June 5, 2024 6:23 PM

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰী বাসভৱনত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ অন্তিমখন বৈঠক

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰী বাসভৱনত আজি কেন্দ্ৰীয় মন্ত্ৰীসভাৰ অন্তিমখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত প্রধানমন্ত্রী শ্রীমোদীয়ে কয় যে, বিগত ১০ বছৰত চৰকাৰে জনসাধাৰণৰ বাবে ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিছে। এই ধাৰা পৰৱৰ্তী সময়তো অব্যাহত ৰাখিব বুলি তেওঁ মন্তব্য কৰে। জয়-পৰাজয় ৰাজনীতিৰ এটা অংশ বুলিও তেও...

June 5, 2024 6:18 PM

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুক পদত্যাগ পত্র দাখিল প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুক সাক্ষাৎ কৰে। শ্রীমোদীয়ে কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ সদস্যসকলৰ লগতে নিজৰ পদত্যাগ পত্র দাখিল কৰে। শ্ৰীমতী মুৰ্মুৱে কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ সদস্যসকলক নতুন চৰকাৰ গঠন নোহোৱা পৰ্যন্ত কাৰ্যভাৰ চলাই নিবলৈ আহ্বান জনায়। প্...

June 5, 2024 5:36 PM

ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন কুমাৰ পাটনায়কৰ পদত্যাগ পত্ৰ দাখিল

ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন কুমাৰ পাটনায়কে আজি ভূৱনেশ্বৰৰ ৰাজভৱনত ৰাজ্যপাল ৰঘূবীৰ দাসৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰে। ৰাজ্যখনৰ সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনত বিজু জনতা দলৰ পৰাজয়ৰ পাছতে তেওঁ পদত্যাগ পত্র দাখিল কৰে। উল্লেখযোগ্য যে শ্রীপাটনায়ক হৈছে ওড়িশাৰ আটাইতকৈ দীৰ্ঘদিনীয়া সেৱা আগবঢ়োৱা মুখ্যমন্ত্ৰী...

June 5, 2024 12:38 PM

তৃণমূল কর্মীসকলৰ অবিহনে বিজেপিৰ জয় কেতিয়াও সম্ভৱ নাছিল বুলি প্ৰধানমন্ত্ৰীৰ মন্তব্য

অষ্টাদশ লোকসভা নিৰ্বাচনৰ ফলাফল পৰিস্ফূত হোৱাৰ পাছতে কালি নিশা দিল্লীত বিজেপিৰ মুখ্য কাৰ্যালয়ত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, জ্যেষ্ঠ বিজেপি নেতা অমিত শ্বাহ, ৰাজনাথ সিং, জে পি নাড্ডা উপস্থিত হৈ দলীয় কার্যকর্তাসকলক সম্বোধন কৰে। দলৰ সভাপতি জে পি নাড্ডাই ভাৰতীয় জনতা পাৰ্টীৰ সকলো কর্মকর্তালৈ ধন্যবাদ জ্ঞ...

June 5, 2024 12:35 PM

লোকসভা নিৰ্বাচনত মণিপুৰত কংগ্ৰেছৰ দুখন আসন লাভ

কালি ফলাফল ঘোষণা কৰা দেশৰ শেহতীয়া লোকসভা নিৰ্বাচনত অৰুণাচল প্ৰদেশৰ অৰুণাচল পূব সমষ্টিত বিজেপিৰ টাপিৰ গাঁও আৰু অৰুণাচল পশ্চিম সমষ্টিত কেন্দ্রীয় মন্ত্রী তথা বিজেপি নেতা কিৰেণ ৰিজিজু বিজয়ী হৈছে। মিজোৰাম সমষ্টিত জোৰাম পিপলছ মুভমেন্ট দলৰ প্ৰাৰ্থী ৰিচাৰ্ড ভানলালমাংগাইহাই জয়লাভ কৰে। মেঘালয়ৰ শ্বিলং সমষ...

