September 8, 2024 12:14 PM

য়’নেক্স- ছানৰাইজ উত্তৰ-পূৱ মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টন প্রতিযোগিতাৰ দলীয় শাখাৰ ছেমিফাইনেলত অসমৰ জুনিয়ৰ ল’ৰা আৰু ছোৱালীৰ দলৰ প্ৰৱেশ

গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা ক্রীড়া প্ৰকল্পৰ কনকলতা ইন্দোৰ ষ্টেডিয়ামত য়'নেক্স- ছানৰাইজ উত্তৰ-পূৱ মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টন প্রতিযোগিতা চলি আছে। বেডমিণ্টন এছ'চিয়েচন অব ইণ্ডিয়াৰ সহযোগিতাত অসম বেডমিণ্টন সন্থাই আয়োজন কৰা ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনৰ দলীয় শাখাৰ ছেমিফাইনেলত অসমৰ পুৰুষ আৰু মহিলা তথা...

September 8, 2024 12:12 PM

নৱম সংখ্যক মাজুলী জিলা দিৱস উপলক্ষে বিভিন্ন কার্যসূচী ৰূপায়ন

নৱম সংখ্যক মাজুলী জিলা দিৱস উপলক্ষে আজি পুৱাৰ ভাগতে কমলাবাৰীত ঘড়ী টাৱাৰৰ আধাৰশিলা স্থাপনৰ পাছত সমূহিয়া ছাফাই অভিযান কার্যসূচী ৰূপায়ন কৰা হয়। ইয়াৰ পাছতে গড়মূৰ জিলা কাৰাগাৰত যোগাসনৰ এক কাৰ্যসূচী ৰূপায়ন কৰা হয়। দুপৰীয়াৰ ভাগত গড়মূৰৰ বংশীগোপাল নাট্য মন্দিৰত কলা প্ৰতিযোগিতা আৰু জনসভা অনুষ্ঠিত হ'...

September 8, 2024 12:09 PM

প্রধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰষ্কাৰ, ২০২৫ৰ বাবে ১৫ ছেপ্তেম্বৰ মনোনয়ন দাখিলৰ অন্তিম দিন

প্রধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰষ্কাৰ, ২০২৫ৰ বাবে ১৫ ছেপ্তেম্বৰ মনোনয়ন দাখিলৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে প্রতি বছৰে জানুৱাৰীত এই বঁটাসমূহ প্ৰদান কৰে। এই বছৰৰ বঁটা প্ৰাপকসকলৰ নাম ২৬ ডিচেম্বৰত সাহসী শিশু দিৱসৰ দিনা ঘোষণা কৰা হ'ব। শিশুসকলৰ সামৰ্থ, দৃঢ়তা, উৎসাহ- উদ্দী...

September 8, 2024 12:06 PM

বিধায়ক ৰূপেশ গোৱালাৰ তিনিচুকীয়া জিলাৰ ডুমডুমা বিধানসভা সমষ্টিত বিভিন্ন উন্নয়নমূলক প্রকল্পৰ আধাৰশিলা স্থাপন

বিধায়ক ৰূপেশ গোৱালাই তিনিচুকীয়া জিলাৰ ডুমডুমা বিধানসভা সমষ্টিত ৬২ লাখ ৬৩ হাজাৰ টকা ব্যয় বে নির্মাণ কৰিবলগীয়া ৮টা বিভিন্ন উন্নয়নমূলক প্রকল্পৰ আধাৰশিলা স্থাপন কৰে। আধাৰশিলা স্থাপন অনুষ্ঠানত পৌৰসভাৰ পৌৰপতি কান্তা ভট্টাচার্যী, পৌৰসভাৰ কার্যবাহী বিষয়া বিদ্যুৎ বিকাশ চাংমা, উপ-পৌৰপতি মনি দত্ত লগতে আন...

