June 16, 2024 1:42 PM

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্রধানমন্ত্রী কিষাণ সম্মান নিধি আঁচনিৰ অধীনত মঙলবাৰে বাৰানসীৰ পৰা ৯ কোটি তিনিলাখ খেতিয়কৰ একাউণ্টলৈ প্ৰায় ২০ হাজাৰ কোটি টকা হস্তান্তৰ কৰিবঃ মন্ত্রী শিৱৰাজ সিং চৌহান

কেন্দ্রীয় গ্রামোন্নয়ন তথা কৃষি আৰু কৃষক কল্যাণ মন্ত্রী শিৱৰাজ সিং চৌহানে কৈছে যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্রধানমন্ত্রী কিষাণ সম্মান নিধি আঁচনিৰ অধীনত মঙলবাৰে বাৰানসীৰ পৰা ৯ কোটি তিনিলাখ খেতিয়কৰ একাউণ্টলৈ প্ৰায় ২০ হাজাৰ কোটি টকা হস্তান্তৰ কৰিব। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা-বত...

June 16, 2024 1:34 PM

চেক গণৰাজ্যত অনুষ্ঠিত গ্রাঁ-প্ৰি ২০২৪ত বক্সাৰ লাভলীনা বৰগোহাঁইৰ ৰূপৰ পদক লাভ

অসমৰ অলিম্পিক পদক জয়ী মহিলা বক্সাৰ লাভলীনা বৰগোহাঁইয়ে চেক গণৰাজ্যত অনুষ্ঠিত গ্রাঁ-প্ৰি ২০২৪ত ৰূপৰ পদক লাভ কৰিবলৈ সমৰ্থ হৈছে। যোৱা ১২ৰ পৰা ১৫ জুনলৈ ৰাউণ্ড ৰবিন ফৰ্মেটত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ অন্তিম দিনটোত লাভলীনা চীনৰ লি কিয়ানৰ বিৰুদ্ধে তৃতীয়খন খেলত ২-৩ৰ ব্যৱধানত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে ইং...

June 16, 2024 1:29 PM

গুণগত মানৰ বীজ উৎপাদন আৰু উপলব্ধতা বৃদ্ধি বিষয়ক অসম কৃষি বিশ্ববিদ্যালয়ত আলোচনাচক্র

গুণগত মানৰ বীজ উৎপাদন আৰু উপলব্ধতা বৃদ্ধিৰ জৰিয়তে ৰাজ্যৰ কৃষিক্ষেত্ৰ আগবঢ়াই নিয়াৰ লক্ষ্যৰে অসম কৃষি বিশ্ববিদ্যালয়ে কালি এখন আলোচনাচক্র অনুষ্ঠিত কৰে। বিশ্ববিদ্যালয়খনত অনুষ্ঠিত এই আলোচনাত ৰাজ্যৰ কেইবাটাও আগশাৰীৰ বীজ বিক্রেতা সংস্থাৰ প্ৰতিনিধি আৰু বীজ উৎপাদকে অংশ লয়। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ড০...

June 16, 2024 1:24 PM

জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাৰ গহপুৰৰ ব্ৰহ্মপুত্ৰৰ খহনীয়াত প্ৰভাৱিত অঞ্চলবাসীৰ সৈতে মত বিনিময়

সাম্প্ৰতিক বান-খহনীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাই কালি গহপুৰৰ লোহিতমুখ অঞ্চলৰ কৰৈআতি ভ্ৰমণ কৰি ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ বুজ লোৱাৰ লগতে খহনীয়াত প্ৰভাৱিত অঞ্চলবাসীৰ সৈতে মত বিনিময় কৰে। উল্লেখযোগ্য যে কৰৈআতিত ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়ি অহা এটা সুঁতিয়ে সৃষ্টি কৰা খহনীয়াৰ ফল...

June 16, 2024 1:21 PM

নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ ভিন্ন প্ৰান্তত বান পৰিস্থিতি জটিল

নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত থকা বান পৰিস্থিতি এতিয়াও স্বাভাৱিক হোৱা নাই। অসমৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচলত হোৱা মুষলধাৰ বৰষুণৰ ফলত কামিয়া, ৰাইনদী আৰু কানিনদীৰ জলপৃষ্ঠ ওফন্দি পৰাত নিলখ আৰু মৰিধল পঞ্চায়ত অন্তর্গত প্রায় ৩০ খন গাঁও বানৰ কবলত পৰিছে। ইপিনে চুবুৰীয়া ৰাজ্য মেঘা...

