July 28, 2024 11:28 AM

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নাট শাখাৰ কণ্ঠস্বৰ পৰীক্ষা ৩ ছেপ্তেম্বৰৰ পৰা ২০ ছেপ্তেম্বৰলৈ

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নাট শাখাৰ কণ্ঠস্বৰ পৰীক্ষা অর্থাৎ অডিচনৰ বাবে নিৰ্দিষ্ট কৰা দিনৰ সালসলনি ঘটোৱা হৈছে। নাট শাখাৰ পৰা জনোৱা মতে অনিবাৰ্য্য কাৰণ বশতঃ অহা ২ আগষ্টৰ পৰা অনুষ্ঠিত হ'বলগীয়া পূর্ব ঘোষিত কণ্ঠস্বৰ পৰীক্ষাৰ সূচী নতুনকৈ ঘোষণা কৰা হৈছে। নতুন তাৰিখ অনুসৰি অহা ৩ ছেপ্তেম্বৰৰ পৰা ২০ ছেপ্তে...

July 28, 2024 11:23 AM

নতুন দিল্লীত অনুষ্ঠিত ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য সমিতিৰ ৪৬ সংখ্যক বৈঠকত উপস্থিত থকা সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰক দল-সংগঠনৰ আদৰণি

নতুন দিল্লীত অনুষ্ঠিত ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য সমিতিৰ ৪৬ সংখ্যক বৈঠকত অংশ লোৱা সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰক একাধিক দল-সংগঠনে আদৰণি জনায়। চৰাইদেউৰ ঐতিহাসিক মৈদাম ক্ষেত্ৰই আনুষ্ঠানিক স্বীকৃতি লাভ কৰাৰ বিৰল ক্ষণৰ সাক্ষী হ'বলৈ দিল্লীত বাহৰ পাতি থকা বিধায়কগৰাকী কালি চৰাইদেউত উপস্থিত হয়। মৈদাম ক্ষেত্...

July 28, 2024 11:20 AM

eshram.gov.in প’ৰ্টেলত প্ৰ-পত্ৰ জমা দিয়াৰ শেষ তাৰিখ ৩ আগষ্ট

ৰাজ্য চৰকাৰে ২০২১ চনৰ আগষ্টৰ পৰা ২০২৩ চনৰ আগষ্টলৈ eshram.gov.in প'ৰ্টেলত পঞ্জীয়নভুক্ত ৰাজ্যৰ প্ৰব্ৰজিত শ্রমিকসকললৈ বিশেষ সুবিধা আগবঢ়াইছে। প্রব্রজিত শ্রমিকসকলে নতুন ৰেচন কার্ড অথবা ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত কৰাৰ বাবে নির্দিষ্ট প্ৰ-পত্র সম্পূর্ণ তথ্যসহ পূৰণ কৰি জমা দিব লাগিব। এই ক্ষেত্ৰত আৱেদনকাৰী...

July 28, 2024 11:16 AM

ছিকিমৰ ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্যক অসমৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি

ছিকিমৰ ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্যক অসমৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে। শ্রী আচাৰ্যক মণিপুৰৰ ৰাজ্যপাল হিচাপেও অতিৰিক্ত দায়িত্ব দিয়া হৈছে। লক্ষ্মণপ্ৰসাদ আচাৰ্যই ২০১৫ চনৰ পৰা ২০২৩ চনলৈ উত্তৰপ্ৰদেশ বিধানসভাৰ জনপ্রতিনিধি হিচাপে সেৱা আগবঢ়াইছিল। ৰাজ্যৰ বৰ্তমানৰ ৰাজ্যপাল গোলাব চান্দ কাটাৰিয...

July 28, 2024 11:13 AM

নিটি আয়োগৰ নৱম পৰিচালন পৰিষদৰ বৈঠকত  মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত অনুষ্ঠিত নিটি আয়োগৰ নৱম পৰিচালন পৰিষদৰ বৈঠকত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিকশিত ভাৰতৰ লক্ষ্যত অৰিহনা যুগোৱা ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে আলোকপাত কৰে। সামাজিক মাধ্যমযোগে শ্রীশর্মাই অসম দ্রুতগতিত বিকশিত হোৱা ৰাজ্যসমূহৰ...

