July 31, 2024 10:59 AM

গুৱাহাটীৰ লোকসেৱা ভৱনত দুদিনীয়াকৈ অনুষ্ঠিত জিলা আয়ুক্ত সন্মিলনৰ সামৰণি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত গুৱাহাটীৰ লোকসেৱা ভৱনত দুদিনীয়াকৈ অনুষ্ঠিত জিলা আয়ুক্ত সন্মিলনৰ কালি সামৰণি পৰে। অসম মন্ত্ৰীসভাৰ সদস্য আৰু চৰকাৰৰ শীৰ্ষ বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত এই সন্মিলনত ৰাজ্যৰ প্রশাসন ব্যৱস্থাক জনসাধাৰণৰ ওচৰ চপাই নিয়াৰ উদ্দেশ্যে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত...

July 31, 2024 10:56 AM

শ্ৰীলংকাৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ আটাইকেইখন খেলত ভাৰতৰ জয়লাভ

শ্ৰীলংকাৰ পাল্লাকেলেত ভাৰত আৰু শ্ৰীলংকাৰ মাজত যোৱা নিশা অনুষ্ঠিত হোৱা টি-২০ শৃংখলাৰ অন্তিমখন খেলত ভাৰতে শ্রীলংকাক ছুপাৰ অভাৰত পৰাজিত কৰে। খেলখনত ভাৰতে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত অভাৰত ৯টা উইকেট হেৰুৱাই ১৩৭ ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ শুভমন গিলে ৩৯ আৰু ৰিয়ান পৰাগে ২৬ ৰাণৰ বৰঙণি আগবঢ়ায়। আনহাতে, খেলখনত শ্...

July 31, 2024 10:34 AM

কেৰালাৰ ৱায়ানাডত ভূমিস্খলনত নিহতৰ সংখ্যা ১২০ জনলৈ বৃদ্ধি

কেৰালাৰ ৱায়ানাডত ভূমিস্খলনত নিহতৰ সংখ্যা ১২০ জনলৈ বৃদ্ধি পাইছে। সেনা, বায়ুসেনা আৰু নৌসেনাৰ সমন্বিত প্ৰচেষ্টাত চাৰি শতাধিক লোকক ধ্বংসাৱশেষৰ পৰা উদ্ধাৰ কৰা হৈছে। আৱদ্ধ লোকসকলক উদ্ধাৰ কৰি বায়ুসেনাই বিশেষ বিমানৰ জৰিয়তে চিকিৎসালয়লৈ প্ৰেৰণৰ ব্যৱস্থা কৰে। সেনাই জনোৱা মতে, মুণ্ডাক্কাই গাঁৱৰ পৰা প্ৰায় ...

July 31, 2024 10:28 AM

পেৰিছ অলিম্পিকৰ পঞ্চম দিনা ভাৰতীয় বক্সাৰ, আৰ্চাৰ, শ্বুটাৰ, শ্বাটলাৰৰ খেল

পেৰিছ অলিম্পিকৰ আজি পঞ্চম দিনা ভাৰতীয় বক্সাৰ, আৰ্চাৰ, শ্বুটাৰ আৰু শ্বাটলাৰসকলে নিজ নিজ শাখাৰ খেলত অৱতীৰ্ণ হ'ব। টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক বিজেতা বক্সাৰ লাভলীনা বৰগোঁহাইয়ে নৰৱেৰ সুন্নিভা হফষ্টাডৰ বিৰুদ্ধে হ'বলগীয়া খেলেৰে এইবাৰৰ অলিম্পিকত নিজৰ অভিযান আৰম্ভ কৰিব। শ্বুটিঙত ঐশ্বৰী প্ৰতাপ সিং টোমৰে পু...

July 31, 2024 10:22 AM

লোকসভাত ২০২৪-২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেট সম্পৰ্কীয় আলোচনাৰ উত্তৰ বিত্তমন্ত্ৰীৰ

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনে কৈছে যে চৰকাৰে বিত্তীয় ঘাটিৰ লক্ষ্যত উপনীত হোৱাৰ বাবে প্ৰয়াস চলাই আছে আৰু ২০২৫-২৬ বর্ষ পর্যন্ত বিত্তীয় ঘাটি ৪.৫ শতাংশৰ তললৈ হ্ৰাস কৰাৰ লক্ষ্য স্থিৰ কৰিছে। লোকসভাত কালি ২০২৪-২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেট সম্পৰ্কীয় আলোচনাৰ উত্তৰ দি বিত্তমন্ত্ৰীগৰাকীয়ে এইদৰে প...

