July 19, 2024 7:08 PM

উত্তৰ প্ৰদেশৰ ৰে’ল দুৰ্ঘটনাত নিহত লোকৰ সংখ্যা ৪লৈ বৃদ্ধি

উত্তৰ প্ৰদেশৰ গোণ্ডাত কালি হোৱা ৰে'ল দুৰ্ঘটনাত নিহত লোকৰ সংখ্যা ৪ লৈ বৃদ্ধি পাইছে। দুৰ্ঘটনাত আহত এজন লোকৰ আজি চিকিৎসালয়ত মৃত্যু ঘটে আৰু ৰে'ল পথৰ পৰা বাগৰি পৰা ডবাৰ পৰা অন্য এটা শৱদেহ উদ্ধাৰ হয়। অন্য দুজন আহতৰ অৱস্থা সংকটজনক বুলি কোৱা হৈছে। ৰে'ল বিভাগৰ পৰা লাভ কৰা তথ্য অনুসৰি কালি বিয়লি ডিব্ৰুগড় ...

July 19, 2024 12:04 PM

দুদিনীয়া ভ্ৰমণসূচীৰে আজি ভূটানলৈ যাব বিদেশ সচিব বিক্ৰম মিস্ৰী

বিদেশ সচিব বিক্রম মিস্ৰী দুদিনীয়া ভ্ৰমণসূচীৰে আজি ভূটানলৈ যাব। উল্লেখযোগ্য যে বিদেশ সচিবৰূপে কাৰ্যভাৰ গ্ৰহণৰ পাছত শ্ৰী মিস্ৰীৰ এইটোৱে প্ৰথমটো আনুষ্ঠানিক বিদেশ ভ্রমণ। ভ্রমণ কালছোৱাত বিদেশ সচিবগৰাকীয়ে ভূটানৰ ৰজাৰ উপস্থিতিত একাংশ জনতাৰ সৈতে মত বিনিময় কৰিব। শ্রী মিস্ৰীয়ে দেশখনৰ প্রধানমন্ত্ৰী, বিদেশ ...

July 19, 2024 12:03 PM

আজিৰে পৰা অৰুণাচল প্রদেশ বিধানসভাৰ বাজেট অধিৱেশন

অৰুণাচল প্রদেশ বিধানসভাৰ বাজেট অধিৱেশন আজি আৰম্ভ হ'ব। পেমাখান্দু নেতৃত্বাধীন ৰাজ্য চৰকাৰখন পুনৰ ক্ষমতালৈ ঘূৰি অহা পাছত এইখনেই হ'ব চৰকাৰৰ প্ৰথমখন বাজেট। ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী তথা বিত্তমন্ত্রী চাওনা মাইনে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাজেট উত্থাপন কৰিব। অহা ২৪ জুলাইত তেওঁ এই বাজেট উত্থাপন কৰাৰ কথা আছে। এ...

July 19, 2024 12:01 PM

অমৰনাথ গুহা অভিমুখে আজি ৪,৮২১গৰাকী যাত্ৰীৰ এটা দলৰ যাত্ৰাৰম্ভ

অমৰনাথ তীর্থ যাত্ৰাৰ চাৰি হাজাৰ ৮২১ গৰাকী যাত্ৰীৰ আন এটা দলে জম্মুৰ ভাগৱতী নগৰ যাত্ৰী নিবাসৰ পৰা পৱিত্ৰ অমৰনাথ গুহা অভিমুখে যাত্ৰা কৰিছে। আজি পুৱা তীর্থ যাত্রীসকলে ১৫০ খন বাহনেৰে এই যাত্ৰা আৰম্ভ কৰে। এই দলটোত তিনি হাজাৰ ২৫৯ গৰাকী পুৰুষ, এহেজাৰ ৪৮২ গৰাকী মহিলা, ৮ টি শিশু, ৬৩ গৰাকী সাধু আৰু ৯ গৰাকী মহ...

July 19, 2024 12:00 PM

ভাৰতৰ ২০৩০ চনৰ ভিতৰত মূল্যৰ হিচাপত বৈদ্যুতিন উৎপাদনৰ ৫০ হাজাৰ কোটি ডলাৰ লাভৰ লক্ষ্য নিৰ্ধাৰণ

ভাৰতে ২০৩০ চনৰ ভিতৰত মূল্যৰ হিচাপত বৈদ্যুতিন উৎপাদনৰ ৫০ হাজাৰ কোটি ডলাৰ লাভ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। এই অভিলাষী লক্ষ্যত সম্পূর্ণ সামগ্ৰী নিৰ্মাণৰ পৰা ৩৫০ বিনিয়ন ডলাৰ আৰু উপাদান নিৰ্মাণৰ পৰা ১৫০ বিলিয়ন ডলাৰ অন্তৰ্ভুক্ত কৰা হৈছে। কালি নতুন দিল্লীত নীতি আয়োগৰ ভাইচ চেয়াৰমেন সুমন বেৰীয়ে ইলেকট্রনি...

