September 22, 2024 5:58 PM
নদী সুৰক্ষাৰ সচেতনতা বৃদ্ধিৰ লক্ষ্যৰে প্ৰতিবছৰে ছেপ্টেম্বৰ মাহৰ চতুৰ্থটো দেওবাৰ বিশ্ব নদী দিৱস হিচাপে পালন
আজি বিশ্ব নদী দিৱস। নদী সুৰক্ষাৰ প্ৰতি সচেতনতা বৃদ্ধিৰ লক্ষ্যৰে প্ৰতিবছৰৰ ছেপ্তেম্বৰ মাহৰ চতুৰ্থটো দেওবাৰে এই দিৱস পালন কৰা হয়। মানৱ সভ্যতা অতিজৰে পৰা নদী কেন্দ্ৰীক আৰু ইয়েই জনসাধাৰণৰ অৰ্থনৈতিক বুনিয়াদ নিৰ্মাণত সহায় কৰি আহিছে। সম্প্রতি জনসংখ্যা বিস্ফোৰণ, আধুনিকতা আৰু আন্তঃগাথনি নিৰ্মাণৰ বাবে বিভিন্ন কাৰ্যকলাপ আৰু পৰিবেশ প্ৰদূষণৰ ফলত নদীসমূহতো প্ৰদূষণ বৃদ্ধি পাইছে। ইয়াৰ ফলত বিভিন্ন জীৱন ধাৰা আৰু কলা সংস্কৃতিৰ ধাৰাবাহিকতা কঢ়িয়াই পলসেৰে ভূমি সাৰুৱা কৰা একোখন নদী কোনো কোনো সময়ত অস্তিত্বই হেৰ...