July 30, 2024 8:46 PM

পেৰিছ অলিম্পিকত ভাৰতৰ মনু ভাকৰ-সৰবজোৎ সিঙৰ ১০ মিটাৰ এয়াৰ পিষ্টলৰ মিক্সড শাখাত ব্ৰঞ্জৰ পদক অৰ্জন

ভাৰতৰ মনু ভাকৰ আৰু সৰবজোৎ সিঙে পেৰিছ অলিম্পিকত ১০ মিটাৰ এয়াৰ পিষ্টলৰ মিক্সড শাখাৰ দলীয় শিতানত দেশৰ হকে দ্বিতীয়টো ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। খেলুৱৈ দুগৰাকীয়ে আজি দক্ষিণ কোৰিয়াৰ অ'হ য়ে জিন আৰু লী ৱান্‌হোক ১৬-১০ ফলাফলত পৰাভূত কৰে। ইয়াৰ লগে লগে মনু ভাকৰ স্বাধীনোত্তৰ ভাৰতৰ ইতিহাসত অলিম্পিকৰ একেটা সং...

July 30, 2024 8:43 PM

চৰকাৰে ২০২৫-২৬ চনৰ ভিতৰত দেশৰ বিত্তীয় ঘাটি ৪.৫ শতাংশলৈ হ্ৰাস কৰিবঃ কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমন

কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে কৈছে যে চৰকাৰে ২০২৫-২৬ চনৰ ভিতৰত দেশৰ বিত্তীয় ঘাটি ৪ দশমিক ৫ শতাংশলৈ হ্ৰাস কৰিব। লোকসভাত আজি ২০২৪-২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেট সম্পৰ্কীয় আলোচনাৰ উত্তৰ দি মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেঁও কয় যে, ভাৰত কোৱিডৰ পাছত সবাতোকৈ দ্রুত বিকাশশীল অৰ্থব্যৱস্থাৰূপে পৰ...

July 30, 2024 8:41 PM

কেৰালাৰ ৱায়নাড জিলাত হোৱা ভূমিস্খলনত নিহত লোকৰ সংখ্যা ৯৩লৈ বৃদ্ধি

কেৰালাৰ ৱায়নাড জিলাত হোৱা ভূমিস্খলনৰ ঘটনাত নিহত লোকৰ সংখ্যা ৯৩ লৈ বৃদ্ধি পাইছে। এই ঘটনাত আহত ১২৮ জন লোকক বিভিন্ন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। জিলাখনৰ ভূমিস্খলন প্রভাৱিত এলেকাসমূহত উদ্ধাৰ অভিযান অব্যাহত আছে। স্থলসেনা বাহিনী আৰু নৌসেনা বাহিনীৰ লোকে উদ্ধাৰ অভিযানত সহায় কৰিছে আৰু মুন্দাক্কয়ম এলেকাৰ ...

July 30, 2024 8:39 PM

প্রধানমন্ত্ৰী কিষাণ আঁচনিৰ অধীনত ১১ কোটিৰো অধিক খেতিয়কক ৩.২৪ লাখ কোটিৰো অধিক টকা প্ৰদান

প্রধানমন্ত্ৰী কিষাণ আঁচনিৰ অধীনত ১১ কোটিৰো অধিক খেতিয়কক ৩ লাখ ২৪ হাজাৰ কোটিৰো অধিক টকা প্ৰদান কৰা হৈছে। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি লোকসভাৰ এটা লিখিত উত্তৰত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে, প্রধানমন্ত্ৰী কিষাণ আঁচনিৰ সপ্তদশ কিস্তিৰ ধন হিচাপে যোৱা জুনত ৯ কোটি ২৬ লাখ কৃষক পৰিয়া...

July 30, 2024 8:36 PM

ঝাৰখণ্ডৰ বৰাবাম্বো-খৰছাৱা ৰে’ল ষ্টেচনৰ মাজত হাওৰা-মুম্বাই মেইলৰ ১৮টা দবা লাইনচ্যুত, দুজন লোকৰ মৃত্যু

ঝাৰখণ্ডৰ চক্ৰধৰপুৰ ৰে’ল সংমণ্ডলৰ বৰাবাম্বো আৰু খৰছাৱা ৰে'ল ষ্টেচনৰ মাজত আজি পুৱা হাওৰা-মুম্বাই মেইলৰ ১৮ টা দবা লাইনৰ পৰা বাগৰি পৰাত দুজন লোকে প্ৰাণ হেৰুৱায় আৰু অন্য কেইবাজনো লোক আহত হয়। আহত যাত্ৰীসকলক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ৰেল বিভাগে গুৰুতৰভাৱে আহত যাত্ৰীসকলক ৫ লাখ টকাকৈ এককালীন স...