September 8, 2024 12:02 PM

ৰাষ্ট্ৰীয় শিশু স্বাস্থ্য কাৰ্যক্ৰমৰ অধীনত ধুবুৰী জিলাত বিশেষ স্বাস্থ্য শিবিৰ আয়োজন

ধুবুৰী জিলাৰ ধৰ্মশালা খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ আলমগঞ্জ গেৰামাৰী একত্ৰীকৰণ উচ্চ মাধ্যমিক বিদ্যালয়ত ৰাষ্ট্ৰীয় শিশু স্বাস্থ্য কাৰ্যক্ৰমৰ অধীনত কালি এটা বিশেষ স্বাস্থ্য শিবিৰ আয়োজন কৰা হয়। জিলাখনত প্ৰতিদিনে প্ৰতিখন খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ বিদ্যালয় আৰু অঙ্গনৱাদী কেন্...

September 8, 2024 11:57 AM

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্র প্রকল্প ১ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্র প্রকল্প ১ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হ'ব। বন বিভাগে এটা বিবৃতিযোগে এইকথা সদৰি কৰিছে। অৱশ্যে মুকলি কৰি দিয়া বিষয়টো বতৰৰ ওপৰত নিৰ্ভৰ কৰিব বুলিও বিবৃতিটোত উল্লেখ কৰা হৈছে। কঁহৰা, বাগৰি আৰু বুঢ়াপাহাৰ বনাঞ্চল কেৱল জীপ ছাফাৰীৰ বাবে মুকলি কৰি দিয়া হ'...

September 8, 2024 11:55 AM

চিৰাং জিলাৰ বিজনীত ড০ ভূপেন হাজৰিকাৰ ৯৮ সংখ্যক জয়ন্তী পালন

চিৰাং জিলাতো ভূপেন হাজৰিকা স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত আজি বিজনীস্থিত জিৰণি গৃহ প্ৰাংগণত এই দিৱস পালন কৰা হ'ব । ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ তৰুণ দেৱৰায়ে বন্তি প্ৰজ্বলন কৰাৰ পাছত অনাতাঁৰ শিল্পী অশোক ব্ৰহ্মই প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰিব। ভূপেন হাজৰিকা স...

September 8, 2024 12:22 PM

ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ ৯৮ সংখ্যক জয়ন্তী পালন

ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু ড০ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠানৰ সহযোগত আজি ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ ৯৮ সংখ্যক জয়ন্তী পালন কৰা হয়। এই উপলক্ষে জালুকবাৰী সমাধিস্থলিত পুৱা স্মৃতি তৰ্পণ আৰু বিয়লি সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আনহাতে ভূপেন হাজৰি...

September 8, 2024 11:49 AM

অসমৰ বাবে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত পুনৰ ১,৭১,৫৯৩টা গৃহ নির্মাণত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন

কেন্দ্ৰীয় চৰকাৰে অসমৰ বাবে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত পুনৰ ১,৭১,৫৯৩টা গৃহ নির্মাণত অনুমোদন জনাইছে। ৰাজ্যবাসীৰ বাবে এয়া নিশ্চিতভাৱে সুখবৰ বুলি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্রী বণজিত কুমাৰ দাসে মত প্ৰকাশ কৰিছে। তেওঁ লগতে কয় যে, আটাইবোৰ জিলাৰ জনসাধাৰণ ইয়াৰ দ্বাৰা উপকৃত হোৱাৰ উপৰি অনুসূ...

September 8, 2024 11:35 AM

২০২৮ চনৰ ভিতৰত  উত্তৰ-পূৰ্বাঞ্চলত ৰে’ল যাতায়াত সুচল হৈ উঠিব বুলি উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাৰ প্ৰকাশ

অসমত ৰে'লপথ বৈদ্যুতিকীকৰণৰ কাম ৬৫ শতাংশ সম্পূৰ্ণ হৈছে আৰু অহা বছৰৰ ভিতৰত নিৰ্ধাৰিত লক্ষ্য অনুসৰি ১০০ শতাংশই সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। কালি আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই এই বিষয়ে প্রকাশ কৰে। তেওঁ কয় যে ৰে’লপথ বৈদ...