July 17, 2024 8:31 PM

দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন সম্পৰ্কত মাজুলীৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত বৈঠক

দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ কাৰ্যসূচী সম্পর্কে আলোচনা কৰিবলৈ আজি মাজুলী জিলাৰ আয়ুক্তৰ অধ্যক্ষতাত জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন বৈঠক অনুষ্ঠিত হয়। জিলাখনৰ আৰক্ষী অধীক্ষককে ধৰি সকলো বিভাগৰ মুৰব্বী বিষয়াসকল, নাগৰিক সমাজ তথা সাংবাদিকসকলৰ উপস্থিতিত আয়োজিত বৈঠকত স্বাধীনতা দিৱস উদযাপনৰ দিনজোৰা ...

July 17, 2024 6:25 PM

মেক ইন ইণ্ডিয়া অভিযানে গোলকীয় মঞ্চত দেশৰ অৰ্থব্যৱস্থাক আগুৱাই লৈ যোৱাৰ বিষয়ে সামাজিক মাধ্যমত প্ৰধানমন্ত্ৰী মোদীৰ প্রকাশ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমৰ এটা বার্তাযোগে মেক ইন ইণ্ডিয়া অভিযানে গোলকীয় মঞ্চত দেশৰ অৰ্থব্যৱস্থাক কেনেদৰে আগুৱাই লৈ গৈছে সেই বিষয়ে প্রকাশ কৰিছে। মেক ইন ইণ্ডিয়া অভিযানৰ আভাস দি বার্তাটোত এইবুলি কোৱা হৈছে যে সমগ্ৰ বিশ্বত ভাৰতীয় চাইকেলৰ চাহিদা বৃদ্ধি পাইছে। ব্ৰিটেইন, জার্মানী আৰ...

July 17, 2024 6:22 PM

ওমানৰ উপকূলৱৰ্তী অঞ্চলত তেল পৰিবাহী জাহাজ বুৰ যোৱাত ১৩গৰাকী ভাৰতীয়সহ ১৬গৰাকী নাৱিক সন্ধানহীন

ওমানৰ উপকূলৱৰ্তী অঞ্চলত এখন তেল পৰিবাহী জাহাজ বুৰ যোৱাৰ ফলত ১৩ গৰাকী ভাৰতীয় আৰু ৩ গৰাকী শ্ৰীলংকাৰ নাগৰিককে ধৰি জাহাজখনত থকা মুঠ ১৬ গৰাকী নাৱিকৰ কেউগৰাকীয়েই সন্ধানহীন হৈ আছে। যোৱা ১৫ জুলাইত সংঘটিত এই দুর্ঘটনাটোৰ বিষয়ে দেশখনৰ কৰ্তৃপক্ষই কালি বাতৰি প্ৰকাশ কৰিছে। ওমানৰ সমুদ্রপথৰ সুৰক্ষা কেন্দ্ৰই প্ৰক...

July 17, 2024 6:21 PM

আশাড়ী-একাদশী উপলক্ষে জনসাধাৰণক প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ শুভেচ্ছা জ্ঞাপন

আশাড়ী-একাদশী উপলক্ষে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমত প্ৰকাশ কৰা এটা বাৰ্তাৰ জৰিয়তে শ্রীমোদীয়ে আশা প্রকাশ কৰে যে, ভগৱান ভিথথালে সদায় আনন্দ আৰু সমৃদ্ধিৰে পৰিপূৰ্ণ সমাজ এখন গঠনৰ বাবে সকলোকে উদ্বুদ্ধ কৰে।

July 17, 2024 6:19 PM

মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ১৩ কিলোগ্ৰামতকৈও অধিক পৰিমাণৰ সোণ জব্দ

মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ১৩ কিলোগ্ৰামতকৈও অধিক পৰিমাণৰ সোণ, ১০ কোটি ৩৩ লাখ টকা মূল্যৰ বৈদ্যুতিন সামগ্ৰী আৰু ৪৫ লাখ টকা পৰিমাণৰ বৈদেশিক মুদ্রা জব্দ কৰা হৈছে। বিমান বন্দৰটোৰ তৃতীয় সীমা শুল্ক ক্ষেত্ৰত সংশ্লিষ্ট কৰ্তৃপক্ষই যোৱা ১০ জুলাইৰ পৰা ১৪ জুলাইলৈ চলোৱা অভিযানত এই সামগ্ৰীখিনি জব্দ কৰা হ...

