June 29, 2024 6:35 PM

শোণিতপুৰ, বিশ্বনাথ, নগাঁও আৰু মৰিগাঁৱৰ বাবে শোণিতপুৰত ২৩ৰ পৰা ২৭ জুলাইলৈ অগ্নিবীৰ প্ৰাৰ্থীৰ নিযুক্তি সমাৱেশ

ভাৰতীয় সেনাৰ শ্বিলঙৰ নিযুক্তি কাৰ্যালয়ে মধ্য অসমৰ চাৰিখন জিলা শোণিতপুৰ, বিশ্বনাথ, নগাঁও আৰু মৰিগাঁৱৰ বাবে অহা ২৩ জুলাইৰ পৰা ২৭ জুলাইলৈ শোণিতপুৰৰ ষ্টেডিয়ামত অগ্নিবীৰ প্ৰাৰ্থীৰ নিযুক্তি সমাৱেশৰ আয়োজন কৰিছে। মিছামাৰীৰ সেনা ছাউনীৰ যশৱন্ত ষ্টেডিয়ামত এই সমাৱেশ অনুষ্ঠিত হ'ব। চলিত বৰ্ষৰ যোৱা এপ্ৰিল মাহ...

June 29, 2024 6:34 PM

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত ভাৰত-দক্ষিণ আফ্ৰিকা

ভাৰত আজি বাৰবাডোছত হ'বলগীয়া আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত আৰম্ভ হ'ব। ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতীয় দলটোৱে ছেমি ফাইনেলত যোৱাবাৰৰ চেম্পিয়ন ইংলেণ্ডক ৬৮ ৰানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। আনহাতে দক্ষিণ ...

June 29, 2024 12:58 PM

সোমবাৰৰ পৰা দেশত তিনিখন নতুন ফৌজদাৰী আইন প্ৰযোজ্য

নতুন ফৌজদাৰী আইন ভাৰতীয় ন্যায় সংহিতা ২০২৩, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা ২০২৩ আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম ২০২৩ সোমবাৰৰ পৰা দেশত প্ৰযোজ্য হ'ব। সংসদৰ শীতকালীন অধিবেশনৰ সময়ত এই বিধেয়ককেইখন গৃহীত হৈছিল। নতুন আইন তিনিখনে ভাৰতীয় নাগৰিকৰ সৱলীকৰণৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব। সকলোৰে বাবে সুলভ, সহায়ক...

June 29, 2024 12:56 PM

ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ বিভিন্ন পৰীক্ষাৰ নতুন সূচী ঘোষণা

ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই বাতিল হোৱা আৰু পিছুৱাই দিয়া বিভিন্ন পৰীক্ষাৰ নতুন সূচী ঘোষণা কৰিছে। সংস্থাটোৱে কালি জাৰি কৰা এখন জাননীত কোৱা হৈছে যে, বিশ্ববিদ্যালয় অনুদান আয়োগৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ পৰীক্ষা, ইউ জি চি-নেট জুন-২০২৪, ২১ আগষ্টৰ পৰা ৪ ছেপ্তেম্বৰৰ ভিতৰত অনুষ্ঠিত হ'ব। ১৮ জুনত এই পৰীক্ষা ...

June 29, 2024 12:54 PM

গুৱাহাটী বিশ্ববিদ্যালয়ৰ নম্বৰ তালিকা জালিয়াতিত জড়িত থকাৰ অভিযোগত শিৱতোষ মাহাতোক আটক

গুৱাহাটী বিশ্ববিদ্যালয়ৰ নম্বৰ তালিকা জালিয়াতিত জড়িত থকাৰ অভিযোগত ধুবুৰী আইন মহাবিদ্যালয়ৰ কম্পিউটাৰ শিক্ষক শিৱতোষ মাহাতোক আটক কৰা হৈছে। ধুবুৰী আৰক্ষীৰ সহযোগত কালি বৰপেটা আৰক্ষীয়ে কম্পিউটাৰ শিক্ষকজনক আটক কৰি নিজৰ জিম্মাত লয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ধনৰ বিনিময়ত নম্বৰ বৃদ্ধি ...