June 16, 2024 1:17 PM

বাৰিষাৰ সময়ছোৱাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱকূলৰ সুৰক্ষা, খাদ্য যোগান আদি বিষয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পর্যালোচনা

বাৰিষাৰ সময়ছোৱাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱকূলৰ সুৰক্ষা, খাদ্য যোগান তথা বানৰ সুযোগ লৈ চোৰাং চিকাৰীয়ে যাতে গঁড় হত্যা কৰিব নোৱাৰে সেই বিষয়সমূহ পর্যালোচনা কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি কাজিৰঙাত এখন উচ্চস্তৰীয় বৈঠকত অংশ লয়। বৈঠকত মুখ্যমন্ত্ৰীয়ে বান পৰিস্থিতিৰ সৈতে ব...

June 16, 2024 1:13 PM

২১ জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ বিভিন্ন কাৰ্যসূচী

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসলৈ মাজত কেইটামান দিন বাকী থকা অৱস্থাত দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো এই দিৱসৰ বাবে প্রস্তুতি অব্যাহত আছে। এইবাৰৰ এই দিৱসৰ মূল বিষয়বস্তু হৈছে নিজৰ আৰু সমাজৰ বাবে যোগ। ইপিনে যোগ দিৱস উপলক্ষে বিবেকানন্দ কেন্দ্র কন্যাকুমাৰী কামৰূপ শাখাৰ উদ্যোগত গুৱাহাটীৰ লতাশিল খেলপথাৰত অহা ২...

June 16, 2024 1:10 PM

views 1

বিটিচিৰ মুখ্য কাৰ্যবাহী প্রমোদ বড়োৰ গ্ৰীণ বড়োলেণ্ড মিছন আঁচনি মুকলি

বি টি আৰ এলেকা সেউজীয়া কৰাৰ লক্ষ্যৰে কালি বিটিচি সচিবালয়ৰ চৌহদত আয়োজিত এটা অনুষ্ঠানত বিটিচিৰ মুখ্য কাৰ্যবাহী প্রমোদ বড়োৱে গ্ৰীণ বড়োলেণ্ড মিছন নামেৰে এখন আঁচনি মুকলি কৰে। বড়োলেণ্ড এলেকাত থকা ৩৪ শতাংশ বনাঞ্চলৰ পৰা ধবংস হোৱা ১৪ শতাংশ বনাঞ্চলৰ পুনৰ সেউজকৰণৰ লগতে এই আঁচনিৰ জৰিয়তে বড়োলেণ্ডৰ বিস্তী...

June 16, 2024 12:56 PM

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত ভাৰতীয় দলৰ ছুপাৰ -৮ লৈ যোগ্যতা অৰ্জন

ভাৰতীয় ক্রিকেট দলে আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত চলি থকা আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতা গ্রুপ পর্যায়ত অপৰাজেয় হৈ থকাৰ লগতে ৭ পইণ্ট লাভ কৰি শীৰ্ষস্থানত উপনীত হৈ ছুপাৰ -৮ লৈ যোগ্যতা অৰ্জন কৰিছে। যোৱা নিশা ভাৰতে নিজৰ চতুৰ্থ তথা অন্তিম লীগ খেলখনত কানাডাৰ বিৰুদ্ধে অৱতীৰ্ণ হয় যদিও বৰষুণৰ বাবে ...

June 15, 2024 9:41 PM

প্রধানমন্ত্রী কিষাণ সম্মান নিধি আঁচনিৰ অধীনত প্ৰধানমন্ত্ৰীয়ে মঙলবাৰে খেতিয়কৰ একাউণ্টলৈ ধন হস্তান্তৰ কৰিব

কেন্দ্ৰীয় গ্রামোন্নয়ন আৰু কৃষি তথা কৃষক কল্যাণ মন্ত্রী শিৱৰাজ সিং চৌহানে কৈছে যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্রধানমন্ত্রী কিষাণ সম্মান নিধি আঁচনিৰ অধীনত মঙলবাৰে বাৰানসীৰ পৰা ৯ কোটি ৩ লাখ খেতিয়কৰ একাউণ্টলৈ প্ৰায় ২০ হাজাৰ কোটি টকা হস্তান্তৰ কৰিব। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত...