August 15, 2024 7:06 PM

ৰাজ্যৰ মন্ত্ৰীসকলৰ লগতে স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যসকলৰ বিভিন্ন ঠাইত ৰাষ্ট্ৰীয় পতাকা উত্তোলন

ৰাজ্যৰ আন আন জিলাতো স্বাধীনতা দিৱস উপলক্ষে ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকলৰ লগতে স্বায়ত্তশাসিত পৰিষদসমূহৰ মুখ্য কাৰ্যবাহী সদস্যসকলে বিভিন্ন ঠাইত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বঙাইগাঁৱত, অতুল বৰাই নগাঁৱত, উৰ্খাও গৌড়া ব্ৰহ্মই দৰঙত, চন্দ্ৰমোহন পাটোৱাৰীয়ে কামৰূপত, কেশৱ মহন্তই হোজাইত...

August 15, 2024 8:31 PM

ৰাজ্যৰ  কেইবাটাও স্থানত আৰক্ষীৰ বোমা সদৃশ সামগ্রী উদ্ধাৰ

এটা নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠনে আজি গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ কেইবাটাও স্থানত বোমা সংস্থাপন কৰা বুলি দাবী কৰাক লৈ ৰাজ্যখনত আৰক্ষীয়ে তালাচী অভিযান তীব্ৰ কৰি তোলে। ইয়াৰ পাছতে বিভিন্ন স্থানত কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হয়। আৰক্ষীয়ে চলোৱা অভিযানত গুৱাহাটীৰ দুটা স্থানৰ লগতে ৰাজ্যৰ অন্য কেই...

August 15, 2024 6:32 PM

দেশৰ ৫ খন দ্রুতগতিত বিকশিত হোৱা ৰাজ্যৰ ভিতৰত অসম অন্যতমঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো ব্যাপক উৎসাহ-উদ্দীপনাৰে আজি ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজিত কেন্দ্রীয় কাৰ্যসূচীত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দিয়া ভাষণত কয় যে দেশৰ ৫ খন দ্রুতগতিত বিকশিত হোৱা ৰা...

August 15, 2024 6:22 PM

অর্ধপৰিবাহী উৎপাদনৰ ক্ষেত্ৰত গোলকীয় নেতৃত্ব প্ৰদানত ভাৰত প্ৰতিশ্ৰুতিবদ্ধঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাধীনতাৰ বাবে দেশবাসীয়ে একতা আৰু ত্যাগেৰে কৰা সংগ্ৰাম আৰু সংকল্পৰ দৰেই আজি ১৪০ কোটি দেশবাসীয়েও সেৱা আগবঢ়ালে ২০৪৭ চনত বিকশিত ভাৰতৰ সপোন বাস্তৱত পৰিণত হ'ব বুলি আস্থা প্ৰকাশ কৰিছে। স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ পৰা ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণত প্রধানমন্ত্ৰীয়ে ...

August 15, 2024 12:03 PM

এন টি পি চি ৰাষ্ট্ৰীয় ৰেকিং আৰ্ছাৰী প্ৰতিযোগিতাৰ জুনিয়ৰ ৰিকাৰ্ভ শাখাৰ ছিংগলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত অসমৰ বিশাল চাংমা আৰু আনিশা দাসৰ প্ৰৱেশ

 বিশাল চাংমাই আৰু আনিশা দাসে গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত চলি থকা ল'ৰা-ছোৱালীৰ প্ৰথম এন টি পি চি ৰাষ্ট্ৰীয় ৰেকিং আৰ্ছাৰী প্ৰতিযোগিতাত জুনিয়ৰ ৰিকাৰ্ভ শাখাৰ ছিংগলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰাৰম্ভিক ৰাউণ্ডত বিশালে মুঠ ৬৫৩ পইণ্ট অৰ্জন কৰি একাদশ স্থানত থকাৰ বিপৰীতে ৬২৬ পইণ্টেৰে সপ্তম স্থা...

August 15, 2024 12:01 PM

দেশৰ সশস্ত্র বাহিনী আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ ১০৩ গৰাকী কৰ্মীক সাহসিকতাৰ বঁটা প্ৰদান

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে স্বাধীনতা দিৱসৰ প্ৰাক সন্ধ্যা দেশৰ সশস্ত্র বাহিনী আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ ১০৩ গৰাকী কৰ্মীক সাহসিকতাৰ বঁটা প্ৰদানৰ প্ৰস্তাৱত অনুমোদন জনাইছে। এই বঁটাসমূহৰ ভিতৰত আছে- ৪টা কীৰ্তি চক্র, ১৮টা সৌৰ্য চক্ৰ আৰু এটা সাহসিকতাৰ সেনা পদক। ইয়াৰ লগতে সাহসিকতা বঁটাস...

August 15, 2024 11:55 AM

হৰ ঘৰ ত্ৰিৰংগা অভিযান সমগ্ৰ দেশত জনপ্ৰিয় হোৱাক লৈ  প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আনন্দ প্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হৰ ঘৰ ত্ৰিৰংগা অভিযান সমগ্ৰ দেশত জনপ্ৰিয় হোৱাক লৈ আনন্দ প্ৰকাশ কৰিছে। শ্ৰীমোদীয়ে সামাজিক মাধ্যমৰ এটা পোষ্ট যোগে কৈছে যে, এই জনপ্রিয়তাই ত্ৰিৰংগাৰ প্ৰতি ১৪০ কোটি ভাৰতীয়ৰ গভীৰ সন্মানকে প্রতিফলিত কৰিছে। সামাজিক মাধ্যম এক্স যোগে তামিলনাডুৰ ৰামেশ্বৰমৰ সমীপত মণ্ডপমত ভাৰতী...

August 15, 2024 11:51 AM

ক্রীড়া চালিছী আদালতৰ মল্লযোদ্ধা ৱিনেশ ফোগটৰ আৱেদন খাৰিজৰ পাছত ভাৰতীয় অলিম্পিক সংস্থাৰ অন্য আইনী বিকল্পৰ অন্বেষণ

ক্রীড়া চালিছী আদালতে পেৰিছ অলিম্পিকৰ মহিলাৰ মল্লযুঁজত ৫০ কিলোগ্রাম ওজন শাখাত ৰূপৰ পদক প্ৰদানৰ বাবে ভাৰতীয় মল্লযোদ্ধা বিনেশ ফোগটে জনোৱা আৱেদন খাৰিজ কৰাৰ পাছত ভাৰতীয় অলিম্পিক সংস্থাই অন্য আইনী বিকল্পৰ অন্বেষণ কৰিছে। ভাৰতীয় অলিম্পিক সংস্থাৰ অধ্যক্ষ পি টি উষাই United World Wrestling আৰু আন্তঃৰাষ্ট্ৰ...

August 15, 2024 11:50 AM

নতুন দিল্লীত পঞ্চায়তত মহিলাৰ নেতৃত্ব বিষয়ক ৰাষ্ট্ৰীয় কৰ্মশালা

পঞ্চায়তী ৰাজ মন্ত্ৰ্যালয়ৰ অধীনত কালি নতুন দিল্লীত পঞ্চায়তত মহিলাৰ নেতৃত্ব বিষয়ক এখন ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত হয়। এই কর্মশালাত দেশৰ বিভিন্ন প্ৰান্তৰ ১৬০ গৰাকীৰো অধিক পঞ্চায়ত প্রতিনিধিয়ে অংশগ্রহণ কৰে ৷ অনুষ্ঠানত ভাষণ দি পুডুচেৰীৰ প্ৰাক্তন উপ ৰাজ্যপাল কিৰণ বেদীয়ে তৃণমূল পৰ্যায়ত পঞ্চায়তৰ ব...

August 15, 2024 11:46 AM

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ চৌহদত ৭৮ সংখ্যক স্বাধীনতা দিৱস পালন

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ চৌহদতো ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। আকাশবাণী গুৱাহাটীৰ চানমাৰিস্থিত কাৰ্যালয়ত অভিযান্ত্ৰিক শাখাৰ সঞ্চালক ৰবীন চন্দ্ৰ বড়োৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। জালুকবাৰীস্থিত ট্রান্সমিটাৰ কমপ্লেক্সৰ অভিযান্ত্ৰিক শাখাৰ অতিৰিক্ত সঞ্চালক ডি কে গ...