June 30, 2024 11:41 AM

১৭ বছৰৰ পাছত দ্বিতীয়বাৰৰ বাবে ভাৰতৰ আই চি চি টি-টুৱেণ্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ খিতাপ দখল

ভাৰতে যোৱানিশা দক্ষিণ আফ্রিকাক ৭ ৰানত পৰাস্ত কৰি ১৭ বছৰৰ পাছত দ্বিতীয়বাৰৰ বাবে আই চি চি টি-টুৱেণ্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ খিতাপ দখল কৰে। ভাৰতে কিংস্টন অভেলত অনুষ্ঠিত খেলখনত প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ বিৰাট কোহলিৰ ৭৬ আৰু অক্সৰ পেটেলৰ ৪৭ ৰানৰ সহায়ত নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ১৭৬ ...

June 30, 2024 11:37 AM

অসমত ৫খন জিলাৰ ৩৮৩ খন গাঁৱৰ ৪১ হাজাৰৰো অধিক লোক  বানৰ কবলত

ৰাজ্যৰ বান পৰিস্থিতি প্রায় সুস্থিৰ হৈছে যদিও ৫খন জিলাৰ ৩৮৩ খন গাঁৱৰ ৪১ হাজাৰৰো অধিক লোক এতিয়াও বানৰ কবলত আছে। ১২৯টা আশ্রয় শিবিৰত ১৪ হাজাৰৰো অধিক লোকে আশ্ৰয় লৈ আছে। ইয়াৰ ভিতৰত কৰিমগঞ্জ জিলাত স্থাপন কৰা সৰ্বাধিক ১০৩টা আশ্রয় শিবিৰত ১৩ হাজাৰৰো অধিক লোক আশ্ৰয় লৈ আছে। কৰিমগঞ্জৰ উপৰি কামৰূপ, ধেমাজি,...

June 30, 2024 11:32 AM

চৰাইদেউ জিলাৰ মথুৰাপুৰ চাহ বাগিচাত ভ্ৰাম্যমাণ কেঁচা চাহপাত পৰীক্ষাগাৰ উদ্বোধন

উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্রতিষ্ঠান তথা সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই কালি চৰাইদেউ জিলাৰ মথুৰাপুৰ চাহ বাগিচাত এটা ভ্ৰাম্যমাণ কেঁচা চাহপাত পৰীক্ষাগাৰ উদ্বোধন কৰে। এই উপলক্ষে আয়োজিত ৰাজহুৱা সভাত মন্ত্ৰীগৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় বজাৰত অসমৰ চাহৰ সমাদৰ বৰ্তাই ৰখাৰ স্বাৰ্থত ইয়াৰ গুণগত ম...

June 29, 2024 9:16 PM

অমৰনাথ গুহা দৰ্শনৰ অৰ্থে বার্ষিক তীর্থ যাত্ৰা আৰম্ভ, প্ৰধানমন্ত্ৰী-গৃহমন্ত্ৰীৰ শুভেচ্ছা

কাশ্মীৰ উপত্যকাৰ হিমালয়ৰ ওপৰভাগত অৱস্থিত পৱিত্ৰ অমৰনাথ গুহা দৰ্শনৰ অৰ্থে বার্ষিক তীর্থ যাত্ৰা আজি আনুষ্ঠানিকভাৱে আৰম্ভ কৰে। ১৯ আগষ্টত শাৱন্ত পূৰ্ণিমাৰ দিনা ৫২ দিনীয়া এই যাত্ৰাৰ সামৰণি পৰিব। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পৱিত্ৰ অমৰনাথ যাত্ৰা আৰম্ভৰ এই ক্ষণত তীর্থ...

June 29, 2024 9:14 PM

দেশে দুর্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত শ্ৰেষ্ঠ কাৰ্যপ্ৰণালী আঁকোৱালি লৈছেঃ গৃহমন্ত্ৰী অমিত শ্বাহ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কৈছে যে, দেশে দুর্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত শ্ৰেষ্ঠ কাৰ্য প্ৰণালী আঁকোৱালি লৈছে। তেওঁ লগতে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী এন ডি আৰ এফে সদায় বিপর্যয়ৰ সময়ত কোনো লোক যাতে হতাহত নহয় সেই উদ্দেশ্যে কাম কৰা উচিত। বিজয় নামৰ পৰ্বতাৰোহন অভিযান মুকলি কৰি শ্ৰী শ্বাহে আজি...