June 5, 2024 12:33 PM

নেৰানেপেৰা বৰষুণৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত বানত মৃত্যু হোৱা লোকৰ সংখ্যা ২৪ জনলৈ বৃদ্ধি

ৰাজ্যৰ বিভিন্ন প্ৰান্তত নেৰানেপেৰা বৰষুণ অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত কাছাৰ, নগাঁও, কৰিমগঞ্জ, ধেমাজি, মৰিগাঁও, হোজাই, ডিব্ৰুগড়, ডিমাহাচাও, হাইলাকান্দি আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি এতিয়াও অপৰিৱৰ্তিত অৱস্থাত আছে। এই ১০ খন জিলাৰ ২৩ টা ৰাজহ চক্ৰৰ অন্তর্গত ৪৫৯ খন গাঁও বানত ক্ষতিগ্ৰস্ত হৈছে।...

June 5, 2024 12:31 PM

দেশৰ আন আন প্ৰান্তৰ দৰে অসমতো আজি বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে বিশ্ব পৰিৱেশ দিৱস উদযাপন

আজি বিশ্ব পৰিৱেশ দিৱস। পৰিৱেশৰ উন্নয়ন তথা জৈৱ তন্ত্ৰ ৰক্ষাৰ বাবে জনসচেতনতা বৃদ্ধি আৰু পৰিৱেশ সুৰক্ষাৰ প্ৰতি গুৰুত্ব আৰোপ কৰি প্ৰতিবছৰে ৫ জুনৰ দিনটো বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰা হয়। প্রকৃতি সুৰক্ষাৰ ক্ষেত্ৰত এই দিৱসে বিশ্বজুৰি যথেষ্ট তাৎপর্য বহন কৰি আহিছে। দেশৰ আন আন প্ৰান্তৰ দৰে অসমতো আজি বিভ...

June 5, 2024 12:20 PM

৭ জুনৰ ভিতৰত শিক্ষা সেঁতু এপত ছাত্ৰ-ছাত্ৰীৰ পঞ্জীয়ন আৰু নামভৰ্তি কৰিবলৈ সকলো জিলালৈ শিক্ষা বিভাগৰ বিশেষ নিৰ্দেশনা জাৰি

অহা ৭ জুনৰ ভিতৰত শিক্ষা সেঁতু এপত ছাত্ৰ-ছাত্ৰীৰ পঞ্জীয়ন আৰু নামভৰ্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ ৰাজ্য চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে সকলো জিলালৈ বিশেষ নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনাত নিৰ্ধাৰিত সময়ৰ পাছত নতুন ছাত্ৰ-ছাত্ৰীৰ পঞ্জীয়ন প্ৰক্ৰিয়াৰ সুবিধা বন্ধ হৈ পৰিব বুলি উল্লেখ কৰা হৈছে। উল্লেখযো...

June 5, 2024 12:18 PM

অহা ৩১ জুলাইৰ ভিতৰত প্রধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰৰ বাবে আবেদন আহ্বান

প্রধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰৰ বাবে বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা শিশুসকলক স্বীকৃতি প্রদান সন্দৰ্ভত মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰ্যালয়ে জিলাসমূহৰ পৰা মনোনয়ন বিচাৰিছে। যোগ্যতাসম্পন্ন প্রার্থীসকলে awards/gov.in অনলাইন প’ৰ্টেলত অহা ৩১ জুলাইৰ ভিতৰত আবেদন কৰিব পাৰিব। আবেদনকাৰীয়ে আবেদনৰ ...

June 5, 2024 12:15 PM

গ্ৰেণ্ডশ্লাম টেনিছ প্রতিযোগিতা ফ্ৰেন্স অ’পেনৰ পৰা ন’ভাক জ’ক’ভিচৰ নাম প্ৰত্যাহাৰ

ছাৰ্বিয়াৰ ন’ভাক জ’ক’ভিচে চলিত গ্ৰেণ্ডশ্লাম টেনিছ প্রতিযোগিতা ফ্ৰেন্স অ’পেনৰ পৰা মাজভাগতে নাম প্ৰত্যাহাৰ কৰি নিজৰ অভিযান সামৰিছে। পুৰুষৰ একক শাখাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰা জ’ক’ভিচে খেলখনৰ প্ৰাক মুহূৰ্তত সামাজিক মাধ্যমযোগে নাম প্রত্যাহাৰ কৰাৰ বিষয়ে অৱগত কৰে। আঘাতৰ বাবে তেওঁ এই সিদ্ধান্ত লোৱা বুল...