July 7, 2024 11:39 AM

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সাম্প্রতিক বানত ৯০টাতকৈও অধিক বন্যপ্ৰাণীৰ মৃত্যু

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সাম্প্রতিক বানত ৯০টাতকৈও অধিক বন্যপ্ৰাণীৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে। চৰকাৰী তথ্য অনুসৰি ইয়াৰে চিকিৎসাৰ সময়ত ১১টা সুগৰি পহুৰ মৃত্যু হোৱাৰ লগতে পানীত ডুব গৈ ৬২টাতকৈও অধিক বন্যপ্ৰাণীৰ মৃত্যু হৈছে। ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে যাৱতীয় সকলো প্ৰচেষ...

July 7, 2024 11:35 AM

নিটি আয়োগৰ বিশেষ কার্যসূচী সম্পূর্ণতা অভিযান অসমতো অব্যাহত

নিটি আয়োগৰ বিশেষ কার্যসূচী সম্পূর্ণতা অভিযান অসমতো অব্যাহত আছে। এই অভিযানৰ অংশ হিচাপে কালি ওদালগুৰি জিলাতো বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়। ওদালগুৰি চহৰৰ বিষ্ণুৰাভা কৃষ্টি সংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত আৰম্ভণি অনুষ্ঠানত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। ইপিনে,...

July 7, 2024 11:30 AM

মুখ্যমন্ত্ৰীৰ নিৰ্দেশক্রমে অসম মন্ত্ৰীসভাৰ কেইবাগৰাকীও মন্ত্ৰীৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বানপীড়িত অঞ্চল পৰিদৰ্শন

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বান পৰিস্থিতি নিৰীক্ষণ আৰু নিয়ন্ত্ৰণৰ লগতে সাহায্য প্ৰদানৰ কাম তৎপৰতাৰে আগবঢ়াই নিয়াৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশক্রমে অসম মন্ত্ৰীসভাৰ কেইবাগৰাকীও মন্ত্ৰীয়ে কালি বানপীড়িত অঞ্চল পৰিদৰ্শন কৰি ক্ষয়-ক্ষতিৰ বুজ লয়। মন্ত্রী জয়ন...

July 7, 2024 11:24 AM

অসমৰ বান পৰিস্থিতি শোচনীয়; অহা চাৰিটা দিনত অসম তথা উত্তৰ-পূৰ্বাঞ্চলত ধাৰাসাৰ বৰষুণৰ আশংকা

ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও শোচনীয় হৈয়ে আছে। ঠায়ে ঠায়ে বানৰ প্ৰকোপ কিছু হ্রাস পালেও বানপীড়িতৰ দুৰ্দশা আঁতৰা নাই। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বিভিন্ন স্থানত অহা চাৰিটা দিনত ধাৰাসাৰ বৰষুণ হোৱাৰ আশংকা প্রকাশ কৰি অ'ৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। বৰঝাৰত থকা আঞ্চলিক বতৰ...

July 7, 2024 11:20 AM

বি টি আৰ প্ৰশাসন, সদৌ বড়ো ছাত্ৰ সন্থাৰ প্ৰতিনিধি আৰু ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়াসকলৰ সৈতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ বৈঠক

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই কালি জনতা ভৱনত বি টি আৰৰ বিভিন্ন বিষয় সম্পর্কে আলোচনা কৰাৰ উদ্দেশ্যে বি টি আৰ প্ৰশাসন, সদৌ বড়ো ছাত্ৰ সন্থাৰ প্ৰতিনিধি আৰু ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত ২০২০ বৰ্ষত অসম চৰকাৰৰ সৈতে হোৱা নিষ্পত্তিৰ চুক্তি অনুসৰি বি টি আৰত ৰূপায়ণ হৈ থকা...

