August 7, 2024 8:11 PM

পেৰিছ অলিম্পিকত আগবঢ়োৱা উল্লেখনীয় প্ৰদৰ্শনৰ বাবে মল্লযোদ্ধা ৱিনেশ ফোগতৰ শলাগ ৰাষ্ট্ৰপতি মুৰ্মুৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে পেৰিছ অলিম্পিকত আগবঢ়োৱা উল্লেখনীয় প্ৰদৰ্শনৰ বাবে মল্লযোদ্ধা ৱিনেশ ফোগতৰ শলাগ লৈছে। ৰাষ্ট্ৰপতি মুৰ্মুৱে সামাজিক মাধ্যমযোগে কৈছে যে, ফোগতৰ অসাধাৰণ সাফল্যই দেশক গৌৰৱান্বিত কৰিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, অলিম্পিকত ফোগতক অযোগ্য ঘোষণা কৰাটো দেশৰ বাবে দুখজনক যদিও তে...

August 7, 2024 8:03 PM

অলিম্পিকত মহিলা মল্লযোদ্ধা ৱিনেশ ফোগতক অযোগ্য ঘোষণা কৰাৰ বিষয় সন্দৰ্ভত বিশ্ব মল্লযুদ্ধ সংঘৰ ওচৰত ভাৰতীয় অলিম্পিক সংস্থাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে

কেন্দ্রীয় খেল মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই কৈছে যে, ভাৰতীয় অলিম্পিক সংস্থাই পেৰিছ অলিম্পিকত মহিলা মল্লযোদ্ধা ৱিনেশ ফোগতক অযোগ্য ঘোষণা কৰাৰ বিষয় সন্দৰ্ভত বিশ্ব মল্লযুদ্ধ সংঘৰ ওচৰত প্ৰতিবাদ সাব্যস্ত কৰিছে। লোকসভাত আজি নিজাববীয়াকৈ বিবৃতি দি মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে, কেন্দ্ৰীয়...

August 7, 2024 7:59 PM

২০২৩-২৪ চেনিবৰ্ষৰ বাবে যোৱা মাহত কুঁহিয়াৰ খেতিয়কসকলক প্রায় ৯৫.৩ শতাংশ বকেয়া আদায় দিয়া হৈছে

চৰকাৰে কৈছে যে, ২০২৩-২৪ চেনিবৰ্ষৰ বাবে যোৱা মাহত কুঁহিয়াৰ খেতিয়কসকলক প্রায় ৯৫.৩ শতাংশ বকেয়া আদায় দিয়া হৈছে। লোকসভাত আজি এটা লিখিত উত্তৰত গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ ৰাজ্যমন্ত্রী নিমুৱেন জয়ন্তীভাই বান্তানেয়াই এই কথা সদৰি কৰে। তেওঁ কয যে, কেন্দ্ৰীয় চৰকাৰে কুঁহিয়াৰ খেতিয়কসকলৰ বক...

August 7, 2024 7:54 PM

চৰকাৰে বিগত দশকত কৰ প্ৰশাসনত আমূল পৰিৱৰ্তন আনিবলৈ সমৰ্থ হৈছেঃ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে কৈছে যে, কৰ আৰোপৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীৰ মূল উদ্দেশ্য হৈছে কৰ আইন তথা প্ৰক্ৰিয়াৰ সৰলীকৰণ আৰু দেশৰ বিকাশ ত্বৰান্বিত কৰাৰ লগতে কৰ্ম সংস্থাপনৰ সুযোগ সৃষ্টি কৰা। লোকসভাত আজি বিত্ত বিধেয়ক ২০২৪ সম্পৰ্কীয় আলোচনাৰ উত্তৰ দি বিত্তমন্ত্ৰীগৰাকীয়ে এইদ...

August 7, 2024 7:48 PM

গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্যা সমাধানৰ বাবে বৰ্তমান আৰু ভৱিষ্যতৰ পৰিকল্পনা সন্দৰ্ভত ৰাজ্যৰ গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগক শপতনামা দাখিল কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ

গুৱাহাটী উচ্চ ন্যায়ালয়ে গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যা সমাধানৰ বাবে বৰ্তমান আৰু ভৱিষ্যতৰ পৰিকল্পনা সন্দৰ্ভত ৰাজ্যৰ গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগক শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছে। গুৱাহাটী মহানগৰীত হোৱা কৃত্রিম বান সন্দৰ্ভত এটা বেচৰকাৰী সংগঠনে দাখিল কৰা এখন ৰাজহুৱা স্বার্থজড়িত আবেদনৰ আজি শুন...

August 7, 2024 7:44 PM

অসমৰ দুখন আসনসহ ৯ খন ৰাজ্যৰ ১২ খন ৰাজ্যসভা আসনৰ নিৰ্বাচনৰ সূচী ঘোষণা নিৰ্বাচন আয়োগৰ

নিৰ্বাচন আয়োগে অসমৰ দুখন আসনসহ ৯ খন ৰাজ্যৰ ১২ খন ৰাজ্যসভা আসনৰ নিৰ্বাচনৰ সূচী ঘোষণা কৰিছে। অসমৰ সৰ্বানন্দ সোণোৱাল আৰু কামাখ্যা প্ৰসাদ তাছা শেহতীয়া লোকসভালৈ নিৰ্বাচিত হোৱা খালী হোৱা আসন দুখনৰ বাবে নির্বাচন হ'ব। অহা ১৪ আগষ্টত নিৰ্বাচনৰ অধিসূচনা জাৰি কৰা হ'ব। ইচ্ছুক প্ৰাৰ্থীয়ে ২১ আগষ্ট পর্যন্ত মনোনয...

August 7, 2024 7:40 PM

তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেলত ভাৰতক জয়ৰ বাবে ২৪৯ ৰানৰ লক্ষ্য নিৰ্ধাৰণ শ্রীলংকাৰ

ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত শ্রীলংকাই ভাৰতক জয়ৰ বাবে ২৪৯ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। শ্রীলংকাই প্ৰথমে বেট ধৰি নিৰ্ধাৰিত ৫০ অভাৰত ৭টা উইকেট হেৰুৱাই ২৪৮ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ ৰিয়ান পৰাগে ৩টা উইকেট দখল কৰে। ইফালে খেলৰ দ্বিতীয়ার্ধত ভাৰতে ...

August 7, 2024 7:32 PM

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নাট শাখাৰ কণ্ঠস্বৰ পৰীক্ষাৰ বাবে নিৰ্দিষ্ট কৰা দিনৰ সালসলনি

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নাট শাখাৰ কণ্ঠস্বৰ পৰীক্ষা অৰ্থাৎ‍ অডিচনৰ বাবে নিৰ্দিষ্ট কৰা দিনৰ সালসলনি ঘটোৱা হৈছে। নাট শাখাৰ পৰা জনোৱা মতে অনিবায্য কাৰণবশতঃ পূর্ব ঘোষিত কণ্ঠস্বৰ পৰীক্ষাৰ সূচী নতুনকৈ ঘোষণা কৰা হৈছে । নতুন তাৰিখ অনুসৰি অহা ৩ ছেপ্তেম্বৰৰ পৰা ২০ ছেপ্তেম্বৰলৈকে এই অ’ডিচন সম্পন্ন হ'ব। নতুনক...

August 7, 2024 7:30 PM

দেৰগাঁৱত লাচিত বৰফুকন পুলিচ একাডেমীত অসম বন সুৰক্ষা বাহিনীৰ কনিষ্টবলৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ

দেৰগাঁৱত লাচিত বৰফুকন পুলিচ একাডেমীত অসম বন সুৰক্ষা বাহিনীৰ কনিষ্টবলৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি গোলাঘাট জিলাৰ দেৰগাঁৱত লাচিত বৰফুকন পুলিচ একাডেমীত অসম বন সুৰক্ষা বাহিনীৰ কনিষ্টবলৰ দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰে। তেওঁ এই সমাৰোহত ৯৮১ গৰাকী বন সুৰক্ষা...

August 7, 2024 7:24 PM

ঢাকাত থকা ভাৰতৰ উচ্চ আয়োগে দেশখনত বসবাস কৰা ভাৰতীয়সকলৰ বাবে জৰুৰী পৰামৰ্শ জাৰি

প্রতিবেশী ৰাষ্ট্র বাংলাদেশত সৃষ্টি হোৱা হিংসাত্মক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ঢাকাত থকা ভাৰতৰ উচ্চ আয়োগে দেশখনত বসবাস কৰা ভাৰতীয়সকলৰ বাবে জৰুৰী পৰামৰ্শ জাৰি কৰিছে। আয়োগে দেশখনৰ ঘটনাৰাজিৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় সম্প্ৰদায়ৰ সদস্য আৰু ছাত্ৰ-ছাত্ৰীসকলক স্থানীয় অঞ্চলসমূহ ভ্ৰমণ কৰাৰ পৰা বিৰত থকাৰ লগতে নিজ...