June 24, 2024 12:30 PM

অষ্টাদশ লোকসভাৰ আজি প্ৰথম অধিৱেশন, প্ৰ’-টেম অধ্যক্ষ ভার্তুহাৰি মহতাবক শপতবাক্য পাঠ কৰোৱাব ৰাষ্ট্ৰপতী দ্ৰৌপদী মুৰ্মুৱে

অষ্টাদশ লোকসভাৰ প্ৰথমখন অধিৱেশন আজি আৰম্ভ হ'ব। অধিৱেশনত নৱ-নির্বাচিত সদস্যসকলক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱা হ'ব। সংসদৰ প্ৰ’-টেম অধ্যক্ষ হিচাপে নিয়োজিত, জ্যেষ্ঠ বিজেপি সাংসদ ভাৰ্তুহাৰি মহতাবে লোকসভাৰ নৱ-নিৰ্বাচিত সদস্যসকলক শপতবাক্য পাঠ কৰোৱাব। আনহাতে অহা বুধবাৰে লোকসভাৰ নতুন অধ্যক্ষগৰাকীৰ নি...

June 24, 2024 12:29 PM

নদীসমূহৰ জলস্তৰ নিৰ্ধাৰণ কৰা আগতীয়া পদ্ধতি উন্নত কৰিবলৈ ভাৰতীয় বতৰ বিজ্ঞান বিভাগ-কেন্দ্ৰীয় জল আয়োগক নির্দেশ গৃহমন্ত্ৰী অমিত শ্বাহৰ

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে উন্নত বান ব্যৱস্থাপনাৰ বাবে নদীসমূহৰ জলস্তৰ নিৰ্ধাৰণ কৰা আগতীয়া পদ্ধতি উন্নত কৰাৰ ক্ষেত্ৰত প্ৰচেষ্টা চলাবলৈ ভাৰতীয় বতৰ বিজ্ঞান বিভাগ আৰু কেন্দ্ৰীয় জল আয়োগক নির্দেশ দিছে। নতুন দিল্লীত কালি দেশৰ বান পৰিস্থিতিৰ জোৰা মৰাৰ প্ৰস্তুতিৰ সন্দৰ্ভত এখন উচ্চ পৰ্...

June 24, 2024 12:27 PM

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুস্কৰ সিং ধামীক ড০ শ্যামাপ্রসাদ মুখার্জী বঁটা প্ৰদান

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুস্কৰ সিং ধামীক ৰাজ্যখনত সম-নাগৰিক সংহিতা ৰূপায়ণ কৰাৰ বাবে সন্মানীয় ড০ শ্যামাপ্রসাদ মুখার্জী বঁটা প্ৰদান কৰা হয়। মুম্বাইত কালি আয়োজিত এটা অনুষ্ঠানত দ্বীপকমল ফাউণ্ডেচনে প্রয়াত ৰাজনীতিবিদ তথা বেৰিষ্টাৰ ড০ শ্যামাপ্রসাদ মুখাৰ্জীৰ সপোন বাস্তবায়িত কৰি দেশৰ ভিতৰতে প্ৰথম সম-ন...

June 24, 2024 12:24 PM

জম্মু-কাশ্মীৰৰ শ্ৰীনগৰ চহৰক বিশ্ব শিল্প চহৰ হিচাপে বিশ্ব শিল্প পৰিষদৰ স্বীকৃতি

বিশ্ব শিল্প পৰিষদে জম্মু-কাশ্মীৰৰ শ্ৰীনগৰ চহৰখনক বিশ্ব শিল্প চহৰ হিচাপে আনুষ্ঠানিক স্বীকৃতি প্রদান কৰিছে। এই সন্মানীয় স্বীকৃতিৰ দ্বাৰা চহৰখনৰ চহকী ঐতিহ্য আৰু কলা-কুশলীসকলৰ ব্যতিক্রমী দক্ষতাক স্বীকৃতি প্ৰদান কৰা হৈছে। জম্মু-কাশ্মীৰৰ ৰাজ্যপাল মনোজ সিনহাই এই উল্লেখযোগ্য সাফল্যৰ বাবে আন্তৰিক অভিনন্দন জ...

June 25, 2024 12:48 PM

আকাশবাণীত ৩০ জুনত প্ৰচাৰ হ’বলগীয়া ‘মন কী বাত’ৰ বাবে জনসাধাৰণৰ পৰা দিহা-পৰামৰ্শ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ৩০ জুনত আকাশবাণীযোগে প্ৰচাৰ হ'বলগীয়া ‘মন কী বাত’ অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে। প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে নৰেন্দ্ৰ মোদী এপ, মাই গভ মুকলি মঞ্চৰ জৰিয়তে অথবা ১৮০০-১১-৭৮০০ এই শুল্কবিহীন নম্বৰত ফোন কৰি পৰামৰ্শ আগবঢ়াবলৈ সকলোৰে প্ৰতি আহ্বান জ...