July 7, 2024 11:09 AM

সোমবাৰৰ পৰা তিনিদিনীয়া চৰকাৰী কাৰ্যসূচীৰে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাছিয়া আৰু অষ্ট্ৰিয়া ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈৰ পৰা তিনিদিনীয়া চৰকাৰী কাৰ্যসূচীৰে ৰাছিয়া আৰু অষ্ট্ৰিয়া ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ প্ৰথম পৰ্যায়ত শ্ৰীমোদী ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ আমন্ত্রণমৰ্মে ২২ সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে মস্কোলৈ যাব। নেতা দুয়োগৰাকীয়ে দুয়োখন দেশ...

July 6, 2024 8:23 PM

হাৰাৰেত টি-টুৱেণ্টি মেচৰ শৃংখলাৰ প্ৰথমখন খেলত ভাৰতক জয়ৰ বাবে ১১৬ ৰাণৰ লক্ষ্য জিম্বাব’ৱেৰ

হাৰাৰেত চলি থকা ভাৰত আৰু জিম্বাব’ৱেৰ মাজৰ পাঁচখনীয়া টি-টুৱেণ্টি মেচৰ শৃংখলাৰ প্ৰথমখন খেলত ঘৰুৱা দলটোৱে ভাৰতক জয়ৰ বাবে ১১৬ ৰাণৰ লক্ষ্য বান্ধি দিছে। ভাৰতে ছৈত জিকি জিম্বাব’ৱেক প্ৰথমে বেটিঙৰ বাবে আমন্ত্রণ জনায়। দলটোৱে নিৰ্ধাৰিত ২০ অভাৰত ৯টা উইকেট হেৰুৱাই ১১৫ ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ ৰবি বিষ্ণয়ে সৰ্...

July 6, 2024 8:18 PM

NEET UGৰ পৰামৰ্শদানৰ বিলম্বৰ বাতৰি অশুদ্ধ

স্বাস্থ্য মন্ত্ৰালয়ে স্পষ্ট কৰিছে যে NEET UGৰ পৰামৰ্শদানৰ বিলম্বৰ বাতৰি অশুদ্ধ আৰু এই পৰামৰ্শদান অনুষ্ঠিত কৰাৰ বাবে নিৰ্দিষ্ট দিন এতিয়ালৈকে ধাৰ্য কৰা হোৱা নাই। একাংশ সংবাদ মাধ্যমত এই বাতৰিটো প্ৰচাৰ হৈ থকাৰ মাজতে স্বাস্থ্য মন্ত্রালয়ে বিষয়টো স্পষ্ট কৰে।

July 6, 2024 8:16 PM

আহমেদাবাদত গুজৰাট ৰাজ্যিক কংগ্ৰেছৰ কর্মীসভাত ৰাহুল গান্ধী অংশগ্ৰহণ

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে আজি আহমেদাবাদত গুজৰাট ৰাজ্যিক কংগ্ৰেছৰ এখন কর্মীসভাত অংশগ্ৰহণ কৰি তেওঁৰ দলে আগন্তুক নিৰ্বাচনত বিজেপিক পৰাস্ত কৰিব বুলি আস্থা প্ৰকাশ কৰে। এদিনীয়া ভ্রমণসূচীৰে ৰাজ্যখনলৈ যোৱা শ্ৰী গান্ধীয়ে গুজৰাটৰ ৰাজকোট ক্রীড়া মণ্ডলৰ অগ্নিকাণ্ডৰ ঘটনাৰ লগতে অন্যান্য কেইবাটাও ঘটন...

July 6, 2024 8:13 PM

ব্ৰিটেইনৰ বৈদেশিক সচিব ডেভিদ লেমীৰ সৈতে ড০ এছ জয়শংকৰৰ বাৰ্তালাপ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে আজি ব্ৰিটেইনৰ বৈদেশিক সচিব ডেভিদ লেমীৰ সৈতে বাৰ্তালাপ কৰে। সামাজিক মাধ্যমযোগে ড০ জয়শংকৰে কয় যে দুয়োপক্ষৰ কৌশলগত অংশীদাৰিত্ব বৃদ্ধিৰ সম্পৰ্কত দুয়ো আলোচনা কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে লগতে কয় যে শ্ৰী লেমীৰ সৈতে আগলৈ ব্যক্তিগত বৈঠকৰ বাবে তেওঁ আগ্রহী...