August 19, 2024 8:57 PM

আজি বিশ্ব ফটোগ্ৰাফী দিৱস

আজি বিশ্ব ফটোগ্ৰাফী দিৱস উদযাপন কৰা হৈছে। অসম সংগ্রহালয় সঞ্চালকালয়ে বিশ্ব ফটোগ্ৰাফী দিৱস উপলক্ষে অসম ৰাজ্যিক সংগ্ৰহালয়ত আজিৰেপৰা এখন বিশেষ প্ৰদৰ্শনীৰ আয়োজন কৰিছে। A saga in pictorials, resonance from the past শীর্ষক এই প্রদর্শনী অহা ৩০ চেপ্তেম্বৰলৈ চলিব। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে এই প্ৰদৰ্শনী আনুষ্ঠানিকভাৱে মুকলি কৰে। প্ৰদৰ্শনীখন মুকলি কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অতীতক সংৰক্ষণ কৰি ৰখা বহু উল্লেখনীয় আলোকচিত্ৰৰ সমাহাৰেৰে কলা-অনুৰাগী ৰাইজক নান্দনিক অনুভূতিৰে পুলকিত কৰিব। এই প্ৰদৰ্শনী সোমবাৰ...

August 18, 2024 7:00 PM

অসম ৰাজ্যিক সংগ্ৰহালয়ত বিশ্ব ফটোগ্ৰাফী দিৱস

অসম সংগ্রহালয় সঞ্চালকালয়ে বিশ্ব ফটোগ্ৰাফী দিৱস উপলক্ষে অসম ৰাজ্যিক সংগ্ৰহালয়ত কাইলৈ এখন বিশেষ প্ৰদৰ্শনীৰ আয়োজন কৰিছে। A saga in pictorials, resonance from the past শীর্ষক এই প্রদর্শনী অহা ৩০ চেপ্তেম্বৰলৈ চলিব। কাইলৈ শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে প্ৰদৰ্শনী আনুষ্ঠানিকভাৱে মুকলি কৰিব। এই প্ৰদৰ্শনী সোমবাৰ আৰু ৰাজহুৱা বন্ধৰ বাহিৰে প্ৰতি দিনে পুৱা ১০ বজাৰ পৰা বিয়লি ৫ বজালৈ জনসাধাৰণৰ বাবে মুকলি থাকিব।