June 5, 2024 7:48 PM

শোণিতপুৰ আসনত বিজেপিৰ ৰঞ্জিত দত্তৰ সৰ্বাধিক ৬০.২ শতাংশ ভোট লাভ

লোকসভা নিৰ্বাচনৰ ফলাফল অনুসৰি অসমৰ ১৪ খন আসনৰ ভিতৰত শোণিতপুৰ আসনখনত বিজেপিৰ ৰঞ্জিত দত্তই মুঠ গৃহীত ভোটৰ সৰ্বাধিক ৬০.২ শতাংশ লাভ কৰে। কংগ্ৰেছ দলৰ ৰকিবুল হুছেইনে মুঠ গৃহীত ভোটৰ ৫৯.৯৯ শতাংশ লাভ কৰে। শিলচৰ সমষ্টিত বিজেপিৰ পৰিমল শুক্লবৈদ্যই ৫৯.৮৯ শতাংশ ভোট লাভ কৰিছে। ইপিনে, বৰপেটা লোকসভা সমষ্টিত অসম গণ প...

June 5, 2024 7:37 PM

বিজেপি নেতৃত্বাধীন এন ডি এ মিত্রজোঁটৰ সাংসদৰ বৈঠক অহা শুকুৰবাৰে অনুষ্ঠিত হোৱাৰ সম্ভৱনা

বিজেপি নেতৃত্বাধীন এন ডি এ মিত্রজোটৰ সাংসদসকলৰ এখন বৈঠক নতুন দিল্লীত অহা শুকুৰবাৰে অনুষ্ঠিত হোৱাৰ কথা আছে। বিজেপি, টিডিপি, জে ডি ইউ, এল জে পি (আৰ), শিৱসেনা সিন্দে গোট, আৰু এন ডি এ মিত্ৰজোটৰ অন্য অংশীদাৰ দলৰ নৱ নিৰ্বাচিত সাংসদসকলে এই বৈঠকত অংশগ্ৰহণ কৰিব।

June 5, 2024 7:32 PM

মহাৰাষ্ট্ৰত অসন্তোষজনক প্ৰদৰ্শনৰ পূৰ্ণ দায়িত্ব মুৰ পাতি লৈছে উপ-মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাড়নবিছে

বিজেপিৰ জ্যেষ্ঠ নেতা তথা মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাড়নবিছে ৰাজ্যখনৰ দলৰ অসন্তোষজনক প্ৰদৰ্শনৰ পূৰ্ণ দায়িত্ব মুৰ পাতি লৈছে। কেন্দ্রীয় নেতৃবৰ্গই অনুমতি প্ৰদান কৰিলে উপ-মুখ্যমন্ত্রী পদত্যাগ কৰাৰ প্ৰস্তাৱ আগবঢ়াই শ্রীফাড়নবিছে কয় যে পদত্যাগৰ পাছত তেওঁ ৰাজ্যখনৰ আসন্ন বিধানসভা নিৰ্বাচনৰ প্...

June 5, 2024 7:23 PM

সপ্তদশ লোকসভা ভংগ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুরে আজি সপ্তদশ লোকসভা ভংগ কৰে। ইয়াৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী পৰিষদে ৰাষ্ট্ৰপতিক ততালিকে কাৰ্যকৰী হোৱাকৈ সপ্তদশ লোকসভা ভংগ কৰাৰ পৰামৰ্শ আগবঢ়াইছিল।

June 5, 2024 7:17 PM

ৰাষ্ট্ৰীয় যোগ্যতা তথা প্ৰৱেশ পৰীক্ষাৰ ফলাফল ঘোষণা

ৰাষ্ট্ৰীয় যোগ্যতা তথা প্ৰৱেশ পৰীক্ষা অৰ্থাৎ NEET ৰ ফলাফল আজি ঘোষণা কৰা হৈছে। ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই ঘোষণা কৰা ফলাফল অনুসৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৩৭ হাজাৰ ৬৬৭ গৰাকী পৰীক্ষাৰ্থীয়ে যোগ্যতা অর্জন কৰিছে। উল্লেখযোগ্য যে এই পৰীক্ষাৰ্থীসকলৰ ভিতৰত ৩ হাজাৰ ৭৬৯ গৰাকীয়ে অসমীয়া ভাষাত পৰীক্ষা লিখিছিল। আনহাতে,...

