August 26, 2024 9:09 PM

ভাৰত-ছিংগাপুৰৰ মন্ত্ৰী পৰ্যায়ৰ দ্বিতীয়খন ঘূৰণীয়া মেজমেলত আই এছ এম আৰৰ অধীনৰ ৬টা বিষয়ত আলোচনা

ভাৰত আৰু ছিংগাপুৰৰ মাজৰ মন্ত্ৰী পৰ্যায়ৰ দ্বিতীয়খন ঘূৰণীয়া মেজমেল আজি অনুষ্ঠিত হয়। বৈঠকত ভাৰত আৰু ছিংগাপুৰৰ নেতাসকলে দুয়োখন দেশৰ মাজত বাণিজ্য আৰু অৰ্থনৈতিক সম্পর্ক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে আলোচনাত মিলিত হয়। দুযোপক্ষই আই এছ এম আৰৰ অধীনত চিনাক্ত কৰা ডিজিটেলাইজেশ্বন, দক্ষতা বিকাশ, বহনক্ষমতা, স...

August 26, 2024 9:08 PM

দেশত শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন; দেশবাসীলৈ ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

সমগ্ৰ দেশতে আজি ধৰ্মীয় ৰীতি নীতিৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন কৰা হৈছে। এই উপলক্ষে ভক্তপ্রাণ ৰাইজে সত্ৰ, নামঘৰলৈ গৈ পূজা-অৰ্চনা কৰিছে। উত্তৰ প্ৰদেশৰ মথুৰা আৰু বৃন্দাবনত উলহ-মালহেৰে শ্ৰীকৃষ্ণৰ জন্মোৎসৱ উদযাপন কৰা হৈছে। প্ৰভু শ্ৰীকৃষ্ণৰ জন্মস্থান মথুৰাৰ বাঁকে বিহাৰী মন্দিৰ, প্ৰেম মন্দিৰ, ইস্কন মন্দিৰ...

August 26, 2024 9:06 PM

কলকাতাৰ আৰ জি কৰ চিকিৎ‍সালয়ৰ বিত্তীয় অনিয়ম সন্দৰ্ভত চিবিআইৰ অনুসন্ধান অব্যাহত

কেন্দ্রীয় অনুসন্ধান সংস্থা চি বি আয়ে কলকাতাৰ আৰ জি কৰ চিকিৎ‍সালয়ৰ বিত্তীয় অনিয়ম সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে। সংস্থাটোৱে চহৰখনৰ বিভিন্ন প্ৰান্তত এই সনন্দৰ্ভত অনুসন্ধান বাহাল ৰখাৰ লগতে আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষ আৰু ফৰেনছিক বিভাগৰ দেৱাশিষ সোমকে ধৰি কেইবাগৰাকী...

August 26, 2024 9:05 PM

নতুন বায়’-ইথ্রি নীতিয়ে ভাৰতক বিশ্বৰ আগশাৰীৰ দেশ হিচাপে পৰিগণিত কৰিবঃ ড০ জীতেন্দ্র সিং

কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ড০ জীতেন্দ্র সিঙে দৃঢ়তাৰে কয় যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰৱৰ্তন কৰা নতুন বায়'-ইথ্রি নীতিয়ে অনাগত দিনত ভাৰতক বিশ্বৰ আগশাৰীৰ দেশ হিচাপে পৰিগণিত কৰিব। নতুন দিল্লীত নতুন জৈৱ অর্থনৈতিক নীতিক সম্বোধন কৰি ড০ সিঙে কয় যে, দেশৰ জৈৱ অৰ্থনীতিয়ে ২০১৪ চনৰ এহ...

August 26, 2024 9:03 PM

ৰাজ্যত আইন-শৃংখলা পৰিস্থিতি অটুট ৰখাৰ স্বাৰ্থত আজি সকলো থানাৰ আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ যৌথ টহলৰ ব্যৱস্থা

জনসাধাৰণ নিৰাপত্তা সুনিশ্চিত কৰা তথা ৰাজ্যৰ আইন-শৃংখলা পৰিস্থিতি অটুট ৰখাৰ স্বাৰ্থত আজি ৰাজ্যজুৰি সকলো থানাৰ অধীনৰ আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ যৌথ টহলৰ ব্যৱস্থা কৰা হয়। ওদালগুৰি, নলবাৰী, দৰং, বাক্সা, লখিমপুৰ, দক্ষিণ শালমাৰা, মৰিগাঁও, কোকৰাঝাৰ, তিনিচুকীয়া, ডিমা হাচাও, যোৰহাট, গোলাঘাট, নগাঁও, শিৱস...

