July 20, 2024 6:45 PM

ভাৰত-বাংলাদেশ সীমান্ত ভ্ৰমণ কৰি কেইবাখনো চুইছ গেট পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ

অসম চৰকাৰৰ জলসম্পদ আৰু তথ্য-জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই আজি কাছাৰ জিলাৰ কাতিগড়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ভাৰত বাংলাদেশ সীমান্ত ভ্ৰমণ কৰি কেইবাখনো চুইছ গেট পৰিদৰ্শন কৰে। সমষ্টিটোত সীমান্ত পথ সংস্থাই নিৰ্মাণ কৰা ৬ খন চুইছ গেট জলসম্পদ বিভাগে ২০২২ চনৰ পৰা পৰিচালনা কৰি আহিছে। আজি মন্ত্ৰীগৰাকী...

July 20, 2024 6:34 PM

পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰিবলগীয়া ১১৭ গৰাকী ভাৰতীয় এথলিটৰ মাজত ২৪ গৰাকী সশস্ত্র বাহিনীৰ জোৱান

পেৰিছত ২৬ জুলাইত আৰম্ভ হ’বলগীয়া অলিম্পিক গেমছত অংশগ্ৰহণ কৰিবলগীয়া ১১৭ গৰাকী ভাৰতীয় এথলিটৰ মাজত সশস্ত্র বাহিনীৰ ২৪ গৰাকী জোৱানো আছে। এই ২৪ গৰাকী এথলিটৰ ২২ জনেই পুৰুষ আৰু দুগৰাকী মহিলা। তেওঁলোকৰ মাজত তাৰকা জেভেলিন খেলুৱৈ ছুবেদাৰ নীজ চোপ্ৰাও আছে। প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে প্ৰকাশ কৰিছে যে, এইবাৰৰ অলিম...

July 20, 2024 6:25 PM

বিশ্ব জুনিয়ৰ স্কোৱাচ প্ৰতিযোগিতাত ভাৰতীয় ল’ৰা দলৰ ব্ৰাজিলক ৩-০৩ পৰাস্ত

আমেৰিকা যুক্তৰাষ্ট্ৰৰ হিউছটনত চলি থকা বিশ্ব জুনিয়ৰ স্কোৱাচ প্ৰতিযোগিতাত দলীয় শাখাত কালি ভাৰতীয় ল'ৰাৰ দলটোৱে ব্ৰাজিলক ৩-০৩ পৰাস্ত কৰি গ্ৰুপ এফৰ শীৰ্ষ তিনিটা দলত প্ৰৱেশ কৰিছে। প্রি-কোৱাৰ্টাৰত ভাৰতীয় দলটো কানাডাৰ মুখামুখি হ'ব। ইপিনে ভাৰতীয় ছোৱালীৰ দলটোৱে ব্রাজিল আৰু অষ্ট্ৰেলিয়াক পৰাজিত কৰি কোৱাৰ্...

July 20, 2024 6:23 PM

২৮ জুলাইত আকাশবাণীৰ ‘মন কী বাত’ অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮ জুলাইত আকাশবাণীযোগে প্ৰচাৰ হ'বলগীয়া মন কী বাতৰ পৰবৰ্তী খণ্ডৰ বাবে জনসাধাৰণৰ পৰা ভালেসংখ্যক পৰামৰ্শ লাভ কৰাক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে। শ্রীমোদীয়ে সামাজিক মাধ্যমযোগে কৈছে যে তেওঁ মন কী বাত অনুষ্ঠানৰ আসন্ন খণ্ডৰ বাবে যথেষ্ট পৰামৰ্শ লাভ কৰিছে। প্ৰধানমন্ত্ৰীয়ে কৈছে য...

July 20, 2024 6:20 PM

তামিলনাডুৰ থুথুকুড়িত এম’নিয়া গেছ নিৰ্গতৰ ঘটনাত ২১ জন শ্রমিকে শ্বাস-প্ৰশ্বাসৰ অসুবিধাত ভুগিছে

তামিলনাডুৰ থুথুকুড়িত এম’নিয়া গেছ নিৰ্গত হোৱা ঘটনাত ২১ জন শ্রমিক শ্বাস-প্ৰশ্বাসৰ অসুবিধাত ভুগিছে। তেওঁলোকক কাষৰীয়া চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। এটা সূত্ৰই জনোৱা অনুসৰি থুথুকুড়ি জিলাৰ পুডু পাণ্ডিয়াপুৰমত থকা এটা সাগৰীয় খাদ্য প্ৰস্তুতকৰণ কাৰখানাত ছৰ্টচাৰ্কিটৰ ফলতে এমনিয়া গেছ নির্গত হয়। ঘটনাটোৰ ...