June 5, 2024 7:12 PM

অষ্টাদশ লোকসভাৰ নতুন সদস্যসকলক আদৰণি জনোৱাৰ বাবে সাজু

লোকসভা সচিবালয়ে অষ্টাদশ লোকসভাৰ নতুন সদস্যসকলক আদৰণি জনোৱাৰ বাবে সাজু হৈছে। সচিবালয়ে এখন বিজ্ঞপ্তিযোগে কৈছে যে, সদস্যসকলক আদৰণি জনোৱাৰ বাবে আৰু বাধাৰোহিত পঞ্জীয়ন সুনিশ্চিত কৰাৰ বাবে ভালেমান ব্যৱস্থা গ্ৰহণ কৰিছে । সময় ৰাহি কৰা আৰু কাগজ বিহীন ডিজিটীয় প্ৰক্ৰিয়া প্ৰয়োগৰ উদ্দেশ্যে সংহত অনলাইন ছফটৱ...

June 5, 2024 6:59 PM

লঘু, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহ সকাহ দিয়াৰ উদ্দেশ্যে বিশেষ পদক্ষেপ দূৰসংযোগ বিভাগৰ

দূৰসংযোগ বিভাগে লঘু, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহ তথা উদ্যোগ ৪.০ ৰূপান্তৰকৰণক সকাহ দিয়াৰ উদ্দেশ্যে বিশেষ পদক্ষেপ হাতত লৈছে। 5G আৰু 6G প্ৰযুক্তিৰ আগমনৰ লগে লগে ডিজিটেল ৰূপান্তৰকৰণক আগবঢ়াই নিয়াৰ বাবে উদ্যোগসমূহ প্ৰস্তুত কৰি তোলাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। উদ্যোগ ৪.০ ৱেচলাইন সমীক্ষাই উত্তৰ আৰু...

June 5, 2024 6:55 PM

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ অন্তৱৰ্তী জামিন অস্বীকাৰ

দিল্লীৰ এখন আদালতে সুৰা নীতি কেলেংকাৰী সংক্ৰান্তত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক অন্তৱৰ্তী জামিন প্ৰদান কৰিবলৈ অস্বীকাৰ কৰিছে। ৰাউজ এভিনিউ আদালতৰ বিশেষ ন্যায়াধীশ কাবেৰী বাৱেজাই আজি চিকিৎসাজনিত কাৰণত ৭ দিনৰ বাবে অন্তৱৰ্তী জামিন বিচাৰি কেজৰিৱালে জনোৱা আবেদন অগ্ৰাহ্য কৰে। ন্যায়ালয়ে তিহাৰ কাৰ...

June 5, 2024 6:31 PM

চলিত মাহটো অসমত মেলেৰিয়া প্ৰতিৰোধী মাহ হিচাপে পালন

চলিত মাহটো ৰাজ্যখনত মেলেৰিয়া প্ৰতিৰোধী মাহ হিচাপে পালন কৰা হৈছে। এই উপলক্ষে শোণিতপুৰ জিলা স্বাস্থ্য বিভাগে জিলাখনত সজাগতাৰ কাৰ্যসূচী লোৱাৰ লগতে ৪৯ হাজাৰ ৪৮৪টা তেজৰ নমুনা সংগ্ৰহ কৰিছে। গোৱালপাৰা জিলাতো এখন সজাগতা সভাৰ জৰিয়তে আনুষ্ঠানিকভাবে মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভ কৰা হয়। জিলা যুটীয়া স্ব...

June 5, 2024 6:27 PM

অসমত বিস্তৃত কাৰ্যসূচীৰে বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ আন আন প্ৰান্তৰ লগতে অসমতো আজি বিশ্ব পৰিৱেশ দিৱস বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰা হয়। বিগত বৰ্ষৰ দৰে এইবাৰো বিশ্ব পৰিৱেশ দিৱস উপলক্ষে চৰকাৰী আৰু বেচৰকাৰী সংস্থাসমূহে গছপুলি ৰোপণৰ লগতে আন বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰে। ইলোৰা বিজ্ঞান মঞ্চই জিলা আৰু ৰাজ্যিক ভিত্তিত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত বিজ্...