June 29, 2024 9:05 PM

গুৱাহাটী বিশ্ববিদ্যালয়ত সংঘটিত স্নাতক পৰীক্ষাত নম্বৰ জালিয়াতিত জড়িত থকাৰ অভিযোগত ৮জন লোকক আটক

গুৱাহাটী বিশ্ববিদ্যালয়ত সংঘটিত স্নাতক পৰীক্ষাত নম্বৰ জালিয়াতিত জড়িত থকাৰ অভিযোগত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগ আৰু বৰপেটাৰোড আৰক্ষীয়ে ৮জন লোকক আটক কৰিছে। লোককেইজনক বৰপেটা, ধুবুৰী, নগাঁও আৰু গুৱাহাটীৰ পৰা আটক কৰা হৈছে। বৰ্তমান বৰপেটাৰোড থানাত লোককেইজনক জেৰা কৰি থকা হৈছে। আটকাধীন লোককেইজনৰ সন্...

June 29, 2024 9:03 PM

যোৰহাটৰ সেনা ছাউনীত বিগত বছৰত গ্রেনেড নিক্ষেপৰ ঘটনাত অভিযুক্ত ৩জনক এন আই এৰ আদালতত হাজিৰ

যোৰহাটৰ সেনা ছাউনীত বিগত বছৰত গ্রেনেড নিক্ষেপৰ ঘটনাৰ সৈতে জড়িত ৩ জন অভিযুক্তক আজি ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা (এন আই এ)ৰ আদালতত হাজিৰ কৰোৱা হয়। এই অভিযুক্তকেইজন বিপ্লৱ বৰুৱা, বিৰাজ কছাৰী আৰু অচ্যুৎ গগৈ বুলি জানিব পৰা গৈছে। আজি তিনিওজন অভিযুক্তক আদালতত হাজিৰ কৰোৱাই গোচৰৰ প্ৰতিলিপি প্রদান কৰা হয়। এ...

June 29, 2024 9:00 PM

ন্যায়াধীশসকলে সংবিধানৰ মতে কাম কৰাৰ লগতে সামাজিক ৰীতি-নীতি অনুসৰি নিজৰ মতামত গঠন কৰিব নোৱাৰেঃ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়

ন্যায়াধীশসকলে সংবিধানৰ মতে কাম কৰাৰ লগতে সামাজিক ৰীতি-নীতি অনুসৰি নিজৰ মতামত গঠন কৰিব নোৱাৰে বুলি আজি দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে প্ৰকাশ কৰিছে। তেওঁ কয় যে দেশৰ জনসাধাৰণে আদালতক মন্দিৰ হিচাপে গণ্য কৰে। সেয়েহে গোচৰৰ শুনানিৰ সময়ত ন্যায়াধীশসকল সংবেদনশীল আৰু সহানুভূতিশীল হ'ব লাগে বুলি ত...

June 29, 2024 8:58 PM

অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যান শস্য গৱেষণা কেন্দ্ৰত কৰ্মশালা, কৃষিমন্ত্ৰী অতুল বৰাৰ অংশগ্ৰহণ

কৃষি মন্ত্ৰী অতুল বৰাই আজি গুৱাহাটীৰ নিকটৱৰ্তী কাঁহীকুছিত থকা অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যান শস্য গৱেষণা কেন্দ্ৰত একেডৰা মাটিত বছৰত দুটা শস্যৰ খেতি সম্পৰ্কীয় এখন কৰ্মশালাত অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে কৃষকৰ আয় বৃদ্ধিৰ বাবে একেটা বছৰত দুটা বা ততোধিক শস্যৰ খেতি কৰাৰ ক্ষেত্ৰত বিশেষ অগ্র...

June 29, 2024 8:57 PM

ৰাজ্যত ৫খন জিলাৰ ৩৮৩খন গাঁৱৰ ৪১ হাজাৰৰো অধিক লোক এতিয়াও বানৰ কবলত

ৰাজ্যখনৰ বান পৰিস্থিতি প্ৰায় সুস্থিৰ হৈছে যদিও ৫খন জিলাৰ ৩৮৩ খন গাঁৱৰ ৪১ হাজাৰৰো অধিক লোক এতিয়াও বানৰ কবলত আছে। ১২৯টা আশ্রয় শিবিৰত ১৪ হাজাৰৰো অধিক লোকে আশ্রয় লৈ আছে। ইয়াৰ ভিতৰত কৰিমগঞ্জ জিলাত স্থাপন কৰা সৰ্বাধিক ১০৩টা আশ্রয় শিবিৰত ১৩ হাজাৰৰো অধিক লোক আশ্ৰয় লৈ আছে। কৰিমগঞ্জৰ উপৰি কামৰূপ, ধেমাজ...

