July 14, 2024 12:11 PM

সংবাদ মাধ্যমে জনকল্যাণকাৰী উদ্যমসমূহৰ প্ৰসাৰত চৰকাৰক সহায় কৰা উচিতঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, সংবাদ মাধ্যমে জনকল্যাণকাৰী উদ্যমসমূহৰ প্ৰসাৰত চৰকাৰক সহায় কৰা উচিত। পৰিৱেশ সংৰক্ষণৰ বাবে আৰম্ভ কৰা এজোপা গছ মাতৃৰ নামত উদ্যমৰ উদাহৰণ দি শ্রীমোদীয়ে কয় যে, গোলকীয় পৰ্যায়ত এই উদ্যমৰ ভূয়ষী প্ৰশংসা কৰা হৈছে। সংবাদ মাধ্যমে এই উদ্যমক গণ আন্দোলনত পৰিণত কৰাত সহায...

July 14, 2024 12:06 PM

অভিযোগ নিষ্পত্তিৰ ক্ষেত্ৰত অসম দেশৰ ভিতৰত দ্বিতীয় স্থান লাভ

অভিযোগ নিষ্পত্তিৰ ক্ষেত্ৰত অসমে দেশৰ ভিতৰতে দ্বিতীয় স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। কেন্দ্ৰীয় চৰকাৰৰ প্ৰশাসনিক সংস্কাৰ আৰু ৰাজহুৱা অভিযোগ মন্ত্ৰ্যালয়ে যোৱা ১ জুলাইৰ পৰা ১১ জুলাইলৈকে বিভিন্ন বিভাগৰ অভিযোগ নিষ্পত্তিৰ তালিকা প্রকাশ কৰিছে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই কেন্দ্রীয় মন্ত্ৰ্যালয়ে প্রকাশ...

July 13, 2024 9:04 PM

দেশৰ ৭খন ৰাজ্যৰ ১৩খন বিধানসভা আসনৰ বাবে হোৱা উপ-নির্বাচনত কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছৰ ৪খনকৈ আসন লাভ

দেশৰ সাতখন ৰাজ্যৰ ১৩ খন বিধানসভা আসনৰ বাবে বুধবাৰে হোৱা উপ-নির্বাচনত কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছে চাৰিখনকৈ আসন লাভ কৰিছে। বিজেপি দুখন আৰু আম আদমী পাৰ্টী আৰু ডি এম কে একোখনকৈ আসনত জয় হৈছে। ইফালে বিহাৰৰ ৰুপৌলী বিধানসভা সমষ্টিত নির্দলীয় প্রার্থী শংকৰ সিঙে তেওঁৰ নিকটতম প্রতিদ্বন্দ্বী জে ডি ইউৰ কলাধৰ প্...

July 13, 2024 9:02 PM

মুম্বাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ২৯ হাজাৰ কোটিৰো অধিক টকা ব্যয়সাপেক্ষ ভালেমান প্রকল্প মুকলি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইত ২৯ হাজাৰ কোটিৰে অধিক টকা ব্যয় সাপেক্ষ ভালেমান প্রকল্প মুকলি কৰে। এই উপলক্ষে শ্ৰী মোদীয়ে কয় যে, বর্তমান চৰকাৰে মুম্বাইক ডাঙৰ বিত্তীয় কেন্দ্ৰ আৰু বিশ্বৰ বিত্ত প্রযুক্তি ৰাজধানী ৰূপে গঢ়ি তোলাৰ লক্ষ্য স্থিৰ কৰিছে। চৰকাৰে মুম্বাইৰ জনসাধাৰণৰ জীৱনৰ মান উন্নত...

July 13, 2024 9:01 PM

নতুন দিল্লীত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ উচ্চ পৰ্যায়ৰ বৈঠকত ভাইব্ৰেণ্ট ভিলেজ কার্যসূচী ৰূপায়ণৰ পৰ্যালোচনা

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি নতুন দিল্লীত এখন উচ্চ পৰ্যায়ৰ বৈঠকত ভাইব্ৰেণ্ট ভিলেজ কার্যসূচী ৰূপায়ণৰ পৰ্যালোচনা কৰে। বৈঠকত শ্ৰী শ্বাহে কয় যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰ সীমামুৰীয়া গাঁওসমূহৰ সৰ্বাংগীন উন্নয়নৰ বাবে বদ্ধপৰিকৰ। তেওঁ লগতে স্থানীয় বাসিন্দাসকলক কৰ্মসংস্থাপনৰ ...

