July 19, 2024 8:25 PM

মাকুম পৌৰ সভাৰ পদেন সদস্য হিচাপে দায়িত্ব গ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

কেন্দ্রীয় মন্ত্রী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালে আজি তিনিচুকীয়া জিলাৰ মাকুম পৌৰ সভাৰ পদেন সদস্য হিচাপে দায়িত্ব গ্ৰহণ কৰে। দায়িত্ব গ্ৰহণৰ পূৰ্বে পৌৰসভাখনৰ কাৰ্যবাহী বিষয়া ৰক্তিম গগৈয়ে শ্ৰীসোণোৱালক শপত বাক্য পাঠ কৰোৱায়। অনুষ্ঠানত সভানেত্রী বিপাশা বৰা, প্রাক্তন কেন্দ্ৰীয় ...

July 19, 2024 8:20 PM

২২ আগষ্টৰ পৰা অসম বিধানসভাৰ শৰৎকালীন অধিবেশন

অসম বিধানসভাৰ শৰৎকালীন অধিবেশন অহা ২২ আগষ্টৰ পৰা অনুষ্ঠিত হ'ব। ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই কালি এখন অধিসূচনাযোগে শৰৎকালীন অধিবেশন ২২ আগষ্টৰ পৰা হ'ব বুলি প্ৰকাশ কৰে। সেইদিনা পুৱা চাৰে ৯ বজাৰ পৰা অধিবেশনৰ কাম-কাজ আৰম্ভ হ'ব।

July 19, 2024 8:17 PM

চেপ্তেম্বৰ মাহত ৰাজ্যৰ ৫ টা সমষ্টিৰ উপ নির্বাচন হোৱাৰ সম্ভাৱনা আছে : অনুৰাগ গোৱেল

চলিত বছৰৰ চেপ্তেম্বৰ মাহত ৰাজ্যৰ ৫ টা সমষ্টিৰ উপ নির্বাচন হোৱাৰ সম্ভাৱনা আছে। আজি এখন সংবাদমেলত এই কথা প্ৰকাশ কৰি ৰাজ্যিক মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলে বৰ্তমানৰ অসম বিধানসভা ২০০১ চন অর্থাৎ‍ সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ আগেয়ে গঠিত হোৱাৰ পৰিপ্ৰেক্ষিতত পূৰ্বে বাহাল থকা বিধানসভা সমষ্টিসমূহতে উপ নি...

July 19, 2024 7:54 PM

আমেৰিকাত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ডনাল্ড ট্রাম্পৰ আনুষ্ঠানিকভাৱে মনোনয়ন গ্ৰহণ

ডনাল্ড ট্রাম্পে আমেৰিকা যুক্তাষ্ট্ৰৰ মীলৱাউকিত অনুষ্ঠিত ৰিপাব্লিকান ৰাষ্ট্ৰীয় সন্মিলনত দিয়া ৰাজহুৱা ভাষণত আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে মনোনয়ন গ্ৰহণ কৰে। যোৱা সপ্তাহত ট্রাম্পক এজন বন্দুকধাৰী আততায়ীয়ে হত্যাৰ চেষ্টা কৰা পাছত ট্রাম্পৰ এইটো প্ৰথম ৰাজহুৱা ভাষণ। চাৰিদিনীয়া সন্মিলনখনত ৰিপা...

July 19, 2024 7:51 PM

ইউৰোপীয় আয়োগৰ অধ্যক্ষ হিচাপে পুনৰ নিৰ্বাচিত হোৱাউচুলা-বন ডেৰ লেএনক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইউৰোপীয় আয়োগৰ অধ্যক্ষ হিচাপে পুনৰ নিৰ্বাচিত হোৱা বাবে উচুলা-বন ডেৰ লেএনক অভিনন্দন জনাইছে। শ্রীমোদীয়ে সামাজিক মাধ্যমযোগে কৈছে যে তেওঁ বিশ্বৰ ভালৰ বাবে কৌশলগত সহযোগিতা সুদৃঢ় কৰা উদ্দেশে একেলগে কাম কৰিবলৈ আগ্ৰহেৰে বাট চাই আছে। ইউৰোপীয় আয়োগৰ অধ্যক্ষ হিচাপে এয়া ৱ'ন ড...

