July 26, 2024 6:48 PM

সমগ্র দেশতে আজি ২৫ সংখ্যক কাৰ্গিল বিজয় দিৱস পালন

সমগ্র দেশতে আজি ২৫ সংখ্যক কাৰ্গিল বিজয় দিৱস পালন কৰা হৈছে। এই দিৱস উপলক্ষে ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে সশস্ত্র বাহিনীক কৃতজ্ঞতা প্রকাশ কৰাৰ লগতে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে ভাৰতীয় সশস্ত্র বাহিনীৰ অসাধাৰণ শৌর্যক স্বীকাৰ কৰে। ১৯৯৯ চনত কাৰ্গিলৰ শিখ...

July 26, 2024 6:40 PM

বঙাইগাওঁত জিলা আয়ুক্ত সমন্বিতে বিভাগীয় মুৰববীসকলৰ সৈতে ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াৰ পৰ্যালোচনা সভা

তিনিদিনীয়া কাৰ্যসূচীৰে বঙাইগাঁৱত উপস্থিত হোৱা ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই আজি বঙাইগাওঁ জিলা আয়ুক্ত কাৰ্যালয়ত জিলা আয়ুক্ত নৱদ্বীপ পাঠক সমন্বিতে বিভাগীয় মুৰববীসকলৰ সৈতে এখন পৰ্যালোচনা সভাত মিলিত হয়। সভাত ৰাজ্যপালগৰাকীয়ে কয় যে সকলো চৰকাৰী বিষয়ববীয়াই যিহেতু জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত ক...

July 26, 2024 5:52 PM

জৱাহৰলাল নেহৰু বন্দৰত ভাৰতৰ প্ৰথমটো সংহত কৃষি ৰপ্তানি সুবিধা প্ৰদান

দেশৰ কৃষি ৰপ্তানি আৰু আমদানি সামর্থ শক্তিশালী কৰি তোলাৰ উদ্দেশ্যে জৱাহৰলাল নেহৰু বন্দৰত ভাৰতৰ প্ৰথমটো সংহত কৃষি ৰপ্তানি সুবিধা প্ৰদান কৰা হ'ব। বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ২৮৪ কোটি টকাৰো অধিক মূল্যৰ ৰাজহুৱা-ব্যক্তিগত অংশীদাৰীত্বৰ পদ্ধতিত ৰপ্তানি-আমদানিসহ ঘৰুৱা কৃষি সামগ্ৰী ভিত্তি...

July 26, 2024 5:47 PM

মুম্বাইত বতৰ স্বাভাৱিক অৱস্থালৈ অহাৰ পৰিপ্ৰেক্ষিতত মুম্বাইবাসীৰ সকাহ লাভ

ধাৰাষাৰ বৰষুণৰ পাছত মুম্বাইত বতৰ স্বাভাৱিক অৱস্থালৈ অহাৰ পৰিপ্ৰেক্ষিতত আজি মুম্বাইবাসীয়ে সকাহ লাভ কৰিছে। মহানগৰীৰ দৈনন্দিন জীৱনযাত্ৰা পুনৰ স্বাভাৱিক হৈ পৰিছে। সেয়েহে মহানগৰৰ পৌৰ নিগম এলেকাৰ বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ আগৰ দৰে খোলা আছে। মুম্বাইৰ পৌৰ নিগম কৰ্তৃপক্ষই অভিভাৱকসকলক শৈক্ষিক প্ৰতিষ্ঠান...

July 26, 2024 12:37 PM

ভাৰতীয় সেনাই কৌশলগত পাৰদৰ্শিতাৰ বাবে কাৰ্গিলত ত্ৰিৰংগ পতাকা উত্তোলন কৰিবলৈ সক্ষম হৈছিলঃ জে পি নাড্ডা

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জে পি নাড্ডাই কৈছে যে কাৰ্গিল যুদ্ধত দেশৰ জোৱানসকলে ভয়াৱহ পৰিস্থিতিৰ মুখামুখি হৈছিল যদিও শত্রু পাকিস্তানৰ বিৰুদ্ধে সাহসেৰে যুঁজ দিছিল। শ্ৰী নাড্ডাই কালি নতুন দিল্লীত কয় যে ভাৰতীয় সেনাই প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা সত্ত্ব...

