July 26, 2024 12:24 PM

আজি অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক মূল পৰীক্ষা আৰম্ভ

অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক মূল পৰীক্ষা আজিৰে পৰা অনুষ্ঠিত হয়। ২৩৫টা পদৰ বাবে হ'বলগীয়া এই মূল পৰীক্ষাত দুহেজাৰ ৮২১গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ। উল্লেখযোগ্য যে প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফলৰ অন্তত দুহেজাৰ ৮৯৮গৰাকীয়ে মূল পৰীক্ষালৈ যোগ্যতা অৰ্জন কৰিছিল যদিও ইয়াৰ ভিতৰত দুহেজাৰ ৮২১গৰাকী প্ৰাৰ্থীয...

July 26, 2024 12:22 PM

নিটি আয়োগৰ বিশেষ কাৰ্যসূচী ‘সম্পূর্ণতা অভিযান’ৰ অধীনত ৰাজ্যৰ বিভিন্ন জিলাত স্বাস্থ্য আৰু কৃষি বিভাগৰ বিভিন্ন সজাগতামূলক কাৰ্যসূচী

নিটি আয়োগৰ বিশেষ কাৰ্যসূচী ‘সম্পূর্ণতা অভিযান’ৰ অধীনত অসমৰ কেইবাখনো জিলাত কাৰ্যসূচী অব্যাহত আছে। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত স্বাস্থ্য আৰু কৃষি বিভাগে বিভিন্ন সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰিছে। সম্পূর্ণতা অভিযানৰ অধীনত অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহত মহিলা আৰু শিশুৰ স্বাস্থ্য আৰু পৰিপুষ্টিৰ দ...

July 26, 2024 12:20 PM

ৰাজ্যসমূহে খনিজ সম্পদৰ ৰয়েল্টী নির্ধাৰণৰ অধিকাৰ পাব বুলি উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠৰ ৰায়দান

ৰাজ্যসমূহে খনিজ সম্পদৰ ৰয়েটি নির্ধাৰণৰ অধিকাৰ পাব বুলি উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠে ৰায়দান কৰিছে। কালি দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত গঠিত এখন ন-জনীয়া বিচাৰপীঠে এই ঐতিহাসিক ৰায় দান কৰি খনি আৰু খনিজ পদাৰ্থৰ ওপৰত সাংবিধানিক অধিকাৰ ৰাজ্যসমূহৰ থকা বুলি নিশ্চিত কৰে। উল্ল...

July 26, 2024 12:17 PM

ৰাষ্ট্ৰপতি ভৱনৰ দৰবাৰ হলক গণতন্ত্ৰ মণ্ডপ আৰু অশোক হলক অশোক মণ্ডপ ৰূপে নামকৰণ

ৰাষ্ট্ৰপতি ভৱনৰ দুটা ঐতিহাসিক হলৰ নতুন নামকৰণ কৰা হৈছে। সেই অনুসৰি ৰাষ্ট্ৰপতি ভৱনৰ দৰবাৰ হল আৰু অশোক হলক এতিয়াৰে পৰা গণতন্ত্ৰ মণ্ডপ আৰু অশোক মণ্ডপ ৰূপে জনা যাব। উল্লেখ্য যে দৰবাৰ হলত ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰদানৰ দৰে গুৰুত্বপূৰ্ণ সমাৰোহ অনুষ্ঠিত হৈ আহিছে। আনহাতে অশোক হলটো ব্ৰিটিছ শাসনৰ সময়ত নৃত্যশাল...

July 26, 2024 12:14 PM

ইছৰোলৈ ইণ্টাৰনেচনেল এষ্ট্ৰ’ন’টিকেল ফেডাৰেচনৰ ‘ৱৰ্ল্ড স্পেছ এৱাৰ্ড’

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)লৈ ইণ্টাৰনেচনেল এষ্ট্ৰ’ন'টিকেল ফেডাৰেচন চমুকৈ আই এফ এৰ ফালৰ পৰা ৱৰ্ল্ড স্পেছ এৱাৰ্ড আগবঢ়োৱা হৈছে। চন্দ্ৰৰ দক্ষিণ মেৰুত চন্দ্ৰযান-৩ৰ সফল পদাৰ্পণৰ স্বীকৃতি স্বৰূপে ইছৰোলৈ এই সন্মান প্ৰদান কৰা হ'ব। অহা ১৪ অক্টোবৰত ইটালীৰ মিলানত অনুষ্ঠিত হ'বলগীয়া আই এফ এৰ এটা বিশেষ অ...

