July 12, 2024 6:01 PM

নীটৰ প্ৰশ্নকাকত ফাদিল ঘটনাৰ মূল অপৰাধীক চি বি আইৰ দ্বাৰা গ্ৰেপ্তাৰ

কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আইয়ে চিকিৎসা বিজ্ঞানৰ স্নাতক শাখাত নামভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা নীটৰ প্ৰশ্নকাকত ফাদিল ঘটনাৰ মূল অপৰাধী ৰাকেশ ৰঞ্জন ওৰফে ৰকি নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। ব্যক্তিজনক ১০ দিনৰ বাবে চি বি আইৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। ৰকিৰ এই চক্ৰৰ আন এজন...

July 12, 2024 1:05 PM

শেহতীয়া বানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১০টা গঁড় সহ ১৭৪টা জীৱ-জন্তুৰ প্ৰাণ হানি হৈছে

সাম্প্ৰতিক বানত ৰাজ্যৰ ২৬খন জিলাৰ প্ৰায় ১৪ লাখ লোক বানৰ কবলত আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জনোৱা তথ্য অনুসৰি এতিয়াও ৮৩টা ৰাজহ চক্ৰৰ দুহেজাৰ ৫৪৫ খন গাঁৱৰ বিস্তীর্ণ অঞ্চল বানত বুৰ গৈ আছে। এই বানত ৩৯ হাজাৰ হেক্টৰতকৈ অধিক কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। শেহতীয়া বানত ৮৪ জন লোকে প্রাণ হেৰু...

July 12, 2024 1:00 PM

আজি ড’নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই অসম আৰু মেঘালয় ভ্ৰমণসূচীৰে অসমলৈ আহিব

কেন্দ্ৰীয় যোগাযোগ আৰু উত্তৰ-পূব উন্নয়ন দপ্তৰ অৰ্থাৎ ড’নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই আজি অসম আৰু মেঘালয় ভ্ৰমণসূচীৰে অসমলৈ আহিব। মন্ত্ৰীগৰাকীয়ে এই সময়ছোৱাত ড'নাৰ মন্ত্ৰ্যালয়ৰ বিষয়াবৰ্গ, উত্তৰ-পূব পৰিষদ আৰু ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়াৰ সৈতে পর্যালোচনা বৈঠকত মিলিত হ'ব। মন্ত্ৰীগৰাকীয়ে NERACE...

July 12, 2024 12:57 PM

গোৱালপাৰাৰ শিমলিতোলাত নাও দুৰ্ঘটনাত ৩ জন লোকৰ মৃত্যুৰ লগতে দুজন সন্ধানহীন

গোৱালপাৰা জিলাৰ ৰংজুলী থানাৰ অন্তৰ্গত শিমলিতোলাত কালি নাও দুৰ্ঘটনাত তিনিজন লোকৰ মৃত্যু হোৱাৰ লগতে আন দুজন সন্ধানহীন হৈ আছে। আৰক্ষী সূত্ৰৰ উদ্ধৃতি দি আমাৰ সংবাদদাতাই জনোৱা মতে এজন লোকৰ শেষকৃত্য সম্পন্ন কৰি ২০ জন লোক নাৱেৰে ওভতি অহাৰ সময়ত নাওখন পানী বুৰ যায়। ফলত ৫ জন লোক সন্ধানহীন হয়। তিনিজনক উদ্ধা...

July 12, 2024 12:53 PM

মাতৃ-পিতৃ বন্দনা কাৰ্যসূচী অনুসৰি চৰকাৰী বিষয়া-কৰ্মচাৰীক বিশেষ নৈমিত্তিক ছুটী ঘোষণা ৰাজ্য চৰকাৰৰ

ৰাজ্য চৰকাৰে মাতৃ-পিতৃ বন্দনা কাৰ্যসূচী অনুসৰি চৰকাৰী বিষয়া-কৰ্মচাৰীক পিতৃ-মাতৃ, শাহু শহুৰৰ সৈতে সময় কটাবলৈ বিশেষ নৈমিত্তিক ছুটী ঘোষণা কৰিছে। এই অনুসৰি চলিত বৰ্ষৰ ৬ আৰু ৮ নৱেম্বৰত এই ছুটী প্ৰদান কৰিব। চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে ৯ আৰু ১০ নৱেম্বৰৰত বন্ধ লাভ কৰিব। অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত বিষয়া...

