June 23, 2024 12:43 PM

ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদৰ ২৬ৰ পৰা ২৮ জুনলৈকে গুৱাহাটী বিশ্ববিদ্যালয় নিৰীক্ষণ

গুৱাহাটী বিশ্ববিদ্যালয়ে চতুৰ্থ চক্ৰৰ মূল্যায়ন আৰু স্বীকৃতি প্ৰদানৰ বাবে আহিবলগীয়া ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদক আদৰিবলৈ সাজু হৈছে। বিশ্ববিদ্যায়খনৰ মূল্যায়নৰ বাবে অহা ২৬ৰ পৰা ২৮ জুনলৈকে ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদৰ দলটোৱে বিশ্ববিদ্যালয়ৰ যাৱতীয় কার্যকলাপ সম্বন্ধে নিৰীক্ষণ...

June 23, 2024 12:40 PM

অসম কৃষি বিশ্ববিদ্যালয়ৰ স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে ২৯ আৰু ৩০ জুনত প্ৰৱেশ পৰীক্ষা

 অসম কৃষি বিশ্ববিদ্যালয়ৰ স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে অহা ২৯ আৰু ৩০ জুনত প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত হ'ব। বিশদ তথ্যৰ বাবে প্ৰাৰ্থীসকলে ASSAM AGRYCULTURAL UNIVERSITY @WWW.AAU.AC.IN ৱেব ছাইট চাব পাৰে ।

June 23, 2024 12:36 PM

শক্তিপীঠ কামাখ্যা ধামত অম্বুবাচী মেলাৰ আজি দ্বিতীয় দিন

শক্তিপীঠ কামাখ্যা ধামত অম্বুবাচী মেলাৰ আজি দ্বিতীয় দিন। দেশী-বিদেশী, বিভিন্ন বেশ-ভূষাৰ সাধু,সন্নাসী তথা ভক্তৰ সমাগমেৰে কামাখ্যা মন্দিৰৰ চৌহদত উখল-মাখল পৰিবেশে বিৰাজ কৰিছে। ২৬ জুনত দেৱীক পৰম্পৰাগতভাৱে স্নান আৰু নিত্য পূজাৰ পাছত পুৱা ৬ বজাত মন্দিৰৰ দুৱাৰ মুকলি কৰা হ'ব। কামাখ্যা মন্দিৰ পৰিচালনা সমিতিয...

June 23, 2024 12:34 PM

ৰাজ্যৰ বান পৰিস্থিতি আৰু প’ৰ্টেলৰ কাৰিকৰী অসুবিধাৰ বাবে স্নাতক শ্ৰেণীৰ নামভৰ্তিৰ নিৰ্ধাৰিত সময়সূচী সলনি

ৰাজ্যৰ উচ্চ শিক্ষা বিভাগে স্নাতক আৰু স্নাতকোত্তৰ শ্ৰেণীৰ নামভৰ্তিৰ বাবে ব্যৱহাৰ কৰা সমৰ্থ পৰ্টেলত দেখা দিয়া বিসংগতিৰ বাবে স্নাতক শ্ৰেণীৰ নামভৰ্তিৰ নিৰ্ধাৰিত সময়সূচী পিছুৱাই দিছে। ৰাজ্যৰ বান পৰিস্থিতি আৰু প'ৰ্টেলৰ কাৰিকৰী অসুবিধাৰ বাবে এই সময়সূচী সলনি কৰিছে বুলি বিভাগটোৱে এটা বিবৃতিযোগে জনাইছে। এই...

June 23, 2024 12:29 PM

ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ সমিতি গঠন

ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিত হ'বলগীয়া উপ-নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশে সমিতি গঠন কৰিছে। ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কালি সমিতিৰ সদস্যসকলৰ নাম প্ৰকাশ কৰিছে। সেই অনুসৰি দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক দিল্লু ৰঞ্জন শৰ্মাক উপ-নির্বাচন সমিতিৰ আহ্বায়ক হিচাপে নিযুক্তি দিয়া হৈছে। ছিদলি...