July 19, 2024 11:58 AM

ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মাণ্ডাভিয়াই আজি নতুন দিল্লীত খেলো ইণ্ডিয়া উদীয়মান প্ৰতিভা চিনাক্তকৰণৰ দ্বিতীয় পৰ্যায় মুকলি কৰিব

যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মাণ্ডাভিয়াই আজি নতুন দিল্লীত চৰকাৰৰ খেল' ইণ্ডিয়া উদীয়মান প্ৰতিভা চিনাক্তকৰণ চমুকৈ KIRTI পদক্ষেপৰ দ্বিতীয় পৰ্যায় মুকলি কৰিব। মন্ত্ৰ্যালয়ে কৈছে যে, আধুনিক আই চি টি সা-সৰঞ্জাম আৰু গোলকীয় সৰ্বশ্ৰেষ্ঠ অনুশীলনৰ আধাৰত প্ৰতিভাসমূহৰ চিনাক্ত কৰণৰ উদ্দেশ্যে এই প...

July 19, 2024 11:57 AM

শ্ৰীলংকাৰ ডাম্বুলাত আজিৰে পৰা আৰম্ভ মহিলাৰ এছিয়া কাপ টি-২০ ক্রিকেট প্রতিযোগিতা

মহিলাৰ এছিয়া কাপ টি-২০ ক্রিকেট প্রতিযোগিতাৰ আজি শ্ৰীলংকাৰ ডাম্বুলাত আৰম্ভ হ'ব। প্ৰতিযোগিতাৰ আটাইকেইখন খেল ৰনগিৰি ডাম্বুলা আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত খেলোৱা হ'ব। প্ৰতিযোগিতাৰ উদ্বোধনী খেলখন আজি গ্ৰুপ এৰ দল নেপাল আৰু ইউ এ ইৰ মাজত অনুষ্ঠিত হ'ব। ইয়াৰ পাছতে যোৱাবাৰৰ চেম্পিয়ন ভাৰত গ্ৰুপ এৰ আন এখন খেলত...

July 19, 2024 11:56 AM

শ্বাটলাৰ এইচ এছ প্ৰণয়ৰ প্ৰশিক্ষক ৰোহন জৰ্জ মেথিউছক আর্থিক সাহায্য প্ৰদানৰ প্ৰস্তাৱত অনুমোদন

কেন্দ্রীয় ক্রীড়া মন্ত্ৰালয়ে মিছন অলিম্পিক ছেলে অলিম্পিক অভিমুখী শ্বাটলাৰ এইচ এছ প্ৰণয়ৰ প্ৰশিক্ষক ৰোহন জৰ্জ মেথিউছ ফ্ৰান্সৰ পেৰিছত থকা বাবে আর্থিক সাহায্য প্ৰদানৰ প্ৰস্তাৱত অনুমোদন জনাইছে। মেথিউছৰ ব্যয় টার্গেট অলিম্পিক প'ডিয়াম আঁচনিৰ অধীনত আদায় কৰা হ'ব। উল্লেখযোগ্য যে টপছে তেওঁৰ বিমান ভাড়া, থ...

July 19, 2024 11:54 AM

উত্তৰ প্ৰদেশ ৰে’ল দুৰ্ঘটনাত অসমৰ কোনো লোক হতাহত হোৱা নাইঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

উত্তৰ প্ৰদেশত দুৰ্ঘটনাগ্ৰস্ত ডিব্ৰুগড় অভিমুখী ৰে'লত অসমৰ কোনো লোক হতাহত হোৱা নাই বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমত প্রকাশ কৰিছে। সমগ্ৰ পৰিস্থিতিৰ ওপৰত ৰাজ্য চৰকাৰে চোকা নজৰ ৰাখিছে আৰু অসমৰ যাত্ৰীসকলক সহায় কৰাৰ কাৰণে সাজু হৈ আছে। আনহাতে, উত্তৰ-পূব সীমান্ত ৰে'লৱে আবদ্ধ যাত্ৰ...

July 19, 2024 11:52 AM

ৰাজ্যত বাল্য বিবাহ ৰোধৰ বাবে অসম মুছলমান বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন বিধি বাতিলৰ সিদ্ধান্ত

অসমত বাল্য বিবাহ ৰোধৰ বাবে ৰাজ্যিক কেবিনেটে অসম মুছলমান বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন বিধি বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বিধানসভাৰ পৰৱৰ্তী বৰ্ষাকালীন অধিৱেশনত দা আছাম ৰিপিলিং বিল ২০২৪ উত্থাপন কৰা হ'ব। ৰাজ্যত মুছলমান বিবাহ পঞ্জীয়নৰ বাবে উপযুক্ত আইন অনাৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্রহণ কৰিছে।