August 1, 2024 6:37 PM

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ পি আই বি গুৱাহাটীৰ সহযোগত শ্রোতাৰ বাবে অলিম্পিক কুইজৰ আয়োজন

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে পি আই বি গুৱাহাটীৰ সহযোগত শনিবাৰে নিশা ৮ বাজি ২ মিনিটত শ্রোতাৰ বাবে অলিম্পিক কুইজৰ আয়োজন কৰিছে। সেইদিনা পেৰিছ অলিম্পিক সন্দৰ্ভত হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত শ্ৰোতাৰ বাবে প্ৰশ্ন সোধা হ'ব। কুইজ প্রতিযোগিতাৰ বাবে দৃষ্টিপাত অনুষ্ঠানৰ যোগেদি শ্রোতাসকলে উত্তৰ দিব ...

August 1, 2024 6:48 PM

অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় পৰ্যায় আৰম্ভ

ৰাজ্যত সেউজ আৱৰণ বৃদ্ধি আৰু বৃক্ষ অৰ্থনীতিৰ বিকাশৰ লক্ষ্যৰে অসম চৰকাৰে গ্ৰহণ কৰা অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় পৰ্যায় আজি আৰম্ভ হৈছে। এই কাৰ্যসূচীৰ অধীনত অহা ২০ আগষ্ট পর্যন্ত ৰাজ্যজুৰি ৩ কোটি গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিছপুৰৰ মন্ত্ৰীসকলৰ আৱাসীক চৌহদৰ উদ্যানত...

August 1, 2024 5:48 PM

পেৰিছ অলিম্পিকত পুৰুষৰ ৫০ মিটাৰ ৰাইফলৰ থ্ৰী পজিছন শিতানত ভাৰতৰ স্বপ্নীল কুশালৰ ব্ৰঞ্জৰ পদক লাভ

পেৰিছ অলিম্পিকত আজিৰে পৰা এথলেটিক্‌ছ প্রতিযোগিতা অনুষ্ঠিত হৈছে। পেৰিছ অলিম্পিকত আজি ভাৰতৰ স্বপ্নীল কুশালে পুৰুষৰ ৫০ মিটাৰ ৰাইফলৰ থ্ৰী পজিছন শিতানত লাভ কৰা ব্ৰঞ্জৰ পদকেৰে ভাৰতৰ মুঠ পদকৰ সংখ্যা ৩ লৈ বৃদ্ধি পালে। এই শিতানত কুশালে প্রথমগৰাকী ভাৰতীয় হিচাপে পদক জয় কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে খ...

August 1, 2024 5:05 PM

প্ৰধানমন্ত্ৰী মোদী আৰু ভিয়েটনামৰ প্ৰধানমন্ত্ৰী ফাম মিন ছিনৰ মাজত দ্বিপাক্ষিক বৈঠক অব্যাহত

নতুন দিল্লীত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভিয়েটনামৰ প্ৰধানমন্ত্ৰী ফাম মিন ছিনৰ মাজত দ্বিপাক্ষিক বৈঠক অব্যাহত আছে। এই বৈঠকৰ পাছত উভয় ৰাষ্ট্ৰৰ সহমতত কেইবাখনো চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে। আজি পুৱা নতুন দিল্লীত ৰাষ্ট্ৰপতি ভৱন চৌহদত অভ্যাগত প্রধানমন্ত্ৰীগৰাকীৰ সন্মানার্থে এটি অভ্যর্থনাৰ...

August 1, 2024 2:54 PM

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত সাতজনীয়া বিচাৰপীঠৰ অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ ভিতৰত উপ-বৰ্গীকৰণৰ অনুমতি প্ৰদান সম্বন্ধে ৰায় দান

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত এখন সাতজনীয়া বিচাৰপীঠে আজি ৰাজ্যৰ বিধান মণ্ডলৰ দ্বাৰা অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ ভিতৰত উপ-বৰ্গীকৰণৰ অনুমতি প্ৰদান সম্বন্ধে ৰায় দান কৰে। সৰ্বোচ্চ ন্যায়ালয়ে এই সন্দৰ্ভত ২০০৪ চনৰ পি ভি চিন্নায়াৰ ৰায়ক ৬-১ বহুমতত খাৰিজ কৰে। চিন্নায়াই তেওঁৰ ৰায়ত...

August 1, 2024 2:53 PM

ৰাজ্যত সেউজ আৱৰণ বৃদ্ধি আৰু বৃক্ষ অৰ্থনীতিৰ বিকাশৰ লক্ষ্যৰে অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় পৰ্যায় আৰম্ভ

ৰাজ্যত সেউজ আৱৰণ বৃদ্ধি আৰু বৃক্ষ অৰ্থনীতিৰ বিকাশৰ লক্ষ্যৰে অসম চৰকাৰে গ্ৰহণ কৰা অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় পৰ্যায় আজি আৰম্ভ হৈছে। এই কাৰ্যসূচীৰ অধীনত অহা ২০ আগষ্ট পর্যন্ত ৰাজ্যজুৰি ৩ কোটি গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। গুৱাহাটীত থকা অসম লোকসেৱা ভৱনত কালি অনুষ্ঠিত কেবিনেট বৈঠকৰ অন্তত আয়োজন কৰা স...

August 1, 2024 2:51 PM

কেৰালাৰ ৱায়নাডত ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যাই ২৬০ অতিক্ৰম

কেৰালাৰ ৱায়নাডত ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যাই ২৬০ অতিক্ৰম কৰিছে। ভাৰতীয় বায়ুসেনা বাহিনীয়ে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু অন্যান্য সংস্থাৰ সহযোগত যোৱা মঙলবাৰৰ পৰা অঞ্চলটোত সাহায্য আৰু উদ্ধাৰ অভিযানত অংশগ্ৰহণ কৰিছে। IAF C-17 পৰিবহণ বিমানৰ জৰিয়তে অঞ্চলটোত ৫৩ মেট্রিকটন চিকিৎসা সামগ্রীকে...

August 1, 2024 2:49 PM

হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দ সিং ছুখুৰ সৈতে ডাৱৰ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ বিষয়ে গৃহমন্ত্ৰী অমিত শ্বাহৰ বাৰ্তালাপ

কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দ সিং ছুখুৰ সৈতে ৰাজ্যখনত ডাৱৰ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ বিষয়ে বাৰ্তালাপ কৰে। গৃহ মন্ত্ৰীগৰাকীয়ে অঞ্চলটোত উদ্ধাৰ আৰু সাহায্য অভিযানৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী নিয়োগকে ধৰি প্ৰয়োজনীয় সকল...

August 1, 2024 2:48 PM

জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিগত ৪ বছৰত এখন নিৰ্দিষ্ট জিলা বা স্থানীয় জিলাত তিনি বছৰতকৈ অধিক সময়ৰ বাবে কৰ্মৰত বিষয়াসকলক স্থানান্তৰ নিৰ্দেশ নির্বাচন আয়োগৰ

নির্বাচন আয়োগে জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিগত চাৰিটা বছৰত এখন নিৰ্দিষ্ট জিলাত নাইবা নিজৰ স্থানীয় জিলাত তিনি বছৰতকৈ অধিক সময়ৰ বাবে কৰ্মৰত বিষয়াসকলক স্থানান্তৰ কৰিবলৈ প্ৰশাসনক নিৰ্দেশ দিছে। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি আয়োগে মুখ্য সচিব আৰু মুখ্য নিৰ্বাচনী বিষয়াক দিয়া নির্দেশ মতে ...

August 1, 2024 1:35 PM

পেৰিছ অলিম্পিকত ভাৰতৰ স্বপ্নীল কুশাল পুৰুষৰ ৫০ মিটাৰ ৰাইফলৰ থ্রী পজিছন শিতানত অৱতীৰ্ণ

ভাৰতৰ স্বপ্নীল কুশালে আজি পেৰিছ অলিম্পিকৰ পুৰুষৰ ৫০ মিটাৰ ৰাইফলৰ থ্রী পজিছন শিতানত পদক জয়ৰ প্ৰত্যাশাৰে ভাৰতীয় সময় অনুসৰি দিনৰ ১ বজাত অৱতীৰ্ণ হ'ব। একেদৰে দুবাৰকৈ বিশ্ব চেম্পিয়নৰ খিতাপ অৰ্জন কৰা নিখাট জৰিনে মহিলাৰ বক্সিঙৰ ৫০ কিলোগ্রাম ওজন শাখাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত এছিয়ান গেমছৰ চেম্পিয়ন ৰু য়ু...