June 23, 2024 12:20 PM

অসমৰ ১২খন জিলাৰ ৩৩ টা ৰাজহ চক্ৰৰ ১০০০ৰো অধিক গাঁও বানৰ কবলত

 বিগত কিছুদিন ধৰি ৰাজ্যত ধাৰাষাৰ বৰষুণৰ পাছত বতৰ ফৰকাল হৈছে যদিও অসমৰ কেইবাখনো জিলাত বান পৰিস্থিতি জটিল হৈ আছে। কপিলী আৰু কুশিয়াৰাৰ লগতে কেইবাখনো নৈৰ জলপৃষ্ঠ বিপদ সীমাৰ ওপৰত আছে। শেহতীয়া তথ্য অনুসৰি ১২খন জিলাৰ ৩৩ টা ৰাজহ চক্ৰৰ এহেজাৰৰো অধিক গাঁও বানৰ কবলত আছে। এই বানত ৰাজ্যৰ ৩লাখ ৫৩হাজাৰৰো অধিক লো...

June 23, 2024 12:18 PM

১১১ সংখ্যক মন কী বাত অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ আহ্বান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৩০ জুনত আকাশবাণীযোগে প্ৰচাৰ হ'বলগীয়া মন কী বাত অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে। প্ৰধানমন্ত্রীয়ে সামাজিক মাধ্যমযোগে নৰেন্দ্ৰ মোদী এপ, মাই গভ মুকলি মঞ্চৰ জৰিয়তে অথবা ১৮০০-১১-৭৮০০ এই শুল্কবিহীন নম্বৰত ফোন কৰি পৰামৰ্শ আগবঢ়াবলৈ সকলোৰে প্ৰতি আহ্বান জনা...

June 23, 2024 12:15 PM

দেওবাৰে নিশা ৯-৩০ বজাত আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ Issues Before Parliament শীর্ষক আলোচনা

আকাশবাণীৰ বাতৰি সেৱা বিভাগে কাইলৈ আৰম্ভ হ'বলগীয়া অষ্টাদশ লোকসভাৰ প্ৰথম অধিৱেশনৰ প্ৰাকক্ষণত আজি নিশা ৯-৩০ বজাৰ পৰা ১০ বজালৈ Issues Before Parliament আৰু Sansad Ke Samaksh Mudde শীর্ষক বিশেষ আলোচনা প্ৰচাৰ কৰিব। Issues Before Parliament শীর্ষক আলোচনালানি আকাশবাণীৰ ৰেইনবো আৰু অতিৰিক্ত ফ্রিকুৱেন্সিসমূহত...

June 23, 2024 12:12 PM

বেংগালুৰুত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মহিলা ক্রিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মহিলা ক্রিকেট দলৰ মাজৰ চলিত এদিনীয়া ক্রিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল আজি বিয়লি বেংগালুৰুৰ এম ছিন্নাস্বামী ষ্টেডিমায়ত অনুষ্ঠিত হ'ব। ভাৰতীয় দলটোৱে আজিৰ খেলখনত জয় লাভ কৰি শৃংখলাৰ আটাইকেইখন খেলতে বিজয়ী হোৱাৰ গৌৰৱ অৰ্জনৰ বাবে চেষ্টা চলাব। ভাৰতে শৃংখলাৰ প্ৰথমখন খেলত দ...

June 23, 2024 12:08 PM

আই চি চি টি-টুৱেণ্টি বিশ্বকাপ ক্রিকেট বাংলাদেশৰ বিৰুদ্ধে ভাৰতৰ ৫০ ৰানত জয়

ভাৰতে যোৱানিশা এণ্টিগুৱাৰ ছাৰ ভিভিয়ান ৰিছাৰ্ডছ ষ্টেডিয়ামত অনুষ্ঠিত আই চি চি টি-টুৱেণ্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ছুপাৰ-এইট পর্যায়ৰ এখন খেলত বাংলাদেশক ৫০ ৰানত পৰাস্ত কৰে। খেলখনত ভাৰতে প্রখমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৫টা উইকেটৰ বিনিময়ত ১৯৫ ৰান কৰে। ভাৰতৰ হৈ হার্দিক পাণ্ডিয...