June 13, 2024 12:05 PM

দেশত বিগত এপ্ৰিলত ঔদ্যোগিক উৎপাদন সূচ্যাংক ২০২৩ বৰ্ষৰ এপ্ৰিলৰ তুলনাত ৫ শতাংশ বৃদ্ধি

দেশত বিগত এপ্ৰিলত ঔদ্যোগিক উৎপাদন সূচ্যাংক যোৱা বছৰৰ এপ্ৰিলৰ তুলনাত ৫ শতাংশ বৃদ্ধি পাইছে। ২০২৩ৰ এপ্ৰিলত ঔদ্যোগিক উৎপাদনৰ হাৰ ৪ দশমিক ৬ শতাংশ আছিল। পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে যোৱা এপ্ৰিলত খনন খণ্ডৰ বিকাশ হাৰ ২০২৩ চনৰ এপ্ৰিলৰ তুলনাত ৬ দশমিক ৭ শতাংশ অধিক আছিল। একেদৰে এই ...

June 13, 2024 12:03 PM

দক্ষিণ লেবাননত হিজবুল্লাহৰ জ্যেষ্ঠ কমাণ্ডাৰ ছামি তালেব আব্দুল্লাৰ হত্যা নিশ্চিত কৰিছে ইজৰাইলৰ সেনাবাহিনীয়ে

ইজৰাইলৰ সেনাবাহিনীয়ে দক্ষিণ লেবাননত হিজবুল্লাহৰ এজন জ্যেষ্ঠ কমাণ্ডাৰক দুদিন পূৰ্বে হত্যা কৰাটো নিশ্চিত কৰিছে। এটা বিবৃতিত দেশখনৰ সামৰিক বাহিনীয়ে কয় যে আক্ৰমণত হিজবুল্লাহৰ নাছাৰ ইউনিটৰ কমাণ্ডাৰ ছামি তালেব আব্দুল্লাক হত্যা কৰা হৈছে। তেওঁ দক্ষিণ লেবাননত হিজবুল্লাহৰ অন্যতম জ্যেষ্ঠ কমাণ্ডাৰ আছিল। লেবা...

June 13, 2024 12:02 PM

টি-২০ বিশ্বকাপ ক্রিকেটৰ এখন খেলত আমেৰিকা যুক্তৰাষ্ট্ৰক ৭ উইকেটত পৰাস্ত ভাৰতৰ, ছুপাৰ ৮ত স্থান নিশ্চিত

ভাৰতে যোৱা নিশা নিউয়ৰ্কৰ নাছাউকাণ্টিত অনুষ্ঠিত আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ এখন খেলত আমেৰিকা যুক্তৰাষ্ট্ৰক ৭ উইকেটত পৰাস্ত কৰে। ভাৰতে এই জয়ৰ সুবাদত প্ৰতিযোগিতাৰ ছুপাৰ-এইট পর্যায়ত স্থান নিশ্চিত কৰিছে। খেলখনত আমেৰিকা যুক্তৰাষ্ট্ৰই প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ...

June 13, 2024 12:00 PM

অহা ২৪ জুনৰ পৰা অষ্টাদশ লোকসভাৰ প্ৰথম অধিৱেশন

অষ্টাদশ লোকসভাৰ প্ৰথমখন অধিৱেশন অহা ২৪ জুনত আৰম্ভ হ'ব। এই অধিৱেশনত নৱনিৰ্বাচিত সদস্যসকলৰ শপতগ্রহণ, অধ্যক্ষ নির্বাচন, ৰাষ্ট্ৰপতিৰ ভাষণ আদিৰ উপৰি আন কেতবোৰ বিষয় আলোচনা কৰা হ'ব। আনহাতে ৰাজ্যসভাৰ ২৬৪ সংখ্যক অধিৱেশন ২৭ জুনত আৰম্ভ হ'ব আৰু ৩ জুলাইত অন্ত পৰিব। কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজি...

June 13, 2024 11:59 AM

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৮ জুনত মুকলি কৰিব পি এম কিষাণ সম্মান নিধিৰ সপ্তদশ কিস্তি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৮ জুনত বাৰাণসীত পি এম কিষাণ সম্মান নিধিৰ সপ্তদশ কিস্তি মুকলি কৰিব। এই কিস্তিৰ দ্বাৰা ৯ কোটি ৩০ লাখ কৃষকক প্রায় ২০ হাজাৰ কোটি টকা বিতৰণ কৰা হ'ব। এই আঁচনিৰ দ্বাৰা ৰাজ্যৰ ১৭ লাখ ৫০ হাজাৰ কৃষকে মুঠ ৩৫০ কোটি টকা বেংক একাউণ্টযোগে লাভ কৰিব। দেশৰ সকলো কৃষকক সহায় আগবঢ়োৱ...

