July 13, 2024 7:09 PM

কোপা আমেৰিকা ফুটবলত কাইলৈ পুৱা ৫.৩০ বজাত আৰ্জেণ্টিনা-কলম্ৱিয়াৰ মাজত ফাইনেল খেল

মহাদেশীয় ফুটবল প্রতিযোগিতা কোপা আমেৰিকাত কাইলৈ ভাৰতীয় সময় অনুসৰি পুৱা চাৰে পাঁচ বজাত মিয়ামিত হ'বলগীয়া ফাইনেল খেলত আর্জেণ্টিনা, কলম্বিয়া বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ছেমিফাইনেলত কলম্বিয়াই উৰুগুৱেক আৰু আৰ্জেণ্টিনাই কানাডাক পৰাজিত কৰিছিল। আৰ্জেণ্টিনাই তৃতীয়বাৰৰ বাবে খিতাপ জয়ৰ চেষ্টা চলাব। আনহাতে কলম্...

July 13, 2024 6:59 PM

উইম্বলডন টেনিছ প্ৰতিযোগিতাত কাইলৈ পুৰুষৰ ছিংগলছৰ ফাইনেলত ন’ভাক জক’ভিচ-কাৰ্লোছ অল্‌কাৰজ

উইম্বলডন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ ফাইনেলত ৭বাৰৰ বিজয়ী ন’ভাক জক’ভিচে কাইলৈ যোৱাবাৰৰ বিজয়ী কাৰ্লোছ অল্‌কাৰজৰ বিৰুদ্ধে খেলিব। ছাৰ্বিয়াৰ জক'ভিচে ২৫সংখ্যক বাছনিৰ ইটালীৰ ল'ৰেঞ্জ মুছেট্টিক ছেমিফাইনেলত যোৱা নিশা ৬-৪, ৭-৬, ৬-৪ ছেটত পৰাজিত কৰে। আনহাতে স্পেইনৰ অলকাৰজে ৰাছিয়াৰ ডেনিল মেডভেদেভক ৬-৭, ...

July 13, 2024 1:38 PM

আই এছ এছ এফ জুনিয়ৰ শ্বুটিং বিশ্বকাপৰ মহিলাৰ টেপ শিতানত ভাৰতৰ সবিৰা হাৰিছৰ ব্ৰঞ্জৰ পদক

ভাৰতৰ সবিৰা হাৰিছে ইটালীৰ পোৰপেটোত অনুষ্ঠিত আই এছ এছ এফ জুনিয়ৰ শ্বুটিং বিশ্বকাপৰ মহিলাৰ টেপ শিতানত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। সবিৰাই কালি ফাইনেলত ৪০টাৰ ভিতৰত ২৯টা লক্ষ্যত আঘাট হানে।

July 13, 2024 1:33 PM

গুৱাহাটীত আজিৰেপৰা অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্ৰতিযোগিতাৰ কোৱালিফায়িং ৰাউণ্ডৰ খেল

● অসম টেনিছ সন্থাৰ উদ্যোগত আজিৰে পৰা গুৱাহাটীত অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্ৰতিযোগিতাৰ কোৱালিফায়িং ৰাউণ্ডৰ খেল আৰম্ভ হ'ব। গুৱাহাটীৰ চচল টেনিছ প্রকল্পত অনুষ্ঠিত হ'বলগীয়া প্রতিযোগিতাখনত আয়োজক অসমসহ ভাৰতৰ ১৩ খন ৰাজ্যৰ খেলুৱৈব নাম পঞ্জীয়ন কৰা হৈছে। উল্লেখযোগ্য যে প্রতিযোগিতাখনত ১২ আৰু ১৪ ...

July 13, 2024 1:29 PM

দিব্যাংগসকলৰ সক্ষমতা বৃদ্ধিৰ বাবে কাম কৰি থকা সংস্থাসমূহক ৰাষ্ট্ৰীয় পুৰস্কাৰৰ আবেদন প্রক্ৰিয়াৰ বাবে আমন্ত্ৰণ দিব্যাংগ সবলীকৰণ বিভাগৰ

● দিব্যাংগ সবলীকৰণ বিভাগে দিব্যাংগসকলৰ সক্ষমতা বৃদ্ধিৰ বাবে কাম কৰি থকা সংস্থাসমূহক ৰাষ্ট্ৰীয় পুৰস্কাৰৰ আবেদন প্রক্ৰিয়াৰ বাবে আমন্ত্ৰণ জনাইছে। সামাজিক ন্যায় আৰু অধিকাৰিতা বিভাগে দিব্যাংগসকলৰ উদ্দেশ্যে কাম কৰা সংগঠনসমূহক উৎসাহিত কৰিবলৈ এই পুৰস্কাৰসমূহ প্ৰদান কৰা হ'ব বুলি প্ৰকাশ কৰিছে। প্ৰতি বছৰে ৩...

