June 12, 2024 12:25 PM

যোগক নিজৰ জীৱনৰ অবিচ্ছেদ্য অংগ হিচাপে গঢ়ি তুলিবলৈ প্রধানমন্ত্ৰী মোডীৰ আহ্বান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যোগক নিজৰ জীৱনৰ অবিচ্ছেদ্য অংগ হিচাপে গঢ়ি তুলিবলৈ সকলোকে আহ্বান জনাইছে। অহা ২১ জুনত হ'বলগীয়া দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ পৰিপ্ৰেক্ষিতত সামাজিক মাধ্যমৰ এটা বার্তাযোগে প্রধানমন্ত্রীয়ে কয় যে যোগ হৈছে একতা আৰু সমন্বয়ক উদযাপন কৰা শাশ্বত অনুশীলন। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্ততো বিশেষ কাৰ্যসূচীৰ হাতত লোৱা হৈছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সামাজিক মাধ্যমৰ একাউণ্টৰ পৰা মোডী কা পৰিবাৰ বাক্যশাৰী আঁতৰ কৰিবলৈ জনসাধাৰণক অনুৰোধ জনাইছে। তেওঁ সাম...

June 8, 2024 6:39 PM

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ বিশেষ কাৰ্যসূচী

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ে যোগ সাধনাৰ ইতিবাচক দিশ সন্দৰ্ভত ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে কেতবোৰ বিশেষ কাৰ্যসূচীৰ প্ৰস্তুতি চলাইছে। কালি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ সচিব সঞ্জয় জাজু আৰু আয়ুস বৈদ্য ৰাজেশ কোটেশাই এই বছৰৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ লগত সংগতি ৰাখি প্ৰস্তুত কৰা কৰ্মসূচীসমূহ পৰ্যৱেশন কৰে। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ লগত সংগতি ৰাখি আকাশবাণী আৰু দূৰদৰ্শনে যোগ বিশেষজ্ঞৰ সাক্ষাৎকাৰ আৰু কেতবোৰ প্ৰাতঃ অনুষ্ঠানৰ পোনপটীয়া প্ৰচাৰ কৰিব ৷

June 8, 2024 2:52 PM

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ে বিশেষ কাৰ্যসূচীৰ প্ৰস্তুতি

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ে যোগ সাধনাৰ ইতিবাচক দিশ সন্দৰ্ভত ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে কেতবোৰ বিশেষ কাৰ্যসূচীৰ প্ৰস্তুতি চলাইছে। কালি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ সচিব সঞ্জয় জাজু আৰু আয়ুস বৈদ্য ৰাজেশ কোটেশাই এই বছৰৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ লগত সংগতি ৰাখি প্ৰস্তুত কৰা কৰ্মসূচীসমূহ পৰ্যৱেশন কৰে। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ লগত সংগতি ৰাখি আকাশবাণী আৰু দূৰদৰ্শনে যোগ বিশেষজ্ঞৰ সাক্ষাৎকাৰ আৰু কেতবোৰ প্ৰাতঃ অনুষ্ঠানৰ পোনপটীয়া প্ৰচাৰ কৰিব৷