June 29, 2024 12:51 PM

মাজুলীৰ গড়মূৰ থানাত তিনিখন নতুন ফৌজদাৰী আইন সন্দৰ্ভত জনসজাগতামূলক অনুষ্ঠান অনুষ্ঠিত

মাজুলীৰ গড়মূৰ থানাত কালি নতুন অপৰাধী আইন ৰূপায়ণৰ ক্ষেত্ৰত ভাৰতীয় ন্যায় সংহিতা ২০২৩, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা ২০২৩ আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম ২০২৩ৰ বিষয়ে এখন জনসজাগতামূলক অনুষ্ঠান অনুষ্ঠিত হয়। সভাখনত জিলা আৰক্ষী অধীক্ষক বিবেকানন্দ দাসে সমগ্র দেশজুৰি অহা ১ জুলাইৰ পৰা বলৱৎ হ'বলগীয়া আইন সন...

June 29, 2024 12:49 PM

বিভিন্ন আলোচনা-পর্যালোচনা আৰু পৰিদৰ্শনৰ উদ্দেশ্যে অসম কৃষি সঞ্চালকালয়ৰ এটা উচ্চস্তৰীয় প্ৰতিনিধিৰ দল মৰিগাঁৱত উপস্থিত

কৃষি বিভাগৰ দ্বাৰা বিভিন্ন আলোচনা-পর্যালোচনা আৰু পৰিদৰ্শনৰ উদ্দেশ্যে কালি অসম কৃষি সঞ্চালকালয়ৰ এটা উচ্চস্তৰীয় প্ৰতিনিধিৰ দল মৰিগাঁৱত উপস্থিত হয়। ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ ৰাজ্যিক ন’ডেল বিষয়া ভাস্কৰ কলিতাৰ নেতৃত্বত অহা প্ৰতিনিধিৰ দলটোৱে জিলাখনৰ কৃষি পদ্ধতিৰ মূল্যাংকন আৰু জিলাখনৰ বিভিন্ন প্ৰান্...

June 29, 2024 12:46 PM

১৪ ডিচেম্বৰত হোৱা বোমা বিস্ফোৰণ ঘটনাৰ অভিযোগনামা দাখিল এন আই এৰ

এন আই এ-য়ে যোৰহাট লিচুবাৰী সেনা শিবিৰৰ সমীপত বিগত বৰ্ষৰ ১৪ ডিচেম্বৰত হোৱা বোমা বিস্ফোৰণ ঘটনাৰ অভিযোগনামা দাখিল কৰিছে। কিন্তু এই অভিযোগনামাত দোষী সাব্যস্ত কৰি মৃত্যুৰ মুখলৈ ঠেলি দিয়া তিতাবৰৰ দিপাংকৰ গগৈৰ নাম নথকাত স্থানীয় ৰাইজে প্ৰবল প্ৰতিবাদ সাব্যস্ত কৰিছে। ভুৱা গোচৰত তিতাবৰৰ যুৱক দিপাংকৰ গগৈক নি...

June 29, 2024 12:39 PM

আজিৰে পৰা তিনিদিনীয়াকৈ যোৰহাট জিলা দিৱস উদযাপন

যোৰহাট জিলা প্ৰশাসনে আজিৰে পৰা তিনিদিনীয়াকৈ যোৰহাট জিলা দিৱস উদযাপন কৰিবলৈ লৈছে। আজি পুৱা যোৰহাট জিলা দিৱসৰ এই কাৰ্যসূচীৰ শুভাৰম্ভ ছাফাই অভিযানেৰে হয়। পুৱা নগৰখনৰ বিভিন্ন বাটপথ ছাফাই কর্মীসকলে পৰিষ্কাৰ কৰে।

June 29, 2024 12:37 PM

কাইলৈ আকাশবাণীৰ যোগে প্ৰধানমন্ত্ৰীৰ মন কী বাত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ ১১ বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ- বিদেশৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ ১১১ সংখ্যক খণ্ড। আনহাতে শ্রীমোদীয়ে একেৰাহে তৃতীয়বাৰৰ বাবে প্রধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত এয়া হ'ব মন কী বাতৰ প্ৰথমটো খণ্ড । আকাশবাণ...