August 26, 2024 9:02 PM

কাইলৈ অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ দ্বিতীয় দিনৰ কাৰ্যসূচী

অসম বিধানসভাৰ শৰৎকালীন অধিবেশনৰ দ্বিতীয় দিনৰ কাৰ্যসূচী কাইলৈ অনুষ্ঠিত হ'ব। কাইলৈ সংকল্প প্ৰস্তাৱ আৰু আন কেইবাখনো বিধেয়ক উত্থাপনৰ সম্ভাৱনা আছে। আনহাতে পৰহিলৈ পৰিপূৰক মঞ্জুৰিৰ বাবে দাবীসমূহৰ ওপৰত আলোচনা আৰু ভোটদান হ'ব। উল্লেখযোগ্য যে যোৱা ২২ আগষ্টত বিধানসভাৰ শৰৎকালীন অধিৱেশন অনুষ্ঠিত হয়। অৱশ্যে এইক...

August 26, 2024 9:00 PM

বৈদেশিক পৰিক্ৰমা ৰাজ্য মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা কাইলৈ দ্বীপ ৰাষ্ট্ৰ কিংডম অব্ টংগালৈ ৰাওনা হ’ব

লেটিন আমেৰিকাৰ পাঁচখন ৰাষ্ট্ৰ ভ্ৰমণৰ পিছত বৈদেশিক পৰিক্ৰমা ৰাজ্য মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা এইবাৰ কাইলৈ নতুন দিল্লীৰ পৰা দ্বীপ ৰাষ্ট্ৰ কিংডম অব্ টংগালৈ ৰাওনা হ'ব। এই ভ্ৰমণকালত সাংসদগৰাকীয়ে কেইবাখনো দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰাৰ উপৰি প্ৰশান্ত মহাসাগৰীয় দ্বীপ মঞ্চৰ সন্মিলনতো ভাষণ দিব। উল্লেখ্য যে ৫...

August 26, 2024 8:59 PM

কোকৰাঝাৰৰ হাব্ৰুবাৰীত অতিথিশালা আৰু টাউন হলৰ আধাৰশিলা স্থাপন মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৰ

বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৱে আজি কোকৰাঝাৰ নগৰৰ হাব্ৰুবাৰীত অতিথিশালা আৰু এটা টাউন হলৰ আধাৰশিলা স্থাপন কৰে। আধুনিক প্রযুক্তিৰে নিৰ্মাণ হ'বলগীয়া টাউন হলত প্ৰায় ৮০০ লোকে অংশগ্রহণ কৰিব পৰাৰ সুবিধা থাকিব। এই ভৱনটো নিৰ্মাণ ব্যয় প্রায় ২৪ কোটি টকা ধাৰ্য কৰা হৈছে। আনহাতে, অতিথিশালাটোৰ নি...

August 26, 2024 8:57 PM

প্ৰেছ ইনফৰমেচন ব্যুৰ’ আৰু এইমছ গুৱাহাটীৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবত স্বাস্থ্য পৰীক্ষা শিবিৰ

প্ৰেছ ইনফৰমেচন ব্যুৰ’ আৰু এইমছ গুৱাহাটীৰ উদ্যোগত আজি সাংবাদিকসকলৰ বাবে স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়। গুৱাহাটী প্ৰেছ ক্লাবত দিনৰ ১১ বজাৰ পৰা এই স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। স্বাস্থ্য শিবিৰত ভালেকেইগৰাকী চিকিৎসা বিশেষজ্ঞই সংবাদ মাধ্যমৰ সৈতে জড়িত লোকসকলৰ স্বাস্থ্য পৰীক্ষা কৰে। এই শিবিৰত চকু, দাঁত,...

August 26, 2024 8:55 PM

ৰাজ্যত উলহ-মালহেৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন

ৰাজ্যত উলহ-মালহেৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন কৰা হৈছে। সত্ৰপীঠ মাজুলীত পুৱাৰ পৰাই নাম-প্ৰসংগ, নৃত্য-গীত আদি পৰিৱেশন কৰা হয়। মাজুলীৰ ৩৫ খন সত্ৰ আৰু ৩ শতাধিক নামঘৰত উলহ-মালহেৰে জন্মাষ্টমী পালন কৰা হয়। জন্মাষ্টমী উপলক্ষে মাজুলীৰ কেইবাখনো শিক্ষানুষ্ঠানত কৃষ্ণ নৃত্য, দিহা নাম আদি বিভিন্ন কাৰ্যসূচী আয়...