July 6, 2024 8:10 PM

আজি ৪ দিনীয়া ভ্ৰমণসূচীৰে ভূৱনেশ্বৰত উপস্থিত ৰাষ্ট্ৰপতি মুৰ্মু

চাৰিদিনীয়া ভ্ৰমণসূচীৰে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আজি গৃহ ৰাজ্য ওড়িশাৰ ভূৱনেশ্বৰত উপস্থিত হয়। বিজু পাটনায়ক আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত শ্ৰীমতী মুৰ্মুক ওড়িশাৰ ৰাজ্যপাল ৰঘূবৰ দাস, মুখ্যমন্ত্ৰী মোহন চৰণ মাঝি আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলে আদৰণি জনায়৷ ৰাষ্ট্ৰপতিগৰাকীয়ে কাইলৈ পুৰীত হ’বলগ...

July 6, 2024 7:53 PM

চৰকাৰে অহা ৫ বছৰত দেশত প্ৰায় ২ লাখ গাঁও পঞ্চায়তত বহুমুখী প্রাথমিক কৃষি ঋণ ছ’চাইটি স্থাপন কৰিব

চৰকাৰে অনাগত পাঁচ বছৰৰ ভিতৰত দেশত প্ৰায় ২ লাখ গাঁও পঞ্চায়তত বহুমুখী প্রাথমিক কৃষি ঋণ ছ’চাইটি স্থাপন কৰিব। দুদিনীয়া ভ্রমণসূচীৰে গুজৰাটত উপস্থিত হৈ কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে গুজৰাটৰ গান্ধী নগৰত ১০২ সংখ্যক আন্তঃৰাষ্ট্ৰীয় সমবায় দিৱসত ভাষণ প্ৰদান কৰি এই কথা প্ৰকাশ কৰে। সমবায়বোৰৰ...

July 6, 2024 7:35 PM

যোৰহাট আৱৰ্ত ভৱনত জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ পৰ্যালোচনা সভাত মন্ত্ৰী বিমল বৰাৰ অংশগ্ৰহণ

ৰাজ্যৰ উদোগ, বাণিজ্য, ৰাজহুৱা প্ৰতিষ্ঠান আৰু সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাই আজি যোৰহাট আৱৰ্ত ভৱনত জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ এখন পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে। এই সভাত সাম্প্ৰতিক বান পৰিস্থিতি আৰু ইয়াৰ জোৰা মৰাৰ বাবে ল'বলগীয়া ব্যৱস্থা সন্দৰ্ভত আলোচনা কৰা হয়৷ মন্ত্ৰীগৰাকীয়ে জিলাখনৰ...

July 6, 2024 7:32 PM

শেহতীয়া বানত ৰাজ্যৰ প্ৰায় ৪৭ হাজাৰ লোকৰ ঘৰ-বাৰী পানীত বুৰ যোৱাত সাময়িকভাৱে সাহায্য শিবিৰত আশ্ৰয় ল’বলগীয়া হৈছে

অসমত বছৰৰ দ্বিতীয়টো বানত ৩০ খন জিলাৰ ২৪ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। বিগত ২৪ ঘণ্টাত বানত ৰাজ্যখনত কোনো লোকৰ মৃত্যু হোৱা নাই। গুৱাহাটী মহানগৰীত বৰষুণৰ পানীয়ে সৃষ্টি কৰা বানত স্বাভাৱিক জীৱন যাত্ৰা বিঘ্নিত হৈছে। মহানগৰখনৰ বিভিন্ন পথ-উপপথত পানী জমা হৈ থকাত যাতায়াতত অসুবিধাৰ সৃষ্টি হৈছে। ভাৰতীয় ব...

July 6, 2024 7:00 PM

অহা ২২ জুলাইত সংসদৰ বাজেট অধিবেশন

সংসদৰ বাজেট অধিবেশন অহা ২২ জুলাইত আৰম্ভ হ'ব। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰি কয় যে এই অধিবেশনৰ ১২ আগষ্টত সামৰণি পৰিব। ২৩ জুলাইত বিত্ত মন্ত্রী নির্মলা সীতাৰমনে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট সদনত দাখিল কৰিব। শ্ৰীৰিজিজুৱে কয় যে, ৰাষ্ট্ৰপতি শ্ৰ...