July 26, 2024 12:35 PM

লোকসভাত কেন্দ্রীয় বাজেট সন্দৰ্ভত আলোচনা; বাজেটে জনসাধাৰণক নিৰাশ কৰা বুলি অভিযোগ কংগ্ৰেছৰ চৰণজিৎ সিং চন্নীৰ

লোকসভাত কালি কেন্দ্রীয় বাজেট সন্দৰ্ভত আলোচনা পুনৰ আৰম্ভ হয়। আলোচনাত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ চৰণজিৎ সিং চন্নীয়ে এইবাৰৰ বাজেটে জনসাধাৰণক নিৰাশ কৰা বুলি অভিযোগ তোলে। তেওঁ কয় যে, বাজেটত বান প্রভাবিত পাঞ্জাবৰ জনসাধাৰণৰ বাবে একোৱেই নাই। তেওঁ লগতে চৰকাৰ ৰক্ষা কৰাই এইবাৰৰ বাজেটত অভিপ্ৰায় বুলি মন্তব্য কৰে...

July 26, 2024 12:33 PM

ৰাজ্যসভাত কেন্দ্ৰীয় বাজেট আৰু জম্মু-কাশ্মীৰৰ বাজেট সন্দৰ্ভত আলোচনা

ৰাজ্যসভাত কালি ২০২৪-২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেট আৰু ২০২৪-২৫ বৰ্ষৰ বাবে কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰৰ বাজেট সন্দৰ্ভত আলোচনা পুনৰ আৰম্ভ হয়। আলোচনাত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ ৰণদীপ সিং সূৰ্যেৱালাই কৃষক, দৰিদ্ৰ আৰু নিবনুৱাৰ সমস্যাৰ বিষয়ে উত্থাপন কৰে। আনহাতে আপৰ ৰাঘব চাড্ডাই অভিযোগ কৰে যে, চৰকাৰে এই ...

July 26, 2024 12:31 PM

নতুন দিল্লীত মধ্য-প্রাচ্য সন্দৰ্ভত ভাৰত-জাপানৰ দ্বিতীয়লানি আলোচনা সম্পন্ন

নতুন দিল্লীত কালি মধ্য-প্রাচ্য সন্দৰ্ভত ভাৰত আৰু জাপানৰ দ্বিতীয়লানি আলোচনা অনুষ্ঠিত হয়। আলোচনাত পশ্চিম এছিয়া আৰু উত্তৰ আফ্ৰিকা বিভাগৰ যুটীয়া সচিব সুৰেশ কুমাৰে ভাৰতীয় দলটোৰ আৰু জাপানৰ মধ্যপ্রাচ্য আৰু আফ্ৰিকীয় পৰিক্ৰমা ব্যুৰ'ৰ সঞ্চালকপ্রধান আনডো টশ্বিহিডেই দেশখনৰ দলটোৰ নেতৃত্ব দিয়ে। বিদেশ মন্ত্...

July 26, 2024 12:28 PM

পেৰিছৰ শ্বেন নৈৰ পাৰত আজি নিশা ১১ বজাত পেৰিছ অলিম্পিক ক্রীড়া সমাৰোহৰ উদ্বোধনী অনুষ্ঠান

২০২৪ বৰ্ষৰ পেৰিছ অলিম্পিক ক্রীড়া সমাৰোহ আজি আৰম্ভ হ'ব। পেৰিছৰ শ্বেন নৈৰ পাৰত ভাৰতীয় সময় অনুসৰি নিশা ১১ বজাত এই ক্রীড়া সমাৰোহৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ'ব। ইতিহাসত প্ৰথমবাৰৰ বাবে এইবেলি মুকলি আকাশৰ তলত অলিম্পিক ক্রীড়া সমাৰোহৰ উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সমাৰোহত অংশগ্ৰহণ কৰা দেশসমূহৰ প...

July 26, 2024 12:26 PM

ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ত অহা ১৫ আগষ্টৰ ভিতৰত প্ৰধান শিক্ষক পদৰ নিযুক্তি সম্পূৰ্ণ কৰা হ’বঃ শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু

অহা ১৫ আগষ্টৰ ভিতৰত ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক পদৰ নিযুক্তি সম্পূৰ্ণ কৰা হ'ব বুলি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে জানিবলৈ দিছে। কালি হাইলাকান্দিত শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰাথমিক শিক্ষক সন্মিলনীৰ অধিৱেশনত অংশগ্ৰহণ কৰি লগতে কয় যে শিক্ষা সেতু পৰ্টেলৰ জৰিয়তে অনলাইনযোগ শিক্ষকৰ বদলি প্রক্রিয়...