August 26, 2024 8:54 PM

মাজুলীৰ গড়মূৰ বংশীগোপাল নাট্য মন্দিৰৰ ১০৫সংখ্যক প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্যসূচীৰে উদযাপন

মাজুলীৰ গড়মূৰ বংশীগোপাল নাট্য মন্দিৰৰ ১০৫ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। প্ৰতিষ্ঠা দিৱস উপলক্ষে পুৱা পৰিৱেশ নিকাকৰণ, গছপুলি ৰোপণ, নাট্য মন্দিৰৰ পতাকা উত্তোলনৰ লগতে প্ৰতিষ্ঠাপক সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামীৰ প্ৰতিচ্ছবিত মাল্যর্পণ কৰা হয়। ইয়াৰ লগতে জিলাভিত্তিক চিত্...

August 26, 2024 8:52 PM

বিজেপিৰ ‘সদস্যতা অভিযান ২০২৪’ৰ সৈতে সংগতি ৰাখি নলবাৰীত কর্মশালা

ভাৰতীয় জনতা পাৰ্টীয়ে দলটোৰ সাংগঠনিক ভেটি অধিক সুদৃঢ় কৰাৰ উদ্দেশ্যে অহা পহিলা ছেপ্তেম্বৰত আৰম্ভ কৰিবলগীয়া ‘সদস্যতা অভিযান ২০২৪’ৰ সৈতে সংগতি ৰাখি আজি নলবাৰীত এখন কর্মশালা অনুষ্ঠিত হয়। দক্ষতা বিকাশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা এই কর্মশালাত উপস্থিত থাকি অভিযান সন্দৰ্ভত আলোচনা কৰে আৰু দিহা-পৰামৰ্শ আগবঢ়...

August 26, 2024 8:50 PM

ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ বিশেষ বৈঠক

শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে আজি ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ এখন বিশেষ বৈঠকত মিলিত হয়। বিদ্যালয়খনৰ মহাৰজত জয়ন্তী উদযাপন সমিতিৰ কাৰ্যালয় মুকলি কৰি তেওঁ সন্তুষ্টি প্ৰকাশ কৰে। ১৯৪৯ চনত স্থাপিত বিদ্যালয়খনৰ মহাৰ্জত জয়ন্তী উদযাপন সমাৰোহ অহা ৩১ অক্টোবৰত আৰম্ভ হ'ব। মন্ত্ৰীগৰাকীয়ে সংশ্লি...

August 26, 2024 8:49 PM

ডিব্ৰুগড়ত ২৯ আগষ্টৰ পৰা ১ ছেপ্টেম্বৰলৈ ৫২সংখ্যক ৰাজ্যিক আন্তঃজিলা ভাৰোত্তোলন প্রতিযোগিতা

অসম ভাৰোত্তোলন সন্থাৰ তত্ত্বাৱধানত ডিব্ৰুগড়ত ২৯ আগষ্টৰ পৰা ১ ছেপ্টেম্বৰলৈ ৫২সংখ্যক ৰাজ্যিক আন্তঃজিলা ভাৰোত্তোলন প্রতিযোগিতা অনুষ্ঠিত হ'ব। ১৭ বছৰ অনূৰ্ধ্বৰ যুৱ, ২০ বছৰ জুনিয়ৰ আৰু ছিনিয়ৰ শাখাত অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতাৰ খেলসমূহ পুৰুষ আৰু মহিলাৰ উভয়ৰ বাবে মুকলি থাকিব। উল্লেখযোগ্য যে এই প্রত...

August 26, 2024 8:47 PM

ৰাজ্যবাসীলৈ জন্মাষ্টমী উপলক্ষে ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্য্য, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শুভেচ্ছা

ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্য্যই জন্মাষ্টমী উপলক্ষে ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত ৰাজ্যপালগৰাকীয়ে কয় যে জন্মাষ্টমী হৈছে ধৰ্ম, কৰ্ম আৰু সত্যৰ প্ৰতিমূৰ্তি শ্ৰীকৃষ্ণৰ জন্মদিন উদ্‌যাপন কৰা এটা উপলক্ষ্য। ভগৱান শ্ৰীকৃষ্ণৰ পূজা-অৰ্চনাই মানৱ জাতিক সমৰ্পিত কৰাৰ বাবে অনুপ্ৰাণিত কৰে আৰু সত্...