July 28, 2024 11:06 AM

স্বাধীনতা সংগ্রামী দেশভক্ত তৰুণৰাম ফুকনৰ ৮৫ সংখ্যক মৃত্যু বার্ষিকী ৰাজ্যজুৰি দেশভক্তি দিৱস পালন

স্বাধীনতা সংগ্রামী দেশভক্ত তৰুণৰাম ফুকনৰ ৮৫ সংখ্যক মৃত্যু বার্ষিকীত আজি ৰাজ্যজুৰি দেশভক্তি দিৱস পালন কৰা হ'ব। এই উপলক্ষে গুৱাহাটীৰ দেশভক্ত তৰুণৰাম ফুকন উদ্যানত ৰাজ্য চৰকাৰৰ উদ্যোগত আজি এক শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ইয়াৰ লগত সংগতি ৰাখি জনতাভৱনৰ সভাকক্ষত আয়োজিত এখন মুকলি সভাত ৰাজ্য চৰকা...

July 27, 2024 9:45 PM

ৰাজ্যৰ বিভিন্ন ঠাইত ৰাজ্যপালৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন

ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই আজি নামনি অসমৰ বিভিন্ন ঠাইত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন কৰাৰ লগতে চলিত প্রকল্পসমূহৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়। ধুবুৰী জিলাৰ চাপৰ, ৰঙামাটিস্থিত শৰৎ চন্দ্ৰ সিংহ কৃষি মহাবিদ্যালয়ত উপস্থিত হৈ ৰাজ্যপালগৰাকীয়ে মহাবিদ্যালয়খনৰ নৱনিৰ্মিত প্ৰেক্ষাগৃহতো উদ্বোধন কৰে।...

July 27, 2024 9:41 PM

ৰাজ্যৰ বিভিন্ন কেন্দ্ৰীয় বিদ্যালয়সমূহত গছপুলি ৰোপণ কাৰ্যসূচী পালন

ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ অধীনত চলি থকা ৰাষ্ট্ৰীয় শিক্ষা সপ্তাহ উপলক্ষে দেশৰ লগতে ৰাজ্যৰ বিভিন্ন কেন্দ্ৰীয় বিদ্যালয়সমূহত গছপুলি ৰোপণ কাৰ্যসূচী পালন কৰা হয়। মাতৃৰ নামত এটা গছপুলি শীৰ্ষক এই গছপুলি ৰোপণ কাৰ্যসূচীৰ অধীনত কেন্দ্ৰীয় বিদ্যালয় গোৱালপাৰাৰ শিক্ষাৰ্থীসকলে মাতৃৰ উপস্থিতিত বিদ্যালয়খনৰ চৌহদত...

July 27, 2024 9:29 PM

মহিলাৰ টি-টুৱেণ্টি এছিয়া কাপ ক্রিকেট প্রতিযোগিতাৰ কাইলৈৰ ফাইনেলত ভাৰত বনাম শ্ৰীলংকা

মহিলাৰ টি-টুৱেণ্টি এছিয়া কাপ ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত কাইলৈ ভাৰত শ্ৰীলংকাৰ বিৰুদ্ধে আৱতীৰ্ণ হ'ব। শ্ৰীলংকাৰ ডাম্বুলাত অনুষ্ঠিত দ্বিতীয়খন ছেমি ফাইনেলত শ্রীলংকাই পাকিস্তানক ৩ উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। কালিৰ খেলখনত ১৪১ ৰানৰ লক্ষ্যৰে খেলা শ্ৰীলংকাৰ দলটোৱে তিনিটা উইকেট আৰু এটা বল বাকী থক...

July 27, 2024 9:26 PM

ভূ-বিজ্ঞান মন্ত্ৰ্যালয়ৰ ১৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

ভূ-বিজ্ঞান মন্ত্ৰ্যালয়ে আজি নতুন দিল্লীৰ পৃথ্বী ভৱনৰ মুখ্য কাৰ্যালয়ত ১৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰে। ২০০৬ চনৰ ১৭ জুলাইত প্ৰতিষ্ঠা হোৱা এই মন্ত্ৰ্যালয়টোৱে প্ৰায় দুটা দশকজুৰি ভূ-বিজ্ঞান ব্যৱস্থাপনাৰ ক্ষেত্ৰত উল্লেখযোগ্য অৰিহণা আগবঢ়াই আহিছে। ভাৰত চৰকাৰৰ প্ৰধান বৈজ্ঞানিক উপদেষ্টা অধ্যাপক অজয় ...