August 19, 2024 12:23 PM

মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী ডাট’ ছেৰি আনৱাৰ বিন ইব্রাহিম তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি ভাৰতলৈ আহিব

মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী ডাট’ ছেৰি আনৱাৰ বিন ইব্রাহিমে আজিৰে পৰা তিনিদিনীয়া সূচীৰে ভাৰত ভ্ৰমণ কৰিব। মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পাছত এয়া হ'ব তেওঁৰ প্ৰথমটো বিদেশ ভ্ৰমণ। বিদেশ পৰিক্ৰমা মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি মালয়েছিয়াৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কাইলৈ প্ৰধানমন্ত্ৰী নৰেন...

August 19, 2024 12:22 PM

দেশত মাংকীপক্স ৰোগ প্ৰতিৰোধৰ বিভিন্ন প্রস্তুতি সন্দৰ্ভত প্রধানমন্ত্ৰীৰ মুখ্য সচিবৰ অধ্যক্ষতাত উচ্চ পৰ্যায়ৰ বৈঠক

দেশত মাংকীপক্স ৰোগৰ প্ৰাদুৰ্ভাৱৰ পৰা ৰক্ষা পাবৰ বাবে গ্ৰহণ কৰা বিভিন্ন প্রস্তুতি সন্দৰ্ভত প্রধানমন্ত্ৰীৰ মুখ্য সচিব ড০ পি কে মিশ্ৰৰ অধ্যক্ষতাত কালি এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত জনস্বাস্থ্য উপায় সম্পৰ্কীয় বিষয়সমূহতো আলোচনা কৰা হয়। বৈঠকত মুখ্য সচিবগৰাকীয়ে এই ৰোগৰ তাৎক্ষণিকভাৱে ধৰা প...

August 19, 2024 12:20 PM

আজি ৰাখী বন্ধন; দেশবাসীলৈ ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৰ শুভেচ্ছা

আজি ৰাখী বন্ধন। ভাতৃ-ভগ্নীৰ মাজৰ বিশেষ বন্ধনৰ এই উৎসৱ আজি সমগ্ৰ দেশতে পালন কৰা হয়। এই উৎসৱত ভগ্নীসকলে ভাতৃৰ হাতত ৰং-বিৰঙৰ ৰাখী বান্ধি তেওঁলোকৰ সু-স্বাস্থ্য আৰু সমৃদ্ধিৰ হকে প্ৰাৰ্থনা জনায়। ইয়াৰ বিনিময়ত ভাতৃয়ে ভগ্নীৰ সুৰক্ষা আৰু সমৰ্থনৰ শপত লৈ তেওঁলোকক উপহাৰ প্ৰদান কৰে । ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদ...

August 19, 2024 12:18 PM

ৰাখী বন্ধন উপলক্ষে ৰাজ্যবাসীক ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্যৰ শুভেচ্ছা জ্ঞাপন

আজি ৰাখী বন্ধন। ভাতৃ-ভগ্নীৰ মাজৰ বিশেষ বন্ধনৰ এই উৎসৱ আজি ৰাজ্যজুৰি পালন কৰা হয়। ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্যই ৰাখী বন্ধন উপলক্ষে জনসাধাৰণৰ প্ৰতি শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত ৰাজ্যপালগৰাকীয়ে কয় যে এই উৎসৱে আমাৰ জীৱনত বিশেষ গুৰুত্ব বহন কৰাৰ লগতে জনসাধাৰণক প্ৰেম, বিশ্বাস আৰু সমন্বয়ৰ এনাজৰীৰে...

August 19, 2024 12:12 PM

আকাশবাণীৰ ২৫ আগষ্টৰ ‘মন কী বাত’ অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা প্ৰধানমন্ত্ৰীৰ দিহা-পৰামৰ্শ আহ্বান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৫ আগষ্টত আকাশবাণীৰ ‘মন কী বাত’ অনুষ্ঠানৰ যোগেদি দেশ-বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ ১১৩ সংখ্যক খণ্ড। প্রধানমন্ত্ৰীয়ে এই খণ্ডটিৰ বাবে জনসাধাৰণৰ পৰা দিহা-পৰামৰ্শ বিচাৰিছে। জনসাধাৰণে ১৮০০-১১-৭৮০০ এই শুল্কবিহীন নম্বৰত ফোন কৰি প্ৰধানমন্...

August 19, 2024 12:10 PM

নতুন দিল্লীত বিদেশ মন্ত্রী এছ জয়শংকৰৰ নেপালৰ বিদেশ মন্ত্ৰী ড০ আর্জু ৰাণা দেউবাৰ সৈতে বৈঠক

বিদেশ মন্ত্রী এছ জয়শংকৰে আজি নতুন দিল্লীত নেপালৰ বিদেশ মন্ত্ৰী ড০ আর্জু ৰাণা দেউবাৰ সৈতে বৈঠকত মিলিত হ'ব। উল্লেখযোগ্য যে নেপালৰ বিদেশ মন্ত্ৰী আৰ্জু ৰাণা দেউবা পাঁচদিনীয়া ভ্রমণসূচীৰে কালি নতুন দিল্লীত উপস্থিত হয়। এটা বিবৃতিত বিদেশ পৰিক্ৰমা মন্ত্ৰ্যালয়ে কয় যে, এই ভ্রমণ হৈছে ভাৰত আৰু নেপালৰ মাজত ন...

August 19, 2024 12:09 PM

বাংলাদেশত অতি সোনকালে মুক্ত, নিকা আৰু অংশগ্রহণমূলক নির্বাচন অনুষ্ঠিত হ’বঃ মহম্মদ ইউনুছ

বাংলাদেশৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে কৈছে যে প্ৰশাসনীয় ব্যৱস্থাত প্রয়োজনীয় সংস্কাৰ অনাৰ পাছত দেশখনত অতি সোনকালে মুক্ত, নিকা আৰু অংশগ্রহণমূলক নির্বাচন অনুষ্ঠিত হ'ব। ঢাকাত কূটনীতিবিদসকলৰ সৈতে হোৱা এখন বৈঠকত মহম্মদ ইউনুছে কয় যে, নির্বাচন আয়োগ, ন্যায়পালিকা, অসামৰিক প্ৰশাস...

August 19, 2024 12:06 PM

আজি পৱিত্র অমৰনাথ যাত্ৰাৰ সামৰণি

পৱিত্র অমৰনাথ যাত্ৰাৰ আজি পুৱা সামৰণি পৰে। দেশৰ বিভিন্ন প্ৰান্তৰ ৫ লাখৰো অধিক তীর্থযাত্ৰীয়ে এইবাৰ অমৰনাথ গুহা পৰিদৰ্শন কৰে। জন্মু কাশ্মীৰৰ পৰা আমাৰ সংবাদদাতাই জনোৱা মতে, স্থানীয় পৰম্পৰা আৰু ধৰ্মীয় ৰীতি-নীতিৰে অমৰনাথ যাত্ৰাৰ অন্তিম কাৰ্যসূচী আনুষ্ঠানিকভাৱে পুৱাৰ ভাগত সমাপন কৰা হয়। উল্লেখযোগ্য যে,...

August 19, 2024 12:05 PM

আকাশবাণীৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান ‘পাব্লিক স্পীক’ত আজি ‘মহাকাশ খণ্ডত সুযোগ বৃদ্ধি’ সন্দৰ্ভত আলোচনা

আকাশবাণী বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা চাৰে ন বজাত মহাকাশ খণ্ডত সুযোগ বৃদ্ধি সন্দৰ্ভত এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত নতুন দিল্লীৰ ক্ষেত্ৰীয় দূৰ সংবেদন কেন্দ্ৰ, উত্তৰ অৰ্থাৎ NRSCৰ উপ মহাপ্ৰৱন্ধক ড০ সমীৰ সাৰনে অংশগ্ৰহণ কৰিব। আগ্রহী শ্রোতাসকলে অনুষ্ঠান চলি থকা...

August 19, 2024 12:03 PM

ৰাজ্যৰ ৫ সমষ্টিৰ উপ-নিৰ্বাচনৰ এসপ্তাহ পাছতেই মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ সম্ভাৱনাঃ মুখ্যমন্ত্ৰী

ৰাজ্যৰ পাঁচটা সমষ্টিত হ'বলগীয়া উপ-নিৰ্বাচনৰ এসপ্তাহ পাছতেই মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰাৰ সম্ভাৱনা আছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মিৰ্জাত কালি এটা অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ লগতে ২ অক্টোবৰৰ পৰা প্ৰতিটো সমষ্টিকে সমজিলা হিচাপে অধিকাৰ দিয়া হ'ব বু...