June 13, 2024 11:57 AM

ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত, বুজন পৰিমাণৰ নিচাযুক্ত টেবলেট জব্দ

ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে। কালি অসম আৰক্ষীয়ে দুটা পৃথক অভিযানত বুজন পৰিমাণৰ নিচাযুক্ত টেবলেট জব্দ কৰিবলৈ সক্ষম হয়। কালি বিয়লি কৰিমগঞ্জত অসম আৰক্ষীৰ বিশেষ কাৰ্য বাহিনীৰ মহাপৰিদৰ্শক পাৰ্থ সাৰথি মহন্তৰ নেতৃত্বত চলা এটা অভিযানত প্ৰায় ৬৬ কোটি টকা মূল্যৰ নিচাযুক্ত টেবলেট জব্দ কৰে...

June 13, 2024 11:55 AM

মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি ৰূপায়ণৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ, একাদশ শ্ৰেণীত নামভৰ্তি কৰা ছাত্ৰীলৈ মাহে এহাজাৰ টকা

ৰাজ্য চৰকাৰে পূৰ্ব ঘোষিত মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি ৰূপায়ণ কৰাৰ বাবে কালি কেবিনেট বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰিছে। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যিক মন্ত্রীসভাই এই আঁচনিখনক আনুষ্ঠানিকভাৱে স্বীকৃতি প্রদান কৰিছে। এই আঁচনি অনুসৰি দশম শ্রেণী উত্তীৰ্ণ হৈ একাদশ শ্ৰেণীত নামভৰ্ত...

June 13, 2024 11:54 AM

ৰাজ্যত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ প্ৰস্তুতি অব্যাহত

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসলৈ মাজত কেইটামান দিন বাকী থকা অৱস্থাত দেশৰ অন্যান্য অংশৰ লগতে অসমতো এই দিৱসৰ প্ৰস্তুতি অব্যাহত আছে। এইবাৰৰ এই দিৱসৰ বিষয় হৈছে - ‘মহিলা সৱলীকৰণৰ বাবে যোগ'। শৰীৰ আৰু মনৰ সুস্থতা ৰক্ষাৰ ক্ষেত্ৰত যোগাভ্যাসৰ গুৰুত্ব বিশ্বৰ বিভিন্ন প্ৰান্তৰ জনসাধাৰণে উপলব্ধি কৰাৰ পৰিপ্ৰেক্ষিতত এই ...

June 13, 2024 11:53 AM

ৰাজ্যৰ ভিন্ন প্ৰান্তত নটৰাজ থিয়েটাৰৰ প্রযোজক অচ্যুত লহকৰক অষ্টম মৃত্যুবার্ষিকীত স্মৰণ

নটৰাজ থিয়েটাৰৰ প্রযোজক অচ্যুত লহকৰক কালি অষ্টম মৃত্যুবার্ষিকীত ৰাজ্যৰ বিভিন্ন প্ৰান্তত স্মৰণ কৰা হয়। পাঠশালা প্ৰেছ ক্লাব আৰু বজালী বাৰ্তাজীৱী সংঘৰ উদ্যোগত বজালী প্রগতি সংঘৰ বাকৰিত থকা অচ্যুত লহকৰৰ সমাধিক্ষেত্ৰত বন্তি প্ৰজ্বলন কৰা হয়। আনহাতে, ৰঙিয়াত মঞ্চ নামৰ সামাজিক, সাংস্কৃতিক অনুষ্ঠানৰ লগতে অচ...

June 13, 2024 11:51 AM

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ আজি নিশা ৮.৩০ বজাত ‘চলন্তিকা’ত ‘মানসিক স্বাস্থ্যৰ বাবে যোগ’ শীৰ্ষক কথোপকথন

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে আজি নিশা চাৰে ৮ বজাত ‘চলন্তিকা' অনুষ্ঠানত ‘মানসিক স্বাস্থ্যৰ বাবে যোগ' শীৰ্ষক কথোপকথন প্ৰচাৰ কৰিব। অনুষ্ঠানটোত অতিথি হিচাপে যোগ বিশেষজ্ঞ প্ৰণৱ কুমাৰ নাথ উপস্থিত থাকিব। অনুষ্ঠানটোৰ আঁত ধৰিব ডলী দেৱীয়ে।