August 26, 2024 8:46 PM

যোৰহাট জিলাত কৃষি বিষয়া কাৰ্যালয়ৰ এটা দলৰ জিলাখনৰ চৰহা পোকে নষ্ট কৰা কৃষিভূমি পৰিদৰ্শন

যোৰহাট জিলাত কৃষি বিষয়া কাৰ্যালয়ৰ এটা দলে আজি জিলাখনৰ বিভিন্ন অঞ্চলত চৰহা পোকে নষ্ট কৰা কৃষিভূমি পৰিদৰ্শন কৰে। কৃষি বিভাগৰ দলটোৰ তৰফৰ পৰা কৃষকৰ মাজত কীটনাশক ঔষধ বিতৰণ কৰাৰ লগতে সজাগতা বৃদ্ধিৰ উদ্দেশ্যে সংহত কীট নিয়ন্ত্রণ পদ্ধতি প্ৰচাৰ কৰা হয়। দলটোৱে খেতি অনিষ্ট হোৱা এলেকাত উপস্থিত হৈ কৃষকৰ পৰা ক...

August 26, 2024 8:44 PM

তিনিচুকীয়াৰ ডুমডুমা এফ আৰ ইউত ২০খন বিছনাযুক্ত আছুতীয়া ভৱন উদ্বোধন

তিনিচুকীয়া জিলাৰ ডুমডুমা এফ আৰ ইউৰ সংলগ্ন ২০ খন বিছনাযুক্ত আছুতীয়া ভৱন আজি উদ্বোধন কৰা হয়। বিধায়ক ৰূপেশ গোৱালাই নৱনিৰ্মিত এই ভৱনটো উদ্বোধন কৰে। এই ভৱনটোৰ জৰিয়তে বৃহত্তৰ ডুমডুমা অঞ্চলৰ ৰাইজ উপকৃত হ'ব বুলি বিধায়কগৰাকীয়ে আশা প্রকাশ কৰে ।

August 26, 2024 8:43 PM

ডিফুত খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ জ্যেষ্ঠ বিষয়াৰ সৈতে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ বৈঠক

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি কাৰ্বি আংলঙৰ ডিফুত বিভাগটোৰ লগতে খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে দুয়োটা বিভাগত কাম-কাজৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰে। এই সভাত কাৰ্বি আংলং স্বায়...

August 26, 2024 8:42 PM

ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক এ আই ইউ ডি এফৰ সঁজাতী দলৰ সাক্ষাৎ

এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলে সকলো সম্প্ৰদায়ৰ মাজত শান্তি-সম্প্ৰীতি আৰু ভাতৃত্ববোধ অটুট ৰাখিবলৈ ৰাজ্যবাসীলৈ আহ্বান জনাইছে। এ আই ইউ ডি এফৰ এটা সঁজাতী দলে আজি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক ৰাজভৱনত সাক্ষাৎ কৰি এই সন্দৰ্ভত এখন স্মাৰক পত্ৰ প্ৰদান কৰে। উজনি অসমৰ সংখ্যালঘু সম্প্ৰদায়ৰ এটা শ্ৰেণী...

August 26, 2024 8:41 PM

ৰাজ্যসভালৈ বিজেপিৰ ৰামেশ্বৰ তেলী আৰু মিছন ৰঞ্জন দাস বিনাপ্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত

বিজেপি প্ৰাৰ্থী ৰামেশ্বৰ তেলী আৰু মিছন ৰঞ্জন দাস বিনাপ্রতিদ্বন্দ্বিতাৰে ৰাজ্যসভালৈ নিৰ্বাচিত হৈছে। আজি দুয়োগৰাকীয়ে ৰিটার্নিং বিষয়াৰ পৰা জয়ী হোৱাৰ প্ৰমাণপত্ৰ গ্ৰহণ কৰে। উল্লেখযোগ্য যে ৰাজ্যসভা নিৰ্বাচনৰ মনোনয়ন প্রত্যাহাৰৰ আজি অন্তিম দিন আছিল। বিৰোধীয়ে প্ৰাৰ্থী প্ৰক্ষেপ নকৰাত বিজেপিৰ দুয়োগৰাকী ...