June 24, 2024 12:05 PM

পৰীক্ষা ব্যৱস্থাত স্বচ্ছতা ৰক্ষা কৰাটো নিশ্চিত কৰা, নিয়াৰিকৈ পৰিচালনাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ

কেন্দ্ৰীয় চৰকাৰে পৰীক্ষা ব্যৱস্থাত স্বচ্ছতা ৰক্ষা কৰাটো নিশ্চিত কৰাৰ লগতে পৰীক্ষাসমূহ নিয়াৰিকৈ পৰিচালনাৰ বাবে এলানি কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিছে। পৰীক্ষাসমূহত যিকোনো ধৰণৰ অসাধু উপায় অৱলম্বন কৰাটো ৰোধ কৰাৰ বাবে এনে ব্যৱস্থাসমূহ গ্ৰহণ কৰা হৈছে। তদুপৰি পৰীক্ষা ব্যৱস্থাত হ'ব পৰা যিকোনো ত্রুটি দূৰ কৰ...

June 24, 2024 12:03 PM

ৰাছিয়াৰ দাগেষ্টানৰ কাকেচছ গণৰাজ্যত অচিনাক্ত বন্দুকধাৰীৰ আক্ৰমণত এগৰাকী পুৰোহিতকে ধৰি ৪গৰাকী আৰক্ষী বিষয়াৰ মৃত্যু

ৰাছিয়াৰ দাগেষ্টানৰ কাকেচছ গণৰাজ্যত অচিনাক্ত বন্দুকধাৰীয়ে চলোৱা এলানি আক্ৰমণত এগৰাকী পুৰোহিতকে ধৰি চাৰিগৰাকী আৰক্ষী বিষয়াৰ মৃত্যু হৈছে। দাগেষ্টানৰ বিদেশ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে, অচিনাক্ত বন্দুকধাৰীৰ এটা দলে চিনাগ’গৰ লগতে দাৰবেণ্ট চহৰৰ এটা গির্জাত এই আক্ৰমণ চলায়। দলটোৱে মাখাচকালা চহৰত থকা এটা ...

June 24, 2024 12:01 PM

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত আজি ভাৰত-অষ্ট্ৰেলিয়াৰ মেচ

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত আজি ভাৰতে ছুপাৰ এইট পৰ্যায়ত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ছেণ্ট লুছিয়াৰ ডাৰেন ছাম্মী নেচনেল ক্রিকেট ষ্টেডিয়ামত ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত খেলখন আৰম্ভ হ'ব। দুয়োটা দলৰ মাজত অনুষ্ঠিত পূৰ্বৰ ৩১ খন টি-২০ খেলত ভাৰতে ১৯ খনত আৰু অষ্ট্ৰেলিয়াই ১১ খন...

June 24, 2024 12:00 PM

নীট ইউ জি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত এজাহাৰ দাখিল কৰি চিবিআইৰ তদন্ত আৰম্ভ

কেন্দ্রীয় তদন্তকাৰী সংস্থা চি বি আয়ে নীট ইউ জি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰি তদন্ত আৰম্ভ কৰিছে। চি বি আইৰ সূত্ৰ অনুসৰি শিক্ষা মন্ত্ৰালয়ৰ উচ্চ শিক্ষা বিভাগৰ সঞ্চালকে দিয়া অভিযোগৰ ভিত্তিত এই এজাহাৰ দাখিল কৰা হৈছে। চি বি আয়ে সমগ্ৰ দেশতে এই বিষয়টোৰ এটা পুংখানুপুংখ তদন্ত আৰু ...

June 24, 2024 11:59 AM

নলবাৰীত অহা ২৬ জুনত ৰাজ্যিক মন্ত্রীসভাৰ বৈঠক

ৰাজ্যিক মন্ত্রীসভাৰ বৈঠক অহা ২৬ জুনত নলবাৰীত অনুষ্ঠিত হ'ব। মুখমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত দিছপুৰৰ বাহিৰত হ'বলগীয়া চতুৰ্দশ মন্ত্রীসভাৰ বৈঠকৰ বাবে নলবাৰী জিলা প্রশাসনে ইতিমধ্যে প্রস্তুতি চলাইছে। এই উদ্দেশ্যে  কালি কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই নলবাৰী জিলা আয়ুক্ত কাৰ্যালয়ত এখন প্ৰস্তু...