July 13, 2024 8:59 PM

গুৱাহাটীত ড’নাৰমন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াৰ সৈতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বৈঠক

দুদিনীয়া ভ্ৰমণসূচীৰে অসম আৰু মেঘালয়লৈ অহা ড’নাৰমন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই আজি গুৱাহাটীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আলোচনাত মিলিত হয়। ফ’ৰ জি তথা ফাইভ জি আৰু উচ্চ গতিসম্পন্ন ইণ্টাৰনেট সেৱা বৃদ্ধিৰে অসমত ডিজিটেল আন্তগাঁথনি উন্নত কৰা, টেলিকম আন্তঃগাঁথনি সেৱাৰ বাবে দক্ষ মানৱ সম্পদ ...

July 13, 2024 8:57 PM

গোৱাত অহা ২০-২৪ নৱেম্বৰলৈ প্ৰথম বিশ্ব দৃশ্য-শ্রাব্য মনোৰঞ্জন সন্মিলন আয়োজন ভাৰতৰ

ভাৰতে অহা ২০ৰ পৰা ২৪ নৱেম্বৰলৈ গোৱাত প্ৰথম বিশ্ব দৃশ্য-শ্রাব্য মনোৰঞ্জন সন্মিলন (ৱেভছ) আয়োজন কৰিব। দিল্লীত আজি গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তে কয় যে, ভাৰত বিশ্বৰ সবাতোকৈ বৃহৎ চলচ্চিত্ৰ নিৰ্মাণকাৰী ৰাষ্ট্ৰসমূহৰ অন্যতম। তেওঁ কয় যে, ৱেভছ সন্মিলনে দেশৰ মিডিয়া আৰু মনোৰঞ্জন উদ্যোগৰ ভৱিষ্যৎ গঢ় দিয়া...

July 13, 2024 8:55 PM

পাকিস্তানৰ প্ৰাক্তন প্রধানমন্ত্ৰী ইমৰান খান আৰু তেওঁৰ পত্নীক অবৈধ বিবাহ অভিযোগৰ পৰা দোষমুক্ত ঘোষণা

পাকিস্তানৰ এখন আদালতে দেশখনৰ প্ৰাক্তন প্রধানমন্ত্ৰী ইমৰান খান আৰু তেওঁৰ পত্নীক অবৈধ বিবাহ অভিযোগৰ পৰা দোষমুক্ত বুলি ঘোষণা কৰিছে। ফেব্ৰুৱাৰীত পাকিস্তানৰ নিৰ্বাচনৰ কিছুদিন পূর্বে শ্ৰী খান আৰু তেওঁৰ পত্নী বুছৰা খানক অবৈধ বিবাহৰ অভিযোগত সাত বছৰ কাৰাদণ্ড বিহিছিল। সেই সময়ত আদালতে বুছৰা খানে পূৰ্বৰ বিবাহৰ...

July 13, 2024 8:53 PM

নগাঁও জিলাৰ ৰহাত নির্মীয়মাণ জোঙাল বলহু পর্যটন ক্ষেত্র পৰিদৰ্শন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

নগাঁও জিলাৰ ৰহাত প্ৰায় ৫০ কোটি টকা ব্যয় সাপেক্ষে নির্মীয়মান জোঙাল বলহু পর্যটন ক্ষেত্র আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ অন্তত মুখ্যমন্ত্ৰীয়ে বিগত দুবছৰৰ আগতে আৰম্ভ কৰা পৰ্যটন ক্ষেত্ৰখনৰ প্ৰথম পৰ্যায়ৰ কাম অহা বছৰতে সমাপ্ত হ'ব বুলি সংবাদ মাধ্যমৰ আগত মতপ্ৰকাশ কৰে। তিৱা জ...

July 13, 2024 8:51 PM

বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ সম্ভাব্য তালিকাত থকা চৰাইদেউ মৈদামক্ষেত্ৰ পৰিদৰ্শন মন্ত্ৰী নন্দিতা গালোচাৰ

ৰাজ্যৰ শক্তি, জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ মন্ত্ৰী নন্দিতা গালোচাই আজি বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ সম্ভাব্য তালিকাত থকা চৰাইদেউ মৈদামক্ষেত্ৰ পৰিদৰ্শন কৰে। উল্লেখযোগ্য যে, ভাৰত চৰকাৰে চলিত বৰ্ষত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্তিৰ বাবে কেৱল আহোম ৰাজত্ব কালৰ গৌৰৱময় ঐতিহ্য বহনকাৰী চৰাইদেউ মৈ...