June 12, 2024 12:33 PM

মোহন চৰণ মাঝিক ওড়িশাৰ নতুন মুখ্যমন্ত্ৰী হিচাপে বাছনি

বিজেপিৰ জ্যেষ্ঠ নেতা মোহন চৰণ মাঝিক ওড়িশাৰ নতুন মুখ্যমন্ত্ৰী হিচাপে বাছনি কৰা হৈছে। শ্ৰীমাঝিয়ে আজি বিয়লি ভূৱনেশ্বৰৰ জনতা ময়দানত ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্রহণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, কেন্দ্রীয় মন্ত্রী জুৱেল ওৰাম, অশ্বিনী বৈষ্ণৱ আৰু বিজেপ...

June 12, 2024 12:29 PM

অন্ধ্ৰ প্ৰদেশৰ নতুন মুখ্যমন্ত্ৰী হিচাপে তেলুগু দেশম পাৰ্টীৰ মুৰব্বী চন্দ্ৰবাবু নাইডুৱে শপত গ্ৰহণ কৰিব

তেলুগু দেশম পাৰ্টীৰ মুৰব্বী চন্দ্ৰবাবু নাইডুৱে আজি অন্ধ্ৰ প্ৰদেশৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। এই উপলক্ষে দিনৰ ১১ বাজি ২৭ মিনিটত বিজয়ৱাড়া আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ সমীপৰ কেশৰপল্লী আই টি উদ্যানত শপত গ্রহণ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ভালেসংখ্যক বিশিষ্ট ব...

June 12, 2024 12:25 PM

যোগক নিজৰ জীৱনৰ অবিচ্ছেদ্য অংগ হিচাপে গঢ়ি তুলিবলৈ প্রধানমন্ত্ৰী মোডীৰ আহ্বান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যোগক নিজৰ জীৱনৰ অবিচ্ছেদ্য অংগ হিচাপে গঢ়ি তুলিবলৈ সকলোকে আহ্বান জনাইছে। অহা ২১ জুনত হ'বলগীয়া দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ পৰিপ্ৰেক্ষিতত সামাজিক মাধ্যমৰ এটা বার্তাযোগে প্রধানমন্ত্রীয়ে কয় যে যোগ হৈছে একতা আৰু সমন্বয়ক উদযাপন কৰা শাশ্বত অনুশীলন। আন্তঃৰাষ্ট্ৰীয় যোগ দ...

June 12, 2024 12:22 PM

২০২৪ চনৰ জুনৰ বাবে কৰৰ অংশ হিচাপে ৰাজ্যসমূহলৈ ১ লাখ ৩৯ হাজাৰ কোটিতকৈও অধিক টকা মুকলি বিত্ত মন্ত্ৰালয়ৰ

কেন্দ্রীয় বিত্ত মন্ত্ৰালয়ে ২০২৪ চনৰ জুনৰ বাবে কৰৰ অংশ হিচাপে ৰাজ্যসমূহলৈ ১ লাখ ৩৯ হাজাৰ কোটিতকৈও অধিক টকা মুকলি কৰি দিছে। ইয়াৰে অসমে ৪ হাজাৰ ৩৭১ কোটি ৩৮ লাখ টকা লাভ কৰিছে। বিত্ত মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে এই ধনৰাশিয়ে ৰাজ্যসমূহক উন্নয়নমূলক কাম-কাজ খৰতকীয়া কৰাৰ লগতে মূলধনী ব্যয়ৰ ক্ষেত্ৰত সহায...

June 12, 2024 12:04 PM

কামৰূপ জিলাৰ মৰাভিঠা আৰু দীঘলকুছিত আই আই এমৰ স্থাপনৰ বাবে প্ৰস্তাৱিত স্থান পৰিদৰ্শন মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি কামৰূপ জিলাৰ মৰাভিঠা আৰু দীঘলকুছিত উপস্থিত হৈ কেন্দ্ৰীয় চৰকাৰৰ পৰা চূড়ান্ত অনুমোদন লাভ কৰা ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট চমুকৈ আই আই এমৰ স্থাপনৰ বাবে প্ৰস্তাৱিত স্থান পৰিদৰ্শন কৰে। এই প্রতিষ্ঠানখন কাৰ্যক্ষম হৈ উঠিলে গুৱাহাটী আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চ...