June 29, 2024 9:13 PM

নীট-ইউ জি পৰীক্ষাত হোৱা অনিয়ম সন্দৰ্ভত আহমেদাবাদ আৰু গোধা জিলাকে ধৰি গুজৰাটৰ ৭ ঠাইত চিবিআইৰ তালাচী

কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আয়ে চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ নীট-ইউ জি পৰীক্ষাত হোৱা অনিয়ম সন্দৰ্ভত আহমেদাবাদ আৰু গোধা জিলাকে ধৰি গুজৰাটৰ ভিন ভিন সাতটা ঠাইত তালাচী চলাই আছে। চি বি আয়ে বৃহস্পতিবাৰে এই গোচৰ সংক্ৰান্তত বিহাৰৰ পাটনাৰ পৰা দুজন লোকক গ্ৰেপ্তাৰ কৰিছিল।

June 29, 2024 9:12 PM

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ১২ জুলাইলৈ ন্যায়িক জিম্মালৈ প্ৰেৰণ

দিল্লীৰ এখন আদালতে আবকাৰী নীতি সম্পৰ্কীয় এটা দুৰ্নীতিৰ গোচৰত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ১২ জুলাইলৈ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। তিনি দিনীয়া চি বি আইৰ জিম্মাৰ ম্যাদ অন্ত পৰাৰ পাছত আজি ন্যায়ালয়ে এইদৰে ৰায় দিয়ে। দিল্লীৰ ৰাউজ এভিনিউ আদালতে জেৰা কৰাৰ বাবে আম আদমী পাৰ্টীৰ নেতাগৰাকীক জিম্মাত ল...

June 29, 2024 9:10 PM

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে ৰাজ্যপাল ড০ চি ভি আনন্দ বসুৰ মানহানিৰ গোচৰ ৰুজুৰ বিবেচনা

পশ্চিমবংগৰ ৰাজ্যপাল ড০ চি ভি আনন্দ বসুৱে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰাৰ কথা বিবেচনা কৰিছে। এই সপ্তাহত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৰাজ্যিক সচিবালয় নবান্নৰ এখন সংবাদমেলত মহিলাসকলে কলকাতাৰ ৰাজভৱনলৈ যাবলৈ ভয় কৰে বুলি মন্তব্য কৰিছে। আমাৰ কলকাতা সংবাদদাতাই ৰাজভৱন...

June 29, 2024 9:09 PM

জনতা দল ইউনাইটেডৰ নেতা সঞ্জয় ঝাক দলৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি হিচাপে নিযুক্তি

জনতা দল ইউনাইটেডে আজি ৰাজ্যসভাৰ সাংসদ তথা দলৰ নেতা সঞ্জয় ঝাক দলৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি হিচাপে নিযুক্তি দিয়ে। জে ডি ইউৰ সাংসদ, মন্ত্ৰীসকল, কার্যবাহী সদস্য, সাধাৰণ সম্পাদক, সম্পাদক, ৰাজ্যিক সভাপতিসকলে অংশগ্ৰহণ কৰা দলটোৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভাত শ্রী ঝাক নিযুক্তি প্ৰদান কৰা হয়। নিযুক্তিৰ প...

June 29, 2024 9:08 PM

আৰক্ষী আৰু স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত ৰাজ্যৰ পৰা মাদক দ্রব্য সৰবৰাহ-যুৱ প্ৰজন্মৰ মাজত মাদক দ্ৰব্যৰ আসক্তি হ্ৰাসৰ বিশেষ ব্যৱস্থা চৰকাৰৰ

অসম চৰকাৰে ৰাজ্যখনক মাদক দ্রব্য মুক্ত কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু বিগত সময়ছোৱাত অসম আৰক্ষীৰ সহযোগত ৰাজ্যখনে এই ক্ষেত্ৰত যথেষ্ট সফলতা লাভ কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই আজি এই বিষয়ে প্ৰকাশ কৰি কয় যে, ৰাজ্য চৰকাৰে অসম আৰক্ষী আৰু বিভিন্ন স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত ৰাজ্যখনৰ পৰা মা...