May 23, 2024 8:35 PM

ৰাজ্যৰ ভিন্ন প্ৰান্তত বুদ্ধ পূৰ্ণিমা পালন

আজি পৱিত্ৰ বুদ্ধ পূর্ণিমা। এই দিনটোতে গৌতম বুদ্ধই জন্মগ্ৰহণ কৰাৰ উপৰি সিদ্ধি লাভ আৰু মহা পৰিনিৰ্বাণ হৈছিল। আজি বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে পৱিত্ৰতাৰে এই দিনটো উদযাপন কৰে। দৰং জিলাৰ পানেৰী থানাৰ অন্তৰ্গত আনাধুৱাপাৰাত মাংগলিক ৰীতি-নীতিৰে বুদ্ধ পূর্ণিমা পালন কৰা হৈছে। এই উপলক্ষে বিভিন্ন স্থানৰ পৰা ভক্তৰ ...

May 23, 2024 8:33 PM

মৰিগাঁৱত জিলা আয়ুক্ত দেৱাশিষ শৰ্মাৰ বান-খহনীয়া প্ৰতিৰোধী আঁচনিৰ কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা

মৰিগাঁও জিলাত ৰূপায়িত বান আৰু খহনীয়া প্ৰতিৰোধী আঁচনিসমূহৰ কাম-কাজৰ অগ্ৰগতি আজি জিলাখনৰ আয়ুক্ত দেৱাশিষ শৰ্মাই পৰ্যালোচনা কৰে। তেওঁ বানৰ আশংকা থকা অঞ্চলসমূহ পৰিদৰ্শন কৰি বান প্ৰতিৰোধী প্রকল্পসমূহৰ কাম-কাজ চোৱাচিতা কৰে। তেওঁ লগতে ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধৰ বাবে এছিয়ান ডেভেলপমেণ্ট বেংকৰ ২৫০ কোটি...

May 23, 2024 8:32 PM

গোৱালপাৰাৰ ডি এন সিংহ ষ্টেডিয়ামত অত্যাধুনিক ক্রিকেট পেভেলিয়নৰ আধাৰশিলা স্থাপন

গোৱালপাৰাৰ ডি এন সিংহ ষ্টেডিয়ামত আজি এটা অত্যাধুনিক ক্রিকেট পেভেলিয়নৰ আধাৰশিলা স্থাপন কৰা হয়। অসম ক্রিকেট সন্থাই এই পেভেলিয়ন নিৰ্মাণৰ বাবে ৫০ লাখ টকা ধাৰ্য কৰিছে যদিও ইয়াৰ নিৰ্মাণত ৬০ৰ পৰা ৭০ লাখ টকা ব্যয় হ'ব বুলি ক্রিকেট সন্থাৰ সভাপতি তৰংগ গগৈয়ে আজি আধাৰশিলা স্থাপন কৰি প্ৰকাশ কৰে। ছমাহৰ ভিতৰ...

May 23, 2024 8:26 PM

ৰাজ্যৰ বিভিন্ন ঠাইত অহা ২৪ ঘণ্টাত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ-বজ্ৰপাতৰ সম্ভাৱনা

গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অহা ২৪ ঘণ্টাত ৰাজ্যখনৰ বিভিন্ন ঠাইত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ আৰু বজ্ৰপাত হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে। আনহাতে ২৬ মে’ দেওবাৰে ৰাজ্যখনৰ দুই-এঠাইত ঘণ্টাত ৩০ৰ পৰা ৪০ কিলোমিটাৰ বেগেৰে ধুমুহা আৰু ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আনহাতে সোমবাৰেও ধাৰাষাৰ বৰ...

May 23, 2024 6:55 PM

চাওঁতালী লেখক পণ্ডিত ৰঘুনাথ মুর্মুলৈ জন্মবার্ষিকী উপলক্ষে ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৰ শ্ৰদ্ধাঞ্জলি

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে চাওঁতালী লেখক পণ্ডিত ৰঘুনাথ মুর্মুৰ জন্মবার্ষিকী উপলক্ষে তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে পণ্ডিত মুৰ্মুৱে ‘অল চিকি’ লিপিৰ জৰিয়তে চাওঁতালী ভাষাক নতুন পৰিচয় প্ৰদান কৰিছিল। ভাষাটোৰ প্ৰসাৰৰ বাবে তেওঁ ...

