June 13, 2024 11:46 AM

মহাৰাষ্ট্ৰত অনুষ্ঠিত পাঞ্জাত অসমৰ চেতনা শৰ্মাৰ চেম্পিয়ন অৱ চেম্পিয়নৰ খিতাপ অৰ্জন

অসমৰ চেতনা শৰ্মাই মহাৰাষ্ট্ৰত অনুষ্ঠিত মহিলাৰ পাঞ্জাত চেম্পিয়ন অৱ চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছে। মহাৰাষ্ট্ৰ পাঞ্জা সন্থাৰ উদ্যোগত ৬ জুনৰ পৰা ১০ জুনলৈ নাগপুৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতাখনৰ ছিনিয়ৰ ৬৫ কিলোগ্ৰাম শাখাত শ্ৰীমতী শৰ্মাই স্বর্ণপদক অৰ্জন কৰে। অসমৰ খেলুৱৈগৰাকীয়ে হাৰিয়ানাৰ ৯৫ কিল...

June 12, 2024 8:23 PM

এন চন্দ্রবাবু নাইডুক অভিনন্দন জ্ঞাপন প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে এন চন্দ্রবাবু নাইডুক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে, তেলেগু দেশম পাৰ্টী, জনসেনা আৰু বিজেপি চৰকাৰ অন্ধ্ৰপ্ৰদেশৰ যুৱচামৰ আকাংক্ষা পূৰণৰ লগতে ৰাজ্যখনক গৌৰৱৰ নতুন শিখ...

June 12, 2024 8:21 PM

খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ বিষয়াসকলৰে প্ৰথমখন বৈঠক মন্ত্রী প্রহ্লাদ যোশীৰ

কেন্দ্রীয় মন্ত্রী প্রহ্লাদ যোশী আজি ৰাজ্যমন্ত্রী বি এল ৱাৰ্মা আৰু নিমুবেন বোম্বানিয়াৰ সৈতে নতুন দিল্লীত থকা তেওঁৰ কাৰ্যালয়ত খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ বিষয়াসকলৰ লগত প্ৰথমখন বৈঠকত মিলিত হয়। বৈঠকত শ্ৰীযোশীয়ে প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে খাদ্য সুৰক্ষা সুনিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি দোহৰাৰ লগতে খাদ্য ...

June 12, 2024 8:17 PM

কুৱেইট মহানগৰীত সংঘটিত অগ্নিকাণ্ডৰ ঘটনাত প্রধানমন্ত্ৰীৰ শোক প্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কুৱেইট মহানগৰীত সংঘটিত অগ্নিকাণ্ড সন্দৰ্ভত শোক প্ৰকাশ কৰিছে। প্রধানমন্ত্ৰীগৰাকীয়ে এটা বাতৰি জৰিয়তে আত্মীয়ক হেৰুওৱা লোকসকলৰ প্ৰতি সহমর্মিতা প্রকাশ কৰে। তেওঁ লগতে আহতসকলৰ আশু আৰোগ্যৰ বাবেও প্ৰাৰ্থনা জনায়। তেওঁ লগতে কয় যে, কুৱেইটত থকা ভাৰতীয় দূতাবাসে পৰিস্থিতি নিবিড...

June 12, 2024 8:13 PM

স্বামীহাৰা মহিলাৰ কল্যাণ আৰু মানৱ অধিকাৰৰ সুৰক্ষা সুনিশ্চিতকৰণৰ বাবে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ নিৰ্দেশ

ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে স্বামীহাৰা মহিলাসকলৰ কল্যাণ আৰু মানৱ অধিকাৰৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে কেন্দ্ৰ, ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ নিৰ্দেশনা জাৰি কৰিছে। আয়োগে এনে মহিলাসকলে কল্যাণমূলক আঁচনিসমূহৰ লাভালাভ সহজে লাভ কৰাটো সুনিশ্চিত কৰিবলৈ পৰামৰ্শ দিছে। নিৰ্দেশনাত তেওঁলোকৰ বাবে...

June 12, 2024 8:04 PM

জি-৭ শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে কাইলৈ প্ৰধানমন্ত্ৰী ইটালীলৈ ৰাওনা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে হবলগীয়া জি-ছেভেন শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে কাইলৈ ইটালীলৈ বুলি ৰাওনা হব। বিদেশ সচিব বিনয় কোৱাট্টাই আজি বিয়লি নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথাবতৰাত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে, ভাৰতক আউটৰীচ ৰাষ্ট্ৰ হিচাপে এই সন্মিলনলৈ আমন্ত্ৰণ জনোৱা হৈছে। একে...

June 12, 2024 7:55 PM

২৯ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীৰ সৈতে মত বিনিময় শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৰ

শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৱে আজি ভাৰতীয় প্ৰযুক্তিবিদ্যা প্রতিষ্ঠান, গুৱাহাটীত অনুষ্ঠিত প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰা বাক্সা আৰু গোৱালপাৰা জিলাৰ ২৯ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীৰ সৈতে মত বিনিময় কৰে। সমগ্ৰ শিক্ষা অভিযানৰ অধীনত বিজ্ঞান আৰু গণিত বিষয়ৰ মাধ্যমিক শিক্ষক-শিক্ষয়িত্ৰীৰ বাবে আয়োজন কৰা ছদ...

June 12, 2024 7:26 PM

বিশ্বজুৰি আজি শিশু শ্রম বিৰোধী দিৱস পালন

শিশু শ্ৰমৰ বিৰুদ্ধে ব্যাপক সজাগতা সৃষ্টিৰ বাবে আজি বিশ্বজুৰি শিশু শ্রম বিৰোধী দিৱস পালন কৰা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি এই দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী পালন কৰা হয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কৈছে যে অসম চৰকাৰ শিশু সুৰক্ষাৰ দিশত সম্পূৰ্ণৰূপে দায়বদ্ধ। তেওঁ লগতে এই দিনটো...

June 12, 2024 7:18 PM

ওড়িশাৰ নতুন মুখ্যমন্ত্ৰী হিচাপে মোহন চৰণ মাঝিৰ শপত গ্ৰহণ

বিজেপিৰ জ্যেষ্ঠ নেতা মোহন চৰণ মাঝিয়ে আজি বিয়লি ওড়িশাৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ভূৱনেশ্বৰৰ জনতা ময়দানত আয়োজিত শপতগ্রহণ অনুষ্ঠানত মাঝিৰ উপৰি দুগৰাকী উপ-মুখ্যমন্ত্ৰী কনক বর্ধন সিং দেউ আৰু প্ৰৱতি পৰিদাৰ লগতে কেইবাগৰাকীও মন্ত্ৰীয়ে শপত গ্ৰহণ কৰে। ৰাজ্যখনত নবীন পাটনায়ক নেতৃত্বাধীন বিজ...

June 12, 2024 6:16 PM

অসম দক্ষতা বিকাশ বিশ্ববিদ্যালয়ৰ অস্থায়ী চৌহদ পৰিদৰ্শন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ

দক্ষতা, নিবনুৱা আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি মঙলদৈত নির্মীয়মান অসম দক্ষতা বিকাশ বিশ্ববিদ্যালয়ৰ গুৱাহাটীত থকা অস্থায়ী চৌহদ পৰিদৰ্শন কৰে। মন্ত্ৰী শ্ৰীমল্লবৰুৱাই পৰিদৰ্শনৰ অন্তত সংবাদমাধ্যমৰ আগত কয় যে, অহা জুলাই মাহৰ পৰা দক্ষতা বিকাশৰ ৪টা পাঠ্যক্ৰম আৰম্ভ হ'ব। অসম দক্ষতা বিকাশ ব...