July 17, 2024 6:16 PM

পেৰুত পথ দুৰ্ঘটনাত ২৬জন লোক নিহত, ১২জনতকৈও অধিক লোক আহত

পেৰুত কালি সংঘটিত এটা পথ দুৰ্ঘটনাত কমেও ২৬ জন লোকে প্রাণ হেৰুওৱাৰ লগতে আন ১২ জনতকৈও অধিক লোক আহত হৈছে। এখন যাত্রীবাহী বাছ দক্ষিণ পেৰুৰ আয়াকুচ অঞ্চলৰ লছ লিবার্টাড’ৰ্ছ ঘাইপথৰ পৰা থিয় গৰাৰে প্ৰায় ২০০ মিটাৰ তললৈ সৰি পৰা এই দুর্ঘটনাটোত আহত বাছযাত্ৰীসকলক ততাতৈয়াকৈ চিকিৎসায়লৈ নিয়া হয়। প্রায় ৪০ গৰাক...

July 17, 2024 6:15 PM

এছিয়া কাপ টি-২০ প্রতিযোগিতাত অংশগ্ৰহণৰ বাবে শ্রীলংকাৰ কলম্বোত উপস্থিত ভাৰতীয় মহিলা ক্রিকেট দল

ভাৰতীয় মহিলা ক্রিকেট দল এছিয়া কাপ টি-২০ প্রতিযোগিতাত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে শ্রীলংকাৰ কলম্বোত উপস্থিত হৈছে। এই প্রতিযোগিতা পৰহিলৈ ডাম্বুলাত আৰম্ভ হ'ব। হৰমনপ্রীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটো প্ৰতিযোগিতাৰ প্ৰথম দিনা পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতক পাকিস্তান, সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰ ইউ এ ই ...

July 17, 2024 11:05 AM

এছিয়া কাপ টি-২০ প্রতিযোগিতাৰ বাবে ভাৰতীয় মহিলা ক্রিকেট দল কলম্বোত উপস্থিত

ভাৰতীয় মহিলা ক্রিকেট দল এছিয়া কাপ টি-২০ প্রতিযোগিতাত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে শ্ৰীলংকাৰ কলম্বোত উপস্থিত হৈছে। এই প্রতিযোগিতা শুকুৰবাৰে ডাম্বুলাত আৰম্ভ হ'ব। হৰমনপ্রীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটো প্ৰতিযোগিতাৰ প্ৰথম দিনা পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতক পাকিস্তান, সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰ ইউ এ...

July 17, 2024 11:02 AM

ছুইডিছ অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছত ভাৰতৰ সুমিত নাগলৰ জয়লাভ

ভাৰতৰ সুমিত নাগলে কালি ছুইডিছ অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ এখন খেলত ছুইজাৰলেণ্ডৰ এলিয়াছ য়মেৰক ৬-৪, ৬-৩ পোনপটীয়া ছেটত পৰাস্ত কৰে। অৱশ্যে সুমিত নাগল আৰু পোলেণ্ডৰ কৰোল ড্ৰেজেৱিক্কীৰ যুটীটো পুৰুষৰ ডাবলছত ফ্ৰান্সৰ আলেকজেণ্ডাৰ মুলৰ আৰু লুকা ৱান এশ্বৰ হাতত ৬-৩, ৬-৪ ছেটত পৰাজিত হৈ প্ৰতিযোগিতাৰ ...

July 17, 2024 10:58 AM

ভাৰতৰ ভেষজ, বস্ত্ৰ, যান-বাহন আৰু ৰসায়নৰ ক্ষেত্ৰত বিকাশৰ অপাৰ সম্ভাৱনা আছে : সুনীল বর্থৱাল

কেন্দ্রীয় বাণিজ্য সচিব সুনীল বর্থৱালে কৈছে যে ভাৰতৰ ভেষজ, বস্ত্ৰ, যান-বাহন আৰু ৰসায়নৰ ক্ষেত্ৰত বিকাশৰ অপাৰ সম্ভাৱনা আছে। শ্ৰীবৰ্থৱালে কালি নতুন দিল্লীত ভাৰতীয় বিদেশ বাণিজ্য প্ৰতিষ্ঠানৰ দুটা ধ্বজাবাহী এম বি এ কাৰ্যসূচী মুকলি কৰি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে ভাৰত ২০৪৭ চনৰ ভিতৰত এখন উন্নত ৰাষ্ট্ৰত ...