July 6, 2024 6:43 PM

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ আগজাননী অনুসৰি উজনি অসমৰ বিভিন্ন স্থানত ধাৰাষাৰ বৰষুণৰ সম্ভাৱনা

অসমত বছৰৰ দ্বিতীয়টো বানত ৩০ খন জিলাৰ ২৪ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। বিগত ২৪ ঘণ্টাত বানত ৰাজ্যখনত কোনো লোকৰ মৃত্যু হোৱা নাই। গুৱাহাটী মহানগৰত বৰষুণৰ পানীয়ে সৃষ্টি কৰা বানত স্বাভাৱিক জীৱন যাত্ৰা বিঘ্নিত হৈছে। মহানগৰখনৰ বিভিন্ন পথ-উপপথত পানী জমা হৈ থকাত যাতায়াতত অসুবিধাৰ সৃষ্টি হৈছে। ভাৰতীয় বত...

July 6, 2024 6:39 PM

শ্ৰীশ্ৰীযোগানন্দ দেৱ সত্ৰাধিকাৰ গোস্বামী মহাবিদ্যালয়ৰ হীৰক জয়ন্তী বর্ষ উদযাপন কাৰ্যসূচী আজি শুভাৰম্ভ

গোলাঘাট জিলাৰ বোকাখাটৰ ঐতিহ্যমণ্ডিত উচ্চ শিক্ষানুষ্ঠান শ্ৰীশ্ৰীযোগানন্দ দেৱ সত্ৰাধিকাৰ গোস্বামী মহাবিদ্যালয়ৰ হীৰক জয়ন্তী বর্ষ উদযাপন কাৰ্যসূচী আজি শুভাৰম্ভ কৰা হয়। উদ্যাপন সমিতিৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই আজি পুৱা পতাকা উত্তোলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে। মন্ত্ৰীগৰাকীয়ে ১৯৬৬ চনতে স্থাপিত বোকা...

July 6, 2024 6:37 PM

শিক্ষা সেঁতু এপত ৩৩ খন জিলাৰ ৪,৯০৭ গৰাকী শিক্ষক দীৰ্ঘদিন ধৰি অনুপস্থিতিৰ চিনাক্ত

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে শিক্ষা সেঁতু এপত ৩৩ খন জিলাৰ ৪ হেজাৰ ৯০৭ গৰাকী শিক্ষক দীৰ্ঘদিন ধৰি অনুপস্থিত থকাটো ধৰা পেলাইছে। এই সন্দৰ্ভত বিদ্যালয় শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰে দায়িত্ববাহী অতিৰিক্ত জিলা আয়ুক্তলৈ পত্ৰ প্ৰেৰণ কৰিছে। এই পত্ৰত সংশ্লিষ্ট শিক্ষকসকলৰ অনুপস্থিতি সন্দৰ্ভত বিদ্যাল...

July 6, 2024 6:32 PM

ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ক আনুষ্ঠানিক স্বীকৃতিৰে প্ৰতিবছৰে স্নাতক পাঠ্যক্ৰমত ১০০ খন আসনত নামভৰ্তিত অনুমোদন

ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাৱে স্বীকৃতি প্ৰদান কৰি প্ৰতিবছৰে স্নাতক পাঠ্যক্ৰমত ১০০ খন আসনত নামভৰ্তিত অনুমোদন জনাইছে। ইয়াৰ ফলত ৰাজ্যখনত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা ১৩ লৈ বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি এই বিষয়ে প্ৰকাশ কৰি ৰাজ্যৰ চিকি...

July 6, 2024 6:29 PM

যোৰহাট আৱৰ্ত ভৱনত জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ পৰ্যালোচনা সভাত মন্ত্রী বিমল বৰাৰ অংশগ্ৰহণ

ৰাজ্যৰ উদোগ, বাণিজ্য, ৰাজহুৱা প্ৰতিষ্ঠান আৰু সাংস্কৃতিক পৰিক্ৰমা মন্ত্রী বিমল বৰাই আজি যোৰহাট আৱৰ্ত ভৱনত জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ এখন পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে। এই সভাত সাম্প্রতিক বান পৰিস্থিতি আৰু ইয়াৰ জোৰা মৰাৰ বাবে ল'বলগীয়া ব্যৱস্থা সন্দৰ্ভত আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে জিলাখনৰ...