→ ভাৰতৰ চাৰিগৰাকীকৈ খেলুৱৈয়ে ক্ৰ’ৱেছিয়াত অনুষ্ঠিত ডব্লিউ টি টি ফিডাৰ ৱৰ্জদিন টেবুল টেনিছ প্ৰতিযোগিতাৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছত কালি জি সাতিয়ানে জাৰ্মানীৰ ফেলিক্স ৱেটজেলক ৩-১ ফলাফলত পৰাজিত কৰাৰ বিপৰীতে স্নেহিড সূৰৱাজ্জুলাই কাজাখস্তানৰ সাঝাৰ যুবান’ভক ৩-০ আৰু হৰমিত দেশায়ে দক্ষিণ কোৰিয়াৰ চো কীজঙক ৩-১ ফলাফলত পৰাভূত কৰে। একেদৰে মহিলাৰ ছিংগলছত ভাৰতৰ যশস্বিনী ঘোৰপড়েই ক্ৰ’ৱেছিয়াৰ মাটেজা জেগৰক ৩-০ পোনপটীয়া গেমত পৰাজিত কৰে। জি সাতিয়ান আৰু মণিকা বাঢ়াৰ ভাৰতীয় যুটিটো আজি মিক্সড ডাবলছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত শ্লোভাকিয়াৰ লুবোমিৰ পিষ্টেজ আৰু বাৰবোৰা বালাজোভাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।
Read More News : ↵
https://newsonair.gov.in/as/gujrat-congress-ls-election-candidate-list/
https://newsonair.gov.in/as/low-voting-eci-team-11-dist-meeting-delhi/
https://newsonair.gov.in/as/kazakhstan-international-challenge/