June 11, 2024 9:08 PM

মালাৱিৰ উপ-ৰাষ্ট্ৰপতি ছাউলছ চিলিমাসহ ৯গৰাকী লোকৰ বিমান দুৰ্ঘটনাত মৃত্যু

মালাৱিৰ ৰাষ্ট্ৰপতি লাজাৰুছ চাকবেৰাই কৈছে যে, উপ-ৰাষ্ট্ৰপতি ছাউলছ চিলিমাসহ ৯ গৰাকী লোক কঢ়িয়াই নিয়া বিমানখন দুৰ্ঘটনাত পতিত হোৱাৰ ফলত আটাইকেইজনৰেই মৃত্যু হৈছে। উল্লেখযোগ্য যে, উপ-ৰাষ্ট্ৰপতিৰ লগতে আন আৰোহীসহ সেনা বাহিনীৰ বিমানখন কালি সন্ধানহীন হৈছিল। সেনাধ্যক্ষ পল ভেলেষ্টিন ফিৰিয়ে কয় যে, বেয়া বতৰৰ ...

June 11, 2024 9:07 PM

ওড়িশাৰ নতুন মুখ্যমন্ত্ৰী হ’ব বিজেপিৰ জ্যেষ্ঠ বিধায়ক মোহন চৰণ মাঝি

বিজেপিৰ জ্যেষ্ঠ বিধায়ক মোহন চৰণ মাঝি ওড়িশাৰ নতুন মুখ্যমন্ত্ৰী হ’ব। কেন্দ্ৰীয় পর্যৱেক্ষক তথা কেন্দ্রীয় মন্ত্রীদ্বয় ৰাজনাথ সিং আৰু ভূপেন্দ্ৰৰ যাদৱৰ উপস্থিতিত বিজেপিৰ বিধায়িনী দলে ৫২ বছৰীয়া মাঝিক সৰ্বসন্মতিক্রমে নিজৰ নেতা হিচাপে নিৰ্বাচিত কৰে। মোহন চৰণ মাঝি ২০০০, ২০০৪, ২০১৯ আৰু ২০২৪ত মুঠ চাৰিবাৰ...

June 11, 2024 9:06 PM

টিডিপিৰ নেতা এন চন্দ্রবাবু নাইডু অন্ধ্রপ্রদেশ বিধানসভাৰ এন ডি এৰ নেতা নিৰ্বাচিত

টিডিপিৰ নেতা এন চন্দ্রবাবু নাইডু অন্ধ্রপ্রদেশ বিধানসভাৰ এন ডি এৰ নেতা হিচাপে নিৰ্বাচিত হৈছে। বিজয়ৱাড়াত অনুষ্ঠিত তেলেগু দেশম পার্টী, জনসেনা আৰু বিজেপিৰ বিধায়কসকলৰ বৈঠকত সৰ্বাসন্মতিক্রমে শ্রীনাইডুক নেতা হিচাপে নিৰ্বাচিত কৰা হয়। জনসেনা পাৰ্টীৰ মুৰব্বী তথা পীতা পুৰুমৰ বিধায়ক কে পৱন কল্যাণে বিধানসভা...

June 11, 2024 9:05 PM

২৮খন ৰাজ্যলৈ চলিত মাহৰ কৰ হস্তান্তৰৰ অংশ হিচাপে ১,৩৯,৭৫০ কোটি টকাৰ এটা কিস্তি মুকলি কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে চলিত মাহৰ বাবে ২৮খন ৰাজ্যলৈ কৰ হস্তান্তৰৰ অংশ হিচাপে ১ লাখ ৩৯ হাজাৰ ৭৫০ কোটি টকাৰ এটা কিস্তি মোকলাই দিছে। বিত্ত মন্ত্ৰালয়ৰ তথ্য অনুসৰি এই ধনৰাশিয়ে ৰাজ্য চৰকাৰসমূহক উন্নয়ন আৰু মূলধনী ব্যয় প্ৰক্ৰিয়া ত্বৰান্বিত কৰাত সহায় কৰিব। হস্তান্তৰ কৰা ধনৰাশিৰ ভিতৰত উত্তৰ প্ৰদেশক সৰ্বাধিক ২...

June 11, 2024 9:03 PM

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ কেইবাগৰাকীও মন্ত্ৰীৰ কাৰ্যভাৰ গ্ৰহণ

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ কেইবাগৰাকীও মন্ত্ৰীয়ে আজি কাৰ্যভাৰ গ্ৰহণ কৰিছে। অমিত শ্বাহে গৃহমন্ত্রী, ড° এছ জয়শংকৰে বিদেশ মন্ত্ৰী, কিৰেণ ৰিজিজুৱে সংখ্যালঘু পৰিক্ৰমা মন্ত্রী, অশ্বিনী বৈষ্ণৱে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী, জে পি নাড্ডাই স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী, শিৱৰাজ সিং চৌহানে গ্রামোন্নয়ন মন্ত...