June 29, 2024 8:55 PM

কেন্দ্ৰীয় বন্দৰ জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৰ্থেবাৰীৰ ন-সত্ৰত কৃষ্ণগুৰুৰ সেৱাশ্ৰমত সেৱা

কেন্দ্ৰীয় বন্দৰ জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আজি সৰ্থেবাৰীৰ ন-সত্ৰত কৃষ্ণগুৰুৰ সেৱাশ্ৰমত উপস্থিত হয়। নতুন চৰকাৰৰ মন্ত্ৰী হিচাপে সেৱাশ্ৰমখনত উপস্থিত হৈ শ্ৰীসোণোৱালে সেৱা জনোৱাৰ লগতে বৰ্তমানৰ গুৰু প্রেমানন্দ প্রভুক সাক্ষাৎ কৰে। তেওঁ লগতে মানৱ সেৱাক অগ্ৰাধিকাৰ দি সমাজৰ পৰা অশুভ শক্তি নাশ ...

June 29, 2024 8:53 PM

চৰাইদেউ জিলা ভ্রমণ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ, বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াৰে বৈঠক

অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি চৰাইদেউ জিলা ভ্রমণ কৰে। মন্ত্ৰীগৰাকীয়ে জিলাখনত উপস্থিত হৈ আয়ুক্তৰ কাৰ্যালয়ত খাদ্য, ৰাজহুৱা বিতৰণ, গ্রাহক পৰিক্ৰমা, পঞ্চায়ত আৰু গ্রামোন্নয়ন আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ শীৰ্ষ বিষয়াসকলৰ সৈতে পর্যালোচনা বৈঠকত মিলিত হয়। ...

June 29, 2024 8:52 PM

তিনিচুকীয়া জিলাৰ অধীনৰ উপ-জিলাসমূহৰ গুৰুত্বপূৰ্ণ বিষয় আলোচনাৰ উদ্দেশ্যে জিলা আয়ুক্তৰ কাৰ্যালয়ত বৈঠক

তিনিচুকীয়া জিলাৰ অধীনৰ উপ-জিলাসমূহৰ গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰাৰ উদ্দেশ্যে আজি জিলাখনৰ আয়ুক্তৰ কাৰ্যালয়ত এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত শ্রমমন্ত্রী সঞ্জয় কিষাণ, বিধায়ক ভাস্কৰ শৰ্মা, ৰূপেশ গোৱালা আৰু জিলাখনৰ আয়ুক্ত স্বপ্নীল পাল উপস্থিত থাকে। উপ-জিলাৰ কাৰ্যকৰীকৰণে জিলাখনৰ প্ৰশাসনিক আৰু আনুষংগ...

June 29, 2024 8:50 PM

শিক্ষক-কর্মচাৰীক অৱসৰকালীন লাভালাভ প্ৰদানৰ ক্ষেত্ৰত কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক দীপিকা চৌধুৰীৰ গুৰুত্বপূৰ্ণ পদক্ষেপ

কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক দীপিকা চৌধুৰীয়ে শিক্ষক-কর্মচাৰীক অৱসৰকালীন লাভালাভ প্ৰদান কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। পৰিদৰ্শকৰ কাৰ্যালয়ে আজি পাণবজাৰত আয়োজিত এক বিশেষ অনুষ্ঠানত জিলাখনৰ বিভিন্ন মাধ্যমিক বিদ্যালয়ৰ পৰা কাইলৈ অৱসৰ ল'বলগীয়া চাৰিগৰাকী শিক্ষকক অৱসৰৰ এদি...

June 29, 2024 8:49 PM

ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্ত সচিব ড০ পি অশোক বাবুৰ বৰপেটাৰ পূব ম’হচৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ পৰ্যৱেক্ষণ

ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্ত সচিব ড০ পি অশোক বাবুই আজি বৰপেটা জিলাৰ নৈপৰীয়া পূব ম’হচৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত উপস্থিত হৈ চৰ অঞ্চলৰ স্বাস্থ্য সেৱাৰ ব্যৱস্থা সম্পৰ্কে পৰ্যৱেক্ষণ কৰে। উল্লেখযোগ্য যে এই স্বাস্থ্য কেন্দ্ৰটোৱে জিলাখনৰ পূব দিশৰ চৰ অঞ্চলসমূহৰ বৃহৎ অংশ সামৰি...