July 26, 2024 12:13 PM

গোলাঘাট জিলাৰ আয়ুক্তৰ কাৰ্যালয়ত সপ্তম পথ সুৰক্ষা সমিতিৰ সভা

গোলাঘাট জিলাৰ আয়ুক্তৰ কাৰ্যালয়ত কালি সপ্তম পথ সুৰক্ষা সমিতিৰ এখন সভা অনুষ্ঠিত হয়। জিলা আয়ুক্তগৰাকীয়ে সভাৰ আৰম্ভণিতে বিভিন্ন বিভাগীয় কাম-কাজৰ অগ্ৰগতিৰ বুজ লয় আৰু বৰ্তমানৰ পথ সুৰক্ষা ব্যৱস্থা তথা ইয়াৰ ফলপ্ৰসূতাৰ বিষয়ে পর্যালোচনা কৰে। আয়ুক্তগৰাকীয়ে দুর্ঘটনা প্রবল অঞ্চলসমূহ চিনাক্ত কৰি ইয়াৰ ...

July 26, 2024 12:09 PM

কৰিমগঞ্জ জিলাৰ সৰস্বতী বিদ্যা নিকেতন বিদ্যালয়ত ‘সবৰ হৃদয়ৰ ৰবীন্দ্ৰনাথ’ শীৰ্ষক কবি প্রণাম কাৰ্যসূচী

কৰিমগঞ্জ জিলাৰ সৰস্বতী বিদ্যা নিকেতন বিদ্যালয়ত কালি সবৰ হৃদয়ৰ ৰবীন্দ্ৰনাথ শীৰ্ষক কবি প্রণাম কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি অসম বিধানসভাৰ উপাধ্যক্ষ ড০ নোমল মমিনে ৰবীন্দ্ৰনাথ কেৱল বাঙালীৰ হৃদয়তে নহয় সকলো ভাৰতীয় হৃদয়ত আছে। তেওঁৰ দ্বাৰা ৰচিত ভাৰতৰ জাতীয় সংগীত বি...

July 26, 2024 12:07 PM

তেজপুৰ মহিলা সমিতিৰ বাৰ্ষিক অধিৱেশন আৰু প্ৰাক্তন সভানেত্ৰী প্ৰয়াত মীনা আগৰৱালাৰ জন্ম শতবার্ষিকী উপলক্ষে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ

তেজপুৰ মহিলা সমিতি বাৰ্ষিক অধিৱেশন আৰু সমিতিৰখনৰ প্ৰয়াত প্ৰাক্তন সভানেত্ৰী তথা নাৰী সৱলীকৰণৰ অন্যতম নেত্রী মীনা আগৰৱালাৰ জন্ম শতবার্ষিকী উপলক্ষে কালি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। এই উপলক্ষে মীনা আগৰৱালা স্মৃতি ভৱনত পুৱা প্ৰয়াত আগৰৱালাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰাৰ পাছতে তেজপুৰ জিলা মহিলা...

July 26, 2024 12:06 PM

মহিলাৰ এছিয়া কাপ টি২০ ক্ৰিকেট প্ৰতিযোগিতাৰ ছেমিফাইনেলত আজি ভাৰত-বাংলাদেশৰ মেচ

মহিলাৰ এছিয়া কাপ টি২০ ক্ৰিকেট প্ৰতিযোগিতাৰ ছেমিফাইনেলত ভাৰত আজি বাংলাদেশৰ মুখামুখি হ’ব। শ্ৰীলংকাৰ ৰানগিৰি ডাম্বুল্লা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত খেলখন ভাৰতীয় সময় অনুসৰি দুপৰীয়া ২ বজাত আৰম্ভ হব। প্ৰতিযোগিতাত বৰ্তমানলৈ অপৰাজেয় ভাৰত গ্ৰুপ এৰ শীৰ্ষত থকাৰ বিপৰীতে বাংলাদেশ গ্ৰুপ বিৰ দ্বিতীয় পৰ্যায়ত ...

July 25, 2024 8:30 PM

সম্পূর্ণতা অভিযানৰ অধীনত অসমৰ কেইবাখনো জিলাত কাৰ্যসূচী অব্যাহত

নিটি আয়োগৰ বিশেষ কাৰ্যসূচী সম্পূর্ণতা অভিযানৰ অধীনত অসমৰ কেইবাখনো জিলাত কাৰ্যসূচী অব্যাহত আছে। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত স্বাস্থ্য আৰু কৃষি বিভাগে বিভিন্ন সজাগতামূলক কার্যসূচী গ্ৰহণ কৰিছে। সম্পূর্ণতা অভিযানৰ অধীনত অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহত মহিলা আৰু শিশুৰ স্বাস্থ্য আৰু পৰিপুষ্টিৰ দিশ...