July 19, 2024 7:43 PM

২৮ জুলাইত আকাশবাণীযোগে প্ৰধানমন্ত্ৰীৰ মন কী বাত কাৰ্যসূচী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮ জুলাইত আকাশবাণীযোগে প্ৰচাৰ হ'বলগীয়া মন কী বাতৰ পৰবৰ্তী খণ্ডৰ বাবে জনসাধাৰণৰ পৰা ভালেসংখ্যক পৰামৰ্শ লাভ কৰাক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে। শ্রীমোদীয়ে সামাজিক মাধ্যমযোগে কৈছে যে তেওঁ মন কী বাত অনুষ্ঠানৰ আসন্ন খণ্ডৰ বাবে যথেষ্ট পৰামৰ্শ লাভ কৰিছে। প্ৰধানমন্ত্ৰীয়ে কৈছে য...

July 19, 2024 7:37 PM

বাংলাদেশত সংৰক্ষণ বিৰোধী প্ৰতিবাদত নিহতৰ সংখ্যা ৩৯লৈ বৃদ্ধি

বাংলাদেশত সংৰক্ষণ বিৰোধী প্ৰতিবাদত নিহত লোকৰ সংখ্যা ৩৯লৈ বৃদ্ধি পাইছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি চৰকাৰী চাকৰিৰ বাবে সংৰক্ষণ ব্যৱস্থাৰ সংস্কাৰৰ দাবী জনাই বিদ্যাৰ্থীসকলে সাব্যস্ত কৰা প্ৰতিবাদে দেশখনত হিংসাত্মক ৰূপ ধাৰণ কৰিছে। দেশখনত অশান্ত পৰিস্থিতিৰ বাবে টেলিভিছন নিউজ চেনেলৰ সম্প্ৰচাৰ বন্ধ কৰা হৈছে,...

July 19, 2024 7:32 PM

খালিস্তানী সন্ত্ৰাসবাদী লখবীৰ সিং সন্ধু ওৰফে লাণ্ডাৰ ঘনিষ্ঠ সহযোগী গ্ৰেপ্তাৰ

ৰাষ্ট্ৰীয় তদন্ত সংস্থা এন আই এয়ে এটা সন্ত্রাসবাদী নেটৱৰ্কক অস্ত্ৰ-শস্ত্ৰ যোগান ধৰা গোচৰ সংক্ৰান্তত খালিস্তানী সন্ত্ৰাসবাদী লখবীৰ সিং সন্ধু ওৰফে লাণ্ডাৰ এজন ঘনিষ্ঠ সহযোগীক গ্ৰেপ্তাৰ কৰিছে। ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাটোৱে কালি মধ্যপ্ৰদেশৰ বাদৱানী জিলাৰ পৰা বলজিৎ সিঙক গ্ৰেপ্তাৰ কৰে। ৰাষ্ট্ৰীয় তদন্তক...

July 19, 2024 7:26 PM

ভোটাৰ তালিকাৰ সংশোধনৰ সময়সীমা নির্ধাৰণ নির্বাচন আয়োগৰ

নির্বাচন আয়োগে লোকসভা নিৰ্বাচনত জয়লাভ কৰা ৰাজ্যৰ ৫গৰাকী বিধায়কে প্রতিনিধিত্ব কৰা ৫টা বিধানসভা সমষ্টিৰ উপ-নির্বাচন বাবে ভোটাৰ তালিকাৰ সংশোধনৰ সময়সীমা নির্ধাৰণ কৰিছে। সেই অনুসৰি অহা ৩০ জুলাইত খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব। ৩০ জুলাইৰ পৰা ১০ আগষ্টলৈ দাবী আৰু আপত্তি দাখিল কৰিব পৰা যাব। ৩ আৰু ৪ আগষ...

July 19, 2024 7:19 PM

নীট ইউজিৰ প্ৰশ্ন কাকত ফাদিল সন্দৰ্ভত ৰাঁচী চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ শিক্ষাৰ্থী গ্ৰেপ্তাৰ

কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আয়ে চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নাম ভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰবেশ পৰীক্ষা নীট ইউজিৰ প্ৰশ্ন কাকত ফাদিল গোচৰ সংক্ৰান্ত ৰাঁচী চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ এগৰাকী শিক্ষাৰ্থীক গ্ৰেপ্তাৰ কৰিছে। ব্যাপক জেৰাৰ অন্তত ৰাঁচি চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ ২০২৩...