July 12, 2024 12:47 PM

গুৱাহাটী আৰ্টিষ্ট গীল্ডৰ ৪৮ সংখ্যক প্রতিষ্ঠা দিৱস কালি দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়

গুৱাহাটী আৰ্টিষ্ট গীল্ডৰ ৪৮ সংখ্যক প্রতিষ্ঠা দিৱস কালি দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। পুৱা গীল্ডৰ সভাপতি বিৰেন সিংহই পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ আৰম্ভণি কৰে। প্ৰতিষ্ঠা দিৱস উপলক্ষে প্রতিষ্ঠানটোৱে বিশিষ্ট অভিনেতা তথা পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্যক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। বিয়লি দৈনিক অস...

July 12, 2024 12:45 PM

বি চি চি আইয়ে ভাৰতীয় ক্রিকেট দলৰ শ্ৰীলংকা ভ্ৰমণৰ সূচী প্রকাশ

ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ বি চি চি আইয়ে ভাৰতীয় ক্রিকেট দলৰ শ্ৰীলংকা ভ্ৰমণৰ সূচী প্রকাশ কৰিছে। পাল্লেকেলে আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত ২৬, ২৭ আৰু ২৯ জুলাইত হ'বলগীয়া টি-টুৱেণ্টি খেলেৰে এই ভ্ৰমণ আৰম্ভ হ'ব। ইয়াৰ পাছতে দলটো ১, ৪ আৰু ৭ আগষ্টত কলম্বোৰ আৰ প্রেমাদাসা আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয...

July 12, 2024 12:31 PM

ষষ্ঠ আয়োদানা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতাত তৃতীয় দিনৰ চতুৰ্থ ৰাউণ্ডৰ অন্তত ৭ গৰাকী খেলুৱৈৰ সম্পূৰ্ণ ৪ পইণ্টেৰে যৌথভাৱে শীৰ্ষস্থান

গুৱাহাটীৰ পানীখাইতিত অনুষ্ঠিত ষষ্ঠ আয়োদানা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতাৰ কালি তৃতীয় দিনা চতুৰ্থ ৰাউণ্ডৰ অন্তত ৭ গৰাকী খেলুৱৈৱে সম্পূৰ্ণ ৪ পইণ্ট অৰ্জনেৰে যৌথভাৱে শীৰ্ষস্থানত আছে। অন্ধ্ৰপ্ৰদেশৰ শীৰ্ষ বাছনিৰ কোশল, অসমৰ তৃতীয় বাছনি ধ্রুপদ কাশ্যপ, চতুর্থ বাছনিৰ অভিলেশ সৰকাৰ, অজয় কুমাৰ ৰ...

July 12, 2024 9:56 AM

উইম্বলডন টেনিছ প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ চেক গণৰাজ্যৰ বাৰবোৰা ক্রাইজিকোভা

■ চেক গণৰাজ্যৰ বাৰবোৰা ক্রাইজিকোভা প্ৰথমবাৰৰ বাবে উইম্বলডন টেনিছ প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। ৩১ সংখ্যক বাছনিপ্রাপ্ত ক্রাইজিকোভাই যোৱানিশা লণ্ডনত অনুষ্ঠিত দ্বিতীয়খন ছেমি ফাইনেলত কাজাখস্তানৰ এলেনা ৰায়বাকিনাক ৩-৬, ৬-৩, ৬-৪ ছেটত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে সপ্তম বাছনিপ্রাপ্ত ইটালীৰ ...

July 12, 2024 9:52 AM

ব্ৰাৱো অপেন ছেলেঞ্জাৰ টেনিছত পুৰুষ ডাবলছৰ ছেমি ফাইনেলত এন শ্ৰীৰাম বালাজী আৰু ইকুৱেডৰৰ গোঞ্জালো এস্কোবাৰৰ যুটী

■ ভাৰতৰ এন শ্ৰীৰাম বালাজী আৰু ইকুৱেডৰৰ গোঞ্জালো এস্কোবাৰৰ যুটীটো ব্ৰাৱো অপেন ছেলেঞ্জাৰ টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰত আৰু ইকুৱেডৰ যুটীটোৱে কালি কোৱাৰ্টাৰ ফাইনেলত ব্ৰাজিলৰ মাৰ্ছেলো ডেমোলিনৰ আৰু আৰ্জেণ্টিনাৰ গুইলের্মো দুৰানৰ যুটীটোক ৬-৪, ৬-২ পোনপটীয়া ছেটত পৰাস্ত কৰে।...