June 21, 2024 12:37 PM

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে প্রাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ দেশবাসীলৈ শুভেচ্ছা

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে প্রাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। আকাশবাণীৰে হোৱা কথা-বতৰাত কোবিন্দে যোগসাধনাই জাতি-ধর্ম-বর্ণ নির্বিশেষ বিশ্বৰ বিভিন্ন দেশৰ মাজত যোগসূত্ৰ স্থাপন কৰে বুলি মন্তব্য আগবঢ়ায়। যোগে শৰীৰ, মন আৰু আত্মাক একত্ৰিত কৰে বুলিও প্রাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে মন্তব্য কৰে। যোগ কোনো বিশেষ ধৰ্ম অথবা বিশ্বাসৰ লগত জড়িত নাই বুলিও তেওঁ প্ৰকাশ কৰে।  

June 18, 2024 5:23 PM

শৰীৰ আৰু মনৰ বাবে অকল যোগাভ্যাসেই নহয়, বৰং শ্রীঅন্নৰূপে জনাজাত মিলেটৰ লেখীয়া শক্তিদায়ক খাদ্যও জৰুৰীঃ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গাঁও পঞ্চায়তৰ মুৰব্বীসকলক যোগাভ্যাস আৰু মিলেটৰ বিষয়ে সজাগতা সৃষ্টি কৰি সৰ্বাত্মক স্বাস্থ্যৰ বিষয়টো গণ আন্দোলনলৈ ৰূপান্তৰিত কৰিবলৈ আহ্বান জনাইছে। গাঁও পঞ্চায়তসমূহলৈ লিখা এখন পত্ৰত শ্ৰী মোদীয়ে কৈছে যে পঞ্চায়ত চৌহদ, বিদ্যালয়, অংগনৱাড়ী কেন্দ্ৰ, সমূহীয়া স্বাস্থ্য কেন্দ্ৰ আৰু এনেধৰণৰ আন স্থানত যোগ আধাৰিত কাৰ্যসূচীৰ আয়োজন কৰি জনসাধাৰণক বিশেষকৈ যুৱ প্ৰজন্মক দুঃশ্চিন্তামুক্ত জীৱনশৈলী আঁকোৱালি ল'বলৈ অনুপ্ৰাণিত কৰিব পাৰি। দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে গাঁও পঞ...

June 15, 2024 12:23 PM

কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত নেহৰু ষ্টেডিয়ামত জিলা পৰ্যায়ত যোগ দিৱসৰ আয়োজন

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে অহা ২১ জুনত কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত নেহৰু ষ্টেডিয়ামত জিলা পৰ্যায়ত যোগ দিৱসৰ আয়োজন কৰা হৈছে। এই যোগ দিৱসত ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই অংশগ্ৰহণ কৰিব। যোগ দিৱসৰ প্ৰস্তুতিক লৈ কালি কামৰূপ মহানগৰ জিলা আয়ুক্তৰ সভাকক্ষত অতিৰিক্ত জিলা আয়ুক্ত ত্ৰিদিব কোঁৱৰৰ সভাপতিত্বত এখন আলোচনা সভা অনুষ্ঠিত হয়। সভাত অতিৰিক্ত জিলা আয়ুক্তগৰাকীয়ে যোগ দিৱসৰ দিনা জিলা পৰ্যায়ত যোগাসন প্রতিযোগিতা অনুষ্ঠিত হোৱাৰ কথা প্রকাশ কৰে। মুঠ ৪টা শাখাত ক্ৰমে ১০ বছৰ তলৰ, ১০ৰ পৰা ১৮ ...

June 13, 2024 7:23 PM

দৈনন্দিন জীৱনশৈলী সুস্থ আৰু সুন্দৰ কৰি তোলাৰ বাবে যোগাভ্যাসৰ গুৰুত্ব সমগ্ৰ বিশ্বৰ জনসাধাৰণে উপলব্ধি কৰিছে

দৈনন্দিন জীৱনশৈলী সুস্থ আৰু সুন্দৰ কৰি তোলাৰ বাবে যোগাভ্যাসৰ গুৰুত্ব সমগ্ৰ বিশ্বৰ জনসাধাৰণে উপলব্ধি কৰিছে। ২০১৪ চনত ৰাষ্ট্ৰসংঘত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া ভাষণত এই বিষয়ে উত্থাপন কৰাৰ পাছতেই ২০১৫ চনৰ ২১ জুনৰ পৰা ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰস্তাৱ মৰ্মে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন আৰম্ভ কৰা হয়। বিশ্বৰ বিভিন্ন দেশে যোগৰ উপকাৰিতাক মান্যতা দিয়াৰ ফলত আন্তঃৰাষ্ট্ৰীয় স্তৰত যোগৰ গুৰুত্ব অধিক বৃদ্ধি পাইছে। ইফালে দেশৰ অন্যান্য ঠাইৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপ...

June 3, 2024 11:58 AM

৮-৯ জুনত গুৱাহাটীৰ জ্যোতিনগৰ কালি মন্দিৰ প্ৰাংগণত দুদিনীয়া যোগাভ্যাস কাৰ্যসূচী

অহা ২১ জুনত হ'বলগীয়া দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ সৈতে সংগতি ৰাখি ৮ আৰু ৯ জুনত গুৱাহাটীৰ জ্যোতিনগৰ কালি মন্দিৰ প্ৰাংগণত দুদিনীয়া যোগাভ্যাস কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ভাৰতীয় যোগ সংস্কৃতি আৰু যোগ থেৰাপি কেন্দ্ৰৰ উদ্যোগত তথা জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদ, জ্যোতিনগৰ আৰু সদৌ অসম যোগ মহাসংঘৰ সৌজন্যত এই যোগাভ্যাস কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই কাৰ্যসূচীৰ জৰিয়তে সুস্থ অভ্যাসৰ গঢ় দি সকলোকে নিজৰ শৰীৰ আৰু মনৰ যত্ন লোৱাৰ প্ৰতি উৎসাহিত কৰাৰ বাবে প্ৰয়াস কৰা হ'ব।