July 20, 2024 6:17 PM

হাইটিত যাত্রিবাহী নাৱত জুই লাগি কমেও ৪০ জন অনুপ্ৰৱেশকাৰী নিহত হোৱাৰ লগতে কেইবাজনো আহত

হাইটিত যাত্রিবাহী এখন নাৱত জুই লাগি কমেও ৪০ জন অনুপ্ৰৱেশকাৰী নিহত হোৱাৰ লগতে আন কেইবাজনো আহত হয়। প্রায় ৮০ জনতকৈও অধিক লোক কঢ়িওৱা নাওখনে যোৱা বুধবাৰে হাইটিৰ উত্তৰ উপকূলৰ পৰা ১৫০ মাইল দূৰৰ টাকছ আৰু কাইকোছ দ্বীপপুঞ্জলৈ যাত্ৰা আৰম্ভ কৰিছিল। ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ' গুটেৰেছৰ উপ-মুখপাত্র ফাৰহান...

July 20, 2024 6:08 PM

ভাৰত মণ্ডপমত কাইলৈ বিশ্ব ঐতিহ্য সমিতিৰ ৪৬ সংখ্যক অধিৱেশন আৰম্ভ

নতুন দিল্লীৰ ভাৰত মণ্ডপমত কাইলৈ বিশ্ব ঐতিহ্য সমিতিৰ ৪৬ সংখ্যক অধিৱেশন আৰম্ভ হ’ব। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই অধিৱেশন উদ্বোধন কৰিব। অধিৱেশনৰ ৩১ জুলাইত সামৰণি পৰিব। ভাৰতে প্ৰথমবাৰৰ বাবে এই অধিৱেশনৰ আয়োজন কৰিছে। অনুষ্ঠানত ইউনেস্ক'ৰ ৰ সঞ্চালক প্রধান মেডাম অড্রে আজৌলে আৰু ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য সচ...

July 20, 2024 6:06 PM

তৃতীয় ভাৰত-ভূটান উন্নয়ন সহযোগিতা আলোচনাত সভাপতিত্ব বৈদেশিক সচিব বিক্রম মিস্ৰীৰ

বৈদেশিক সচিব বিক্রম মিস্ৰী আৰু তেওঁৰ ভূটানৰ সমকক্ষ ওম পেমা ছ’ডেনে আজি ভূটানত অনুষ্ঠিত তৃতীয় ভাৰত-ভূটান উন্নয়ন সহযোগিতা আলোচনাত সভাপতিত্ব কৰে। বৈঠকত দুয়োগৰাকী বৈদেশিক সচিবে ত্ৰয়োদশ পঞ্চবার্ষিক পৰিকল্পনাৰ সময়ছোৱাৰ বিভিন্ন উন্নয়নমূলক অংশদাৰিত্ব তথা সহযোগিতাৰ পৰ্যালোচনা কৰে। বৈদেশিক সচিব মিস্ৰীয়ে...

July 20, 2024 6:02 PM

হাৰিয়ানাৰ ছোনিপটৰ পৰা কংগ্ৰেছ বিধায়ক সুৰেন্দ্ৰৰ পানৱাৰক গ্ৰেপ্তাৰ ই ডিৰ

হাৰিয়ানাত বিধি বলৱৎকাৰী সঞ্চালকালয়, ই ডিয়ে ছোনিপটৰ পৰা কংগ্ৰেছ বিধায়ক সুৰেন্দ্ৰৰ পানৱাৰক গ্ৰেপ্তাৰ কৰিছে। ৰাজ্যখনৰ যমুনা নগৰ অঞ্চলৰ অবৈধ খনন গোচৰত জড়িত থকাৰ অভিযোগতে বিধায়কগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰৰ পাছতে ইডিয়ে পানৱাৰক আম্বালাৰ ইডি কার্যালয়লৈ আনে আৰু আদালতত হাজিৰ কৰায়। ইয়াৰ পূৰ্...

July 20, 2024 6:00 PM

সংসদৰ বাজেট অধিৱেশনৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে কাইলৈ এখন সৰ্বদলীয় বৈঠকৰ আয়োজন কৰিছে

সংসদৰ বাজেট অধিৱেশনৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে কাইলৈ এখন সৰ্বদলীয় বৈঠকৰ আয়োজন কৰিছে। এই বৈঠকত চৰকাৰে সংসদৰ দুয়োখন সদনৰ কামকাজ সুচাৰুৰূপে চলাই নিয়াৰ বাবে সকলো দলৰ সহায়-সহযোগিতা বিচাৰিব। বাজেট অধিৱেশন সোমবাৰে আৰম্ব হ'ব আৰু ১২ আগষ্টলৈকে চলিব। কেন্দ্রীয় বাজেট ২৩ জুলাইত দাখিল কৰা হ'ব। এইখন হ'ব নৰেন্...