July 13, 2024 1:22 PM

অসমতো অব্যাহত সম্পূর্ণতা অভিযানৰ কাৰ্যসূচী

■ নিটি আয়োগৰ বিশেষ কাৰ্যসূচী সম্পূর্ণতা অভিযান অসমতো অব্যাহত আছে। এই অভিযানৰ অংশ হিচাপে জিলাই জিলাই বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। সম্পূর্ণতা অভিযানৰ অধীনত অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহত মূলতঃ প্রথম ৩ মাহতে পঞ্জীয়নভুক্ত প্রসূতিৰ সংখ্যা, সংহত শিশু বিকাশ সেৱাব অধীনত প্রসূতিৰ পৰিপূৰক খাদ্য য...

July 13, 2024 1:18 PM

শিমলুতোলাত নাও দূৰ্ঘটনাত নিখোজ হৈ থকা দুজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ

● গোৱালপাৰা জিলাৰ শিমলুতোলাত নাও দূৰ্ঘটনাত নিখোজ হৈ থকা বাকী দুজন ব্যক্তিৰ মৃতদেহ কালি উদ্ধাৰ কৰা হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি নাও দুর্ঘটনাস্থলী পৰিদৰ্শন কৰাৰ লগতে পানীত ডুবি নিহত হোৱাসকলৰ পৰিয়ালৰ কাষত উপস্থিত হৈ সমবেদনা জনায়। নিহতসকলৰ পৰিয়াললৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ৪ লাখ টকাৰ এককালী...

July 13, 2024 1:15 PM

চিমেন নৈত পিছলি পৰি ছাত্ৰ সন্ধানহীন

● ডিব্ৰুগড় জিলাৰ জ্ঞান-বিজ্ঞান একাডেমীৰ বাণিজ্য শাখাৰ প্ৰথম বৰ্ষৰ ছাত্ৰ অজিতেজ হাজৰিকা নামৰ ছাত্ৰজন কালি চিমেন নৈত পিছলি পৰি সন্ধানহীন হয়। বন্ধুৰ সৈতে ফুৰিবলৈ অহা ছাত্ৰগৰাকীয়ে চিমেন নৈত ফটো তুলিবলৈ যাওতেই দূৰ্ঘটনাটো সংঘটিত হয়। সন্ধানহীন হৈ থকা ছাত্ৰজনক বিচাৰি এছ ডি আৰ এফৰ দলে চিমেন নদীত উদ্ধাৰ অ...

July 13, 2024 1:10 PM

প্ৰধানমন্ত্রী গ্রাম চড়ক যোজনাৰ অধীনত অসমৰ বাবে ৩৭৮ কোটি ৬৮ লাখ টকা আৱণ্টন

● কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্রী গ্রাম চড়ক যোজনাৰ অধীনত ৰাজ্যৰ বাবে ৩৭৮ কোটি ৬৮ লাখ টকা আৱণ্টন দিছে। এই পুঁজিৰে ৫৬৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৭৮টা পথ আৰু ১৪ খন পকী দলং নিৰ্মাণ কৰা হ'ব। গ্রামোন্নয়ন মন্ত্রালয়ে কৈছে যে, এই প্রকল্পসমূহে স্বাস্থ্য, শিক্ষা আৰু বাণিজ্যৰ দৰে অত্যাৱশ্যকীয় সেৱাসমূহৰ সুবিধা উন্ন...

July 13, 2024 1:06 PM

views 1

আজিৰে পৰা উত্তৰ-পূৰ্বাঞ্চলত ধাৰাষাৰ বৰষুণৰ আগজাননী বতৰ বিজ্ঞান বিভাগৰ

● কেন্দ্রীয় বতৰ বিজ্ঞান বিভাগে অসম, মেঘালয়, ছিকিম আৰু অৰুণাচল প্ৰদেশত আজিৰে পৰা ধাৰাষাৰ বৰষুণৰ আগজাননী দিছে। উত্তৰ-পূবৰ উপৰিও ওড়িশা, পশ্চিমবংগ, বিহাৰ, পূব-পশ্চিম উত্তৰ প্ৰদেশ, ৰাজস্থান, ঝাৰখণ্ড আদিতো অহা দুদিনলৈ ধাৰাষাৰ বৰষুণ হোৱাৰ আগলি বতৰা দিছে। উল্লেখযোগ্য যে বিগত প্রায় এমাহধৰি অৰুণাচল প্রদেশ...