স্বাস্থ্য প্ৰতিষ্ঠা পঞ্জীয়ন অনুষ্ঠিত

ওদালগুৰি জিলাত আয়ুষ্মান ভাৰত ডিজিটেল মিছনৰ অধীনত আজি স্বাস্থ্য প্ৰতিষ্ঠা পঞ্জীয়ন অনুষ্ঠিত হয়। এই পঞ্জীয়নৰ জৰিয়তে স্বাস্থ্য সেৱাৰ সৈতে জড়িত চিকিৎসক, নাৰ্ছকে ধৰি চিকিৎসালয়, ক্লিনিক, পৰীক্ষাগাৰ আৰু ফাৰ্মাচী আদি ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ সকলো প্ৰতিষ্ঠান আয়ুষ্মান ভাৰত ডিজিটেল মিছনৰ অধীনত পঞ্জীয...

September 7, 2024 6:30 PM

বৰপেটা পৌৰসভাৰ ২২টা ৱাৰ্ডৰ ভিতৰত ১৯টা ৱাৰ্ডত পানী পৰিশোধন কেন্দ্ৰ স্থাপন

সাংসদ তথা পৌৰসভাৰ পদেন সদস্য ফণীভূষণ চৌধুৰীয়ে আজি ১৫ নম্বৰ ৱাৰ্ডত এটা পানী পৰিশোধন কেন্দ্ৰ মুকলি কৰে। এই উপলক্ষে অনুষ্ঠানত ভাষণ দি শ্রী চৌধুৰীয়ে কয় যে, বৰপেটা পৌৰসভাৰ ২২টা ৱাৰ্ডৰ ভিতৰত ১৯টাত এনে পৰিশোধন কেন্দ্ৰ স্থাপন কৰা হৈছে। বাকী ৩টা ৱাৰ্ডত পৰৱৰ্তী পৰ্যায়ত স্থাপন কৰা হ'ব বুলি তেওঁ প্ৰকাশ কৰে।

September 7, 2024 6:25 PM

কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত ডিমৰীয়া উন্নয়নত খণ্ডত বিভিন্ন আঁচনিসমূহৰ বিষয়ে পর্যালোচনা মন্ত্ৰী ৰণজিত কুমাৰ দাসৰ

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিত কুমাৰ দাসে আজি কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত ডিমৰীয়া উন্নয়নত খণ্ডত বিভাগৰ বিভিন্ন আঁচনিসমূহৰ বিষয়ে পর্যালোচনা কৰে। পৰ্যালোচনাকালত মন্ত্ৰীগৰাকীয়ে এই আঁচনিসমূহ সঠিক সময়ত সমাপ্ত কৰাৰ বাবে বিভাগীয় বিষয়াসকলক নির্দেশ প্রদান কৰে। সভাত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহ...

September 7, 2024 6:22 PM

প্রধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ, ২০২৫ৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন ১৫ ছেপ্তেম্বৰ

প্রধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ, ২০২৫ৰ বাবে মনোনয়ন দাখিল অন্তিম দিন ১৫ ছেপ্তেম্বৰ ধাৰ্য কৰা হৈছে। এই বঁটাৰ জৰিয়তে শিশুসকলৰ মাজত থকা শক্তি, দৃঢ়তা আৰু যোগ্যতাক উৎসাহ যোগোৱা হয়। ৫ বছৰ বয়সৰ ঊৰ্ধৰ আৰু ১৮ বছৰ বয়সৰ তলৰ শিশুক এই বঁটাৰ বাবে নিৰ্বাচন কৰা হয়। উল্লেখযোগ্য যে মহিলা আৰু শিশু বিকাশ মন...

September 7, 2024 6:17 PM

আইন-শৃংখলা পৰিস্থিতি উন্নতৰ দিশত আৰক্ষী আৰু জনসাধাৰণৰ মাজত পাৰস্পৰিক সহযোগিতাৰে থানা পৰ্যায়ৰ নাগৰিক সমিতিসমূহ গঠন কৰা হৈছেঃ মুখ্যমন্ত্ৰী

ৰাজ্যত আইন-শৃংখলা পৰিস্থিতি উন্নত কৰাৰ দিশত আৰক্ষী আৰু জনসাধাৰণৰ মাজত পাৰস্পৰিক সহযোগিতাৰে থানা পৰ্যায়ৰ নাগৰিক সমিতিসমূহ গঠন কৰা হৈছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি প্ৰকাশ কৰে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এই নাগৰিক সমিতিসমূহৰ সন্মিলনত ভাষণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় য...

September 7, 2024 6:12 PM

দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো ধৰ্মীয় ৰীতি-নীতিৰে গণেশ পূজা পালন

দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো আজি ধৰ্মীয় ৰীতি-নীতি আৰু উৎসাহ-উদ্দীপনাৰে সিদ্ধি দাতা, বিঘিনি নাশক গণেশ দেৱতাৰ পূজা-অৰ্চনা কৰা হৈছে। এই উপলক্ষে আজি গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ গণেশ মন্দিৰসমূহত অগণন ভক্তৰ সমাগম পৰিলক্ষিত হয়। গুৱাহাটী মহানগৰীৰ লতাশিল, গণেশগুৰি আৰু খানাপাৰাৰ গণেশ...

September 7, 2024 12:57 PM

যোৰহাট বিজ্ঞান আৰু তাৰকাগৃহৰ প্ৰেক্ষাগৃহত পোষণ মাহ ২০২৪ ৰ আনুষ্ঠানিকভাৱে আৰম্ভ

সমগ্ৰ দেশ তথা ৰাজ্যৰ সমান্তৰালকৈ যোৰহাটতো জিলা প্ৰশাসনৰ উদ্যোগত মহিলা আৰু শিশু বিকাশ বিভাগৰ সহযোগত যোৰহাট বিজ্ঞান আৰু তাৰকাগৃহৰ প্ৰেক্ষাগৃহত পোষণ মাহ ২০২৪ৰ আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হয়। এই অনুষ্ঠানত ভাগ লৈ মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ভাৰত চৰকাৰৰ শিশু তথা মহিলা বিকাশ মন্ত্র্যালয়ে শিশু, গৰ্ভ...

September 7, 2024 12:55 PM

ভাৰত-বাংলাদেশ সীমান্তৰ স্থিতি সম্পৰ্কত বি এছ এফ আৰু বিজিবিৰ মাজত বৈঠক অনুষ্ঠিত

সীমান্ত সুৰক্ষা বাহিনী, বি এছ এফে বৰ্ডাৰ গার্ড বাংলাদেশ বিজিবিক ভাৰতীয় ভূখণ্ডত বাংলাদেশী নাগৰিকৰ অবৈধ প্ৰৱেশ ৰোধ কৰিবলৈ কৈছে। দুয়োটা বাহিনীয়ে ভাৰত-বাংলাদেশ সীমান্তৰ স্থিতি সম্পর্কে অলপতে এখন বৈঠকত মিলিত হয়। বৈঠকত বিজিবিয়ে বাংলাদেশত বাস কৰা ভাৰতীয় নাগৰিক আৰু সংখ্যালঘু সম্প্ৰদায়ৰ লোকৰ সুৰক্ষাৰ ...