May 23, 2024 7:02 PM

পশ্চিমবংগ চৰকাৰে ২০১০ চনৰ পৰা প্ৰদান কৰা অন্যান্য পিছপৰা শ্ৰেণীৰ প্ৰমাণ-পত্ৰ বাতিল ন্যায়ালয়ৰ, প্ৰধানমন্ত্ৰীৰ সমালোচনা

কলকাতা উচ্চ ন্যায়ালয়ে ২০১০ চনৰ পৰা পশ্চিমবংগ চৰকাৰে প্ৰদান কৰা অন্যান্য পিছপৰা শ্ৰেণীৰ সকলো প্ৰমাণ-পত্ৰ বাতিল কৰাৰ প্ৰসংগক লৈ প্ৰধানমন্ত্রী তথা জ্যেষ্ঠ বিজেপি নেতা নৰেন্দ্ৰ মোদীয়ে ৰাজ্যখনৰ মমতা বেনাৰ্জী নেতৃত্বাধীন চৰকাৰখনক সমালোচনা কৰিছে। দিল্লীত আজি এখন নিৰ্বাচনী প্ৰচাৰ সভাত ভাষণ দি প্রধানমন্ত্...

May 23, 2024 6:51 PM

২০২৪ চনৰ নিৰ্বাচনত বিকশিত ভাৰত মূল বিষয় হিচাপে পৰিগণিত হৈছেঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্রী তথা জ্যেষ্ঠ বিজেপি নেতা নৰেন্দ্ৰ মোদীয়ে কৈছে যে ২০১৪ চনৰ লোকসভা নিৰ্বাচনত দুৰ্নীতি আৰু ২০১৯ চনত হিতাধিকাৰী মূল বিষয় হিচাপে পৰিগণিত হোৱাৰ বিপৰীতে ২০২৪ চনৰ নিৰ্বাচনত বিকশিত ভাৰত মূল বিষয় হিচাপে পৰিগণিত হৈছে। এখন ইংৰাজী দৈনিক কাকতত দিয়া এটা সাক্ষাৎকাৰত শ্ৰী মোদীয়ে কয় যে সমগ্ৰ দেশৰ জ...

May 23, 2024 6:49 PM

মেক্সিকোত প্ৰচণ্ড বতাহৰ ফলত নির্বাচনী প্ৰচাৰ সভাৰ মঞ্চ ভাঙি এটি শিশুসহ ৯জনৰ মৃত্যু

মেক্সিকোত যোৱানিশা নির্বাচনী প্ৰচাৰ সভাৰ এখন মঞ্চ প্রচণ্ড বতাহে ভাঙি পেলোৱাৰ ফলত এটি শিশুকে ধৰি ৯ জন লোকে প্ৰাণ হেৰুৱাইছে। এই ঘটনাটোত ৬০ জনতকৈও অধিক লোক আহত হয়। দেশখনৰ নুৱেৱ' লিয়ন প্ৰদেশত সংঘটিত এই দুৰ্ঘটনাটোৰ সময়ত ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী জর্জ আলভাৰেজ মেইনেজে ছেন পেড়ো গার্জা গার্ডিয়া মহানগৰীত অ...

May 23, 2024 6:47 PM

আই পি এল ক্রিকেট প্রতিযোগিতাৰ এলিমিনেটৰ খেলত ৰাজস্থান ৰয়েলছৰ জয়

ৰাজস্থান ৰয়েলছে যোৱা নিশা আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক এলিমিনেটৰ খেলখনত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক চাৰি উইকেটত পৰাস্ত কৰে। বেংগালুৰুৰ দলটোৱে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অ’ভাৰত ৮ উইকেটৰ বিনিময়ত ১৭২ ৰাণ সংগ...

May 23, 2024 6:45 PM

তেজপুৰৰ তৰুণ অসম সংঘৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বিশেষ অনুষ্ঠানৰ আয়োজন

তেজপুৰৰ ঐতিহাসিক তৰুণ অসম সংঘৰ ৯৫ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি এটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। ১৯৩০ চনত লক্ষীধৰ শৰ্মাৰ নেতৃত্বত জাতীয় চেতনাবোধেৰে উদ্বুদ্ধ ছাত্ৰ-ছাত্ৰীসকলক লৈ গঠন হোৱা অনুষ্ঠানটোৰ আজি প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি সংঘৰ প্ৰেক্ষাগৃহত এখন গাম্ভীর্যপূর্ণ সভা অনুষ্ঠিত ...