August 16, 2024 6:42 PM

প্ৰথমটো মানৱবিহীন অভিযান গগনযান আৰম্ভ কৰাৰ প্ৰচেষ্টা হাতত লোৱা হৈছে : এছ সোমনাথ

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰ'ৰ অধ্যক্ষ এছ সোমনাথে কৈছে যে চলিত বৰ্ষৰ শেষৰ ফালে প্ৰথমটো মানৱবিহীন অভিযান গগনযান আৰম্ভ কৰাৰ প্ৰচেষ্টা হাতত লোৱা হৈছে। ইছৰ'ত সংবাদ মাধমৰ সৈতে হোৱা এটা মত বিনিময় অনুষ্ঠানত অধ্যক্ষগৰাকীয়ে কয় যে ৰকেটৰ সকলো অংশ সতীশ ধাৱান মহাকাশ কেন্দ্ৰলৈ লৈ যোৱা হৈছে আৰু উৎক্ষেপনৰ বা...

August 16, 2024 8:48 PM

শ্ৰীহৰিকটাৰ পৰা ইছৰ’ৰ EOS-08  নামৰ কৃত্রিম উপগ্রহ সফলতাৰে মহাকাশলৈ প্ৰেৰণ

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা, ইছৰোই আজি পুৱা ৯ বাজি ১৭ মিনিটত শ্রীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা ক্ষুদ্র কৃত্রিম উপগ্রহ উৎক্ষেপন যান SSLVৰ জৰিয়তে EOS-08  নামৰ এটা পৃথিৱী নিৰীক্ষণকাৰী কৃত্রিম উপগ্রহ মহাকাশলৈ প্ৰেৰণ কৰে। কৃত্ৰিম উপগ্ৰহটোৰ উৎক্ষেপনৰ লগে লগে SSLV উৎক্ষেপন যানৰ উন্নয়নৰ প্ৰকল্প...

August 16, 2024 1:28 PM

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নাট শাখাৰ কণ্ঠস্বৰ পৰীক্ষা বাবে নির্দিষ্ট কৰা দিনৰ সালসলনি

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নাট শাখাৰ কণ্ঠস্বৰ পৰীক্ষা অর্থাৎ অডিচনৰ বাবে নির্দিষ্ট কৰা দিনৰ সালসলনি ঘটোৱা হৈছে। নাট শাখাৰ পৰা জনোৱা মতে অনিবায্য কাৰণবশতঃ পূর্ব ঘোষিত কণ্ঠস্বৰ পৰীক্ষাৰ সূচী নতুনকৈ ঘোষণা কৰা হৈছে। নতুন তাৰিখ অনুসৰি অহা ৩ ছেপ্তেম্বৰৰ পৰা ২০ ছেপ্তেম্বৰলৈকে এই অ’ডিচন সম্পন্ন হ'ব। নতুনকৈ ...

August 16, 2024 1:23 PM

মিছন বসুন্ধৰাৰ তৃতীয় পর্যায় অহা ২ অক্টোবৰত আৰম্ভ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ

অহা ২ অক্টোবৰত মিছন বসুন্ধৰাৰ তৃতীয় পর্যায় আৰম্ভ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে। কালি কামৰূপ জিলাৰ উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ অধীনত বৰবংশৰ মৌজাৰ ৪ খন গাওঁৰ লোকক ভূমি পট্টা বিতৰণ উপলক্ষে আয়োজিত অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰীয়ে এই কথা প্রকাশ কবে। মুখ্যমন্ত্ৰীয়ে এই অনুষ্ঠ...

August 16, 2024 1:19 PM

চিৰাং-ৰিপু সংৰক্ষিত বনাঞ্চল চিকনাঝাৰ ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি

কোকৰাঝাৰ জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী চিৰাং-ৰিপু সংৰক্ষিত বনাঞ্চলৰ ৩৯১ বর্গ কিলোমিটাৰ সামৰি নতুনকৈ চিকনাঝাৰ ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি প্রদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে। কালি স্বাধীনতা দিৱস উপলক্ষে দিয়া ভাষণত তেওঁ এই কথা উল্লেখ কৰে। উল্লেখযোগ্য যে কোকৰাঝাৰ জি...

August 16, 2024 1:18 PM

গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ কেইবাটাও স্থানত উগ্ৰপন্থী সংগঠনৰ বোমা সংস্থাপন

এটা নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠনে কালি গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ কেইবাটাও স্থানত বোমা সংস্থাপন কৰা ঘটনাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উগ্ৰপন্থীৰ এই কার্যকলাপৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ পৰিৱেশ বিনষ্ট নকৰিবলৈ আলফাৰ সেনা প্রধান পৰেশ বৰুৱাক আহ্বান জনাইছে। মুখ্যমন্ত্রীগৰাকীয়ে কয় যে অসমে বহ...

August 16, 2024 1:16 PM

ভাৰতৰ কাইলৈ তৃতীয় ভইচ অৱ গ্লোবেল ছাউথ শীর্ষ সন্মিলনৰ আয়োজন

ভাৰতে কাইলৈ তৃতীয় ভইচ অৱ গ্লোবেল ছাউথ শীর্ষ সন্মিলনৰ আয়োজন কৰিছে। এই সন্মিলনৰ মূল বিষয়বস্তু হৈছে - বহনক্ষম ভৱিষ্যতৰ বাবে সবল গ্লোবেল ছাউথ। বিদেশ মন্ত্রালয়ে এটা বিবৃতিযোগে কৈছে যে এই সন্মিলনে সংঘর্ষ, খাদ্য আৰু শক্তি সুৰক্ষা সংকট আৰু জলবায়ু পৰিবৰ্তনৰ লেখিয়া বিশ্বক প্ৰভাৱিত কৰি অহা জটিল প্রত্যাহ্...

August 16, 2024 1:14 PM

ধুবুৰীত বাইক আৰু ই-ৰিক্সাৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত এক ভয়ানক পথ দুর্ঘটনা সংঘটিত

ধুবুৰী জিলাৰ বিলাসীপাৰাৰ বগৰীবাৰী মহামায়াত বাইক আৰু ই-ৰিক্সাৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত এক ভয়ানক পথ দুর্ঘটনা সংঘটিত হয়। এই সংঘর্ষত তিনি বাইক আৰোহীসহ ৬জন আৰোহী গুৰুত্বৰভাৱে আহত হয়। আহত কেইজনক আৰক্ষীয়ে ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ উন্নত চিকিৎসাব বাবে প্ৰেৰণ কৰে ৷ আনহাতে চাপৰৰ ধীৰঘাটৰ ১৭ নম্...

August 15, 2024 8:57 PM

ৰাজ্যৰ বিভিন্ন জিলাত স্বাধীনতা দিৱস উদযাপন

ৰাজ্যৰ আন আন জিলাতো স্বাধীনতা দিৱস উপলক্ষে ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকলৰ লগতে স্বায়ত্তশাসিত পৰিষদসমূহৰ মুখ্য কার্যবাহী সদস্যসকলে বিভিন্ন ঠাইত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। লখিমপুৰত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ পাছত এন চি চি আৰু আন শিক্ষার্থীয়ে পেৰেড প্ৰদৰ্শন কৰে। ভাইচ মন্...

August 15, 2024 8:46 PM

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উদ্যোগত ‘ব্ৰহ্মপুত্ৰ কলিং’ শীর্ষক মুকলি কুইজ প্রতিযোগিতা

স্বাধীনতা দিৱস উপলক্ষে কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উদ্যোগত গুৱাহাটীৰ বশিষ্ঠ চাৰিআলিৰ অসম জল কেন্দ্ৰত আজি ‘ব্ৰহ্মপুত্ৰ কলিং' শীর্ষক এখন মুকলি কুইজ প্রতিযোগিতাৰ আয়োজন কৰা হয় ।