August 19, 2024 9:12 PM

হাইলাকান্দিৰ কাটলিচেৰা উন্নয়ন খণ্ডৰ কাৰ্যালয়ত উপস্থিত হৈ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ বিভিন্ন আঁচনিৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি হাইলাকান্দি জিলাৰ কাটলিচেৰা উন্নয়ন খণ্ডৰ কাৰ্যালয়ত উপস্থিত হৈ বিভিন্ন আঁচনিৰ অগ্ৰগতি সন্দৰ্ভত বুজ লয়। প্রধানমন্ত্ৰী আৱাস যোজনা, অমৃত সৰোবৰ আদিকে ধৰি বিভিন্ন আঁচনিৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে তেওঁ বিষয়াসকলৰ সৈতে মত-বিনিয়ম কৰে। ...

August 19, 2024 8:57 PM

আজি বিশ্ব ফটোগ্ৰাফী দিৱস

আজি বিশ্ব ফটোগ্ৰাফী দিৱস উদযাপন কৰা হৈছে। অসম সংগ্রহালয় সঞ্চালকালয়ে বিশ্ব ফটোগ্ৰাফী দিৱস উপলক্ষে অসম ৰাজ্যিক সংগ্ৰহালয়ত আজিৰেপৰা এখন বিশেষ প্ৰদৰ্শনীৰ আয়োজন কৰিছে। A saga in pictorials, resonance from the past শীর্ষক এই প্রদর্শনী অহা ৩০ চেপ্তেম্বৰলৈ চলিব। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে এই প্ৰদৰ্শন...

August 19, 2024 8:40 PM

সমগ্র দেশজুৰি ভাতৃ-ভগ্নীৰ মাজৰ বিশেষ বন্ধনক গৰিমামণ্ডিত কৰাৰ পৱিত্ৰ উৎসৱ ৰাখী বন্ধন পালন

ভাতৃ-ভগ্নীৰ মাজৰ বিশেষ বন্ধনক গৰিমামণ্ডিত কৰাৰ পৱিত্ৰ উৎসৱ ৰাখী বন্ধন আজি সমগ্র দেশজুৰি পালন কৰা হয়। এই উৎসৱত ভগ্নীসকলে ভাতৃৰ হাতত ৰং-বিৰঙৰ ৰাখী বান্ধি তেওঁলোকৰ সু-স্বাস্থ্য আৰু সমৃদ্ধিৰ হকে প্ৰাৰ্থনা জনায়। ইয়াৰ বিনিময়ত ভাতৃয়ে ভগ্নীৰ সুৰক্ষা আৰু সহযোগিতাৰ প্ৰতিশ্ৰুতি দি তেওঁলোকক উপহাৰ প্ৰদান কৰ...

August 19, 2024 8:26 PM

ডিব্ৰুগড়ত উপস্থিত থাইলেণ্ডৰ ৰাষ্ট্রদূত পাট্টাৰত হংটং

থাইলেণ্ডৰ ৰাষ্ট্রদূত পাট্টাৰত হংটং আজি ডিব্ৰুগড়ত উপস্থিত হয়। ৰাষ্ট্রদূতগৰাকীয়ে বাণিজ্যিক তথা পৰ্যটনৰ ক্ষেত্ৰত ভাৰতৰ সৈতে সম্পৰ্ক উন্নীত কৰাৰ সম্ভাৱনা সন্দৰ্ভত আলোচনা কৰে। তেওঁ লগতে এই দুয়োটা ক্ষেত্ৰতে ডিব্ৰুগড় জিলাত থকা ব্যাপক সম্ভাৱনা সম্পৰ্কত আলোচনা কৰিবলৈ জিলাখনৰ আয়ুক্ত কাৰ্যালয়ত এখন বৈঠকত...

August 19, 2024 8:24 PM

কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ ঘটনাক লৈ দেশৰ পদ্ম বঁটাৰে সন্মানিত ৭০ গৰাকীতকৈ অধিক চিকিৎসকৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ

দেশৰ পদ্ম বঁটাৰে সন্মানিত ৭০ গৰাকীতকৈ অধিক চিকিৎসকে কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ আবাসিক চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ ঘটনাৰ সৈতে জড়িত গোচৰত ব্যক্তিগতভাৱে হস্তক্ষেপ কৰাৰ আহ্বান জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ প্ৰেৰণ কৰিছে। চিকিৎসকসকলে পত্ৰত উল্লেখ কৰিছে যে, এনেধৰণৰ অমানুসি...

August 19, 2024 8:20 PM

বিশ্ব সংস্কৃত দিৱস উপলক্ষে প্রধানমন্ত্ৰী মোদীৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন

বিশ্ব সংস্কৃত দিৱস উপলক্ষে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত তেওঁ ভাষাটোৰ প্ৰতি অনুৰাগী, শ্রদ্ধাশীল আৰু এই ভাষাটোৰ প্ৰসাৰৰ হকে কাম কৰি থকা সকলো লোককে অভিনন্দন জ্ঞাপন কৰিছে। ৰাজ্যৰ বিভিন্ন স্থানতো আজি সংস্কৃত দিৱস উদযাপন কৰা হয়। নলবাৰী সংস্কৃত...

August 19, 2024 8:16 PM

গুৱাহাটীৰ এটা শ্বপিং ম’লত আকস্মিকভাৱে স্বত্বাধিকাৰীয়ে গ্রাহকসকলক কাৰিকৰী কাৰণত বাহিৰলৈ যাবলৈ দিয়া নিৰ্দেশক লৈ উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি

গুৱাহাটীৰ এটা ব্যক্তিগত শ্বপিং ম’লত আজি বিয়লিৰ ভাগত আকস্মিকভাৱে মলটোৰ স্বত্বাধিকাৰীয়ে গ্রাহকসকলক কাৰিকৰী কাৰণত বাহিৰলৈ যাবলৈ নিৰ্দেশ দিয়াক লৈ উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি হয়। এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সতর্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হয়। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ স্নিফাৰ ডগৰ সহায়ত অনুসন...

August 19, 2024 8:11 PM

শিক্ষাৰ্থীসকলৰ সৰ্বাঙ্গীণ বিকাশ আৰু প্ৰগতিত আৰোহণ আঁচনিয়ে ইতিবাচক পৰিৱৰ্তন আনিবলৈ সমৰ্থ হৈছেঃ শিক্ষামন্ত্ৰী

শিক্ষাৰ্থীসকলৰ সৰ্বাঙ্গীণ বিকাশ আৰু প্ৰগতিত আৰোহণ আঁচনিয়ে ইতিবাচক পৰিৱৰ্তন আনিবলৈ সমৰ্থ হৈছে বুলি শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে প্ৰকাশ কৰিছে। প্ৰতিযোগিতাৰ মাজেৰে নিজক প্ৰতিষ্ঠা কৰিব পৰাকৈ শিক্ষাৰ্থীসকলে আৰম্ভণিৰে পৰা মন স্থিৰ কৰিব লাগিব বুলিও তেওঁ কয়। উল্লেখযোগ্য যে ২০২৩-২৪ বৰ্ষত ৪৩২৪ গৰাকী শিক্ষাৰ্থী...

August 19, 2024 8:08 PM

ৰাজ্যত মহিলাৰ ওপৰত হোৱা নিৰ্যাতনৰ ঘটনা ৰোধৰ তাৎক্ষণিক সিদ্ধান্ত গ্ৰহণ কৰি কাৰ্যকৰী ব্যৱস্থা লোৱাৰ কথা প্রকাশ মুখ্যমন্ত্রীৰ

অসম চৰকাৰে ৰাজ্যখনত মহিলাৰ ওপৰত হোৱা নিৰ্যাতনৰ ঘটনা ৰোধৰ বাবে তাৎক্ষণিক সিদ্ধান্ত গ্ৰহণ কৰি কাৰ্যকৰী ব্যৱস্থা লয় বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে। তেওঁ কয় যে বিৰোধী পক্ষই সমালোচনা কৰিলেও চৰকাৰে এনে বহু ক্ষেত্ৰত তাৎক্ষণিকভাৱে ন্যায় প্রদানৰ ব্যৱস্থা কৰিছে। চৰকাৰে ভৱিষ্যতেও এনে ক্ষ...

August 19, 2024 8:06 PM

মহানগৰীৰ কৃত্ৰিম বান ৰোধৰ বাবে নেডাৰলেণ্ডৰ প্ৰতিষ্ঠানক নলা-নৰ্দমাৰ কামৰ দায়িত্ব অর্পণ

ৰাজ্য চৰকাৰে গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান ৰোধৰ বাবে নেডাৰলেণ্ডৰ এটা প্ৰতিষ্ঠানক নলা-নৰ্দমাৰ কামৰ দায়িত্ব অর্পণ কৰিছে বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ত মহাধিবক্তা দেৱজিৎ শ‍ইকীয়াই প্ৰকাশ কৰে। গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে এই সন্দৰ্ভত যোৱামাহত নিবিদা প্ৰকাশ কৰা বুলিও তেওঁ উল্লেখ কৰে